• কিয় দমন, হত্যা, ভাবুকিৰ বলি সংখ্যালঘু যুৱক ! এক বিশ্লেষণ


    প্ৰসঙ্গ : আমছু নেতা সাজাহান আলী আহমেদক ভাবুকি

    ২০১৭ চনৰ ১ আগষ্টত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি লাফিকুল ইছলাম আহমেদক হত্যা কৰাৰ পিছত সমগ্ৰ ৰাজ্যতেই তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছিল৷ হত্যাকাণ্ডৰ চাৰি মাহ পাৰ হোৱাৰ পিছতো উক্ত হত্যাকাণ্ডৰ কোনো বিচাৰ নহ’ল৷ চিনাক্ত নহ’ল অপৰাধী৷ আন্দোলনো স্থবিৰ হৈ পৰিল৷ সাংবাদিক পৰাগ কুমাৰ দাসৰ পৰাই এই একে প্ৰক্ৰিয়া চলি আহিছে৷ লাফিকুলৰ হত্যাৰ পিছত এইবাৰ ফোনযোগে ভাবুকি প্ৰদান কৰা হ’ল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ শিক্ষা আৰু আলোচনী সম্পাদক, বলিষ্ঠ, প্ৰগতিশীল ছাত্ৰ নেতা, সাংবাদিক, প্ৰতিশ্ৰুতি সম্পন্ন কবি, যুৱ লেখক সাজাহান আলী আহমেদক৷ 
    যোৱা ২১ ডিচেম্বৰত সন্ধিয়া ৬.২০ বজাত +১৪০০০০০০০০০ নম্বৰৰ পৰা আহমেদৰ ব্যক্তিগত নম্বৰত ফোন আহে৷ ফোনত আহমেদক ‘লেকছাৰ বন্ধ কৰ’, অসুবিধা হ’ব, ৱাৰ্নিং হিচাপে দিছো, নিজে বুজি ল, তোৰ লগত সব যাব, বেয়া কৰিলে বেয়া হ’ব বুলি ভাবুকি দিয়ে৷ এই সংক্ৰান্তত আহমেদে বৰপেটাৰোড আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি ভাবুকি প্ৰদান কৰাজনক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী উত্থাপন কৰিছে৷ বিষয়টো সংবাদ মাধ্যমে গুৰুত্ব প্ৰদান নকৰিলেও ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে৷ এই চৰ্চা যিমানেই নচলক কিয় স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, প্ৰকৃততে সংখ্যালঘু সম্প্ৰদায়ৰ উঠি অহা যুৱ প্ৰজন্মৰ প্ৰতিশ্ৰুতি সম্পন্ন নেতাসকলক কিয় বাৰে বাৰে টাৰ্গেট কৰা হয়৷ আমি বিগত কিছু দিনৰ পৰা এটা কথা লক্ষ্য কৰি আছো যে নিৰ্যাতিত, শোষিত, বঞ্চিত, দৰিদ্ৰ জনতাৰ হকে মাত মতাসকলৰ নিজৰ জীৱনৰ নিৰাপত্তা নাইকীয়া হ’বলৈ আৰম্ভ হয়৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ২০১০ চনতেই ছাত্ৰ আন্দোলনত যোগদান কৰা সাজাহান আলী আহমেদে ২০১২ চনত ‘দৈনিক গণ অধিকাৰ’ কাকতৰ জৰিয়তে সাংবাদিকতা কৰি আছে৷ তেওঁৰ সম্পাদনাত বৰপেটাৰোডৰ পৰা ‘মাহেকীয়া ক্ৰান্তি’ নামৰ এখন আচোলনী প্ৰকাশ পাই আছে৷ 
    ২০১৪ চনৰ ১ আৰু ২ মে’ তাৰিখে বিটিচিৰ নৰশিংবাৰী, নাৰায়ণগুৰিত সংঘটিত নাৰকীয় হত্যাকাণ্ডৰ সময়ত তীব্ৰ আন্দোলনৰ কাৰ্যসূচীৰ নেতৃত্ব বহন কৰিছিল সাজাহানে৷ নাৰায়ণগুৰিৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰাৰ নেতৃত্ব বহন কৰাৰ সমান্তৰালকৈ একে চনৰে জুলাই মাহত বাক্সা জিলাৰ ছামথাইবাৰীত সংঘটিত হত্যাকাণ্ডৰ সময়ত আৰক্ষী-প্ৰশাসনে তেওঁক গ্ৰেপ্তাৰ কৰিছিল৷ তেওঁ ২০১৪ চনৰ নাৰকীয় হত্যাকাণ্ডৰ ওপৰত ‘বিষাদলেণ্ড নাৰায়ণগুৰি’ নামৰ এখন তথ্য সম্বলিত, গৱেষণামূলক গ্ৰন্থ ৰচনা কৰি মাইলৰ খুটি স্থাপন কৰিছে৷ তেওঁৰ নেতৃত্বত বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ ধাৰাবাহিক আন্দোলন হৈছিল৷ য’ত ২০১৫ চনৰ অক্টোবৰ মাহত আমৰণ অনশন কাৰ্যসূচী আছিল এখন উল্লেখযোগ্য আন্দোলন৷ ইয়াৰোপৰি তেওঁৰ নেতৃত্বত বাল্য বিবাহ প্ৰতিৰোধকে আদি কৰি পিছপৰা অঞ্চলত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা উদ্যোগ অনস্বীকাৰ্য৷ তেওঁ ‘জ্ঞানৰ দ্বাৰা পৰিচালিত সমাজ’ ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ বাবে সদায় কাম কৰি থকা বাবে আৰু নিজৰ স্বকীয় পৰিচয় থকা বাবেই সাংগঠনিক সতীৰ্থৰ সমান্তৰালকৈ সৰ্বসাধাৰণ ৰাইজ তথা অন্যান্য সংগঠনৰ কৰ্ম-কৰ্তাৰ লগতো মধুৰ সম্পৰ্ক আছে৷ এইগৰাকী ছাত্ৰ নেতাক শেহতীয়াকৈ মুখ বন্ধ কৰাৰ বাবে চৰম সকীয়নী প্ৰদান কৰাৰ পিছত স্বাভাৱিকতেই উত্থাপন হৈছে বহু প্ৰশ্ন আৰু সংখ্যালঘু সমাজৰ উত্তৰণৰ বাবে কাম কৰা মানুহৰ জীৱনৰ নিৰাপত্তাৰ যে নিশ্চয়তা নাই সেই কথাও স্পষ্ট হৈ পৰিছে৷ স্বাধীনতাৰ আগৰ পৰাই সদায় ত্যাগৰ মনোভাৱ পোষণ কৰি ৰখা দ্ৰাবিড়মূলীয় মিঞা মুছলমান বা ধৰ্মীয় সংখ্যালঘুসকলে সদায় শাসন যন্ত্ৰৰ পৰা লাঞ্চনা, বঞ্চনা আৰু বিশ্বাসঘাতকতা উপহাৰ হিচাপে পাই আহিছে৷ আনকি ভাৰত স্বাধীন হোৱাৰ পিছতো এইসকলৰ কোনো উন্নয়ন হোৱা নাই৷ এতিয়াও এইসকল লোকৰ শিক্ষাৰ হাৰ মাত্ৰ ১৯.৩২ শতাংশ৷ এই শিক্ষাৰ হাৰ বৃদ্ধি নোহোৱাৰ মূল কাৰণ কি সেই কথা বহলাই নক’লেও হ’ব যদিও এককথাত ক’বলৈ গ’লে শিক্ষিত সমাজে নিজৰ ভাল বেয়া বিচাৰ কৰিব পৰা সুবিধা মানুহৰ মাজত আহি পৰিব আৰু এইসকলক লৈ ৰাজনীতি কৰাসকলৰ ৰাজনীতি বন্ধ হ’ব৷ এই ধাৰা বন্ধ কৰাৰ বাবে সাজাহান আলী আহমেদে সদায় চিন্তা কৰে৷ সেই কথা তেওঁৰ কাম-কাজৰ পৰা বুজিব পাৰি৷ 
    তেওঁ নিজে যেনেদৰে জ্ঞানৰ পূজাৰী একেদৰে জ্ঞান দান কৰাতো কুন্ঠাবোধ নকৰে তেওঁ৷ সিযিকি নহওঁক লাফিকুল ইছলামৰ হত্যাৰ তদন্ত সঠিক দিশত আগনবঢ়াৰ বাবেই যে পুনৰ আৰু এগৰাকী সম্ভাৱনাময় ছাত্ৰ নেতাৰ জীৱনলৈ ভাবুকি অহা কাৰ্য নিশ্চয় চিন্তাৰ বিষয় হিচাপে বিবেচিত হৈছে৷ ছ’চিয়েল মিডিয়াত সাজাহান আলী আহমেদৰ যথেষ্ট গ্ৰহণযোগ্যতা থকাৰ বাবেই তেওঁৰ লেখনিয়ে বহু সময়ত ৰাজ্যৰ ৰাজনীতিতো প্ৰভাব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ তেওঁৰ প্ৰবন্ধতো আছে বিশেষ মাধুৰ্যতা৷ মিঞা ছিৰিজত দ্বিতীয়টো কবিতা লিখি ২০১৬ চনত এক নতুন চিন্তাৰ বাট মুকিল কৰিবলৈ সক্ষম হোৱা আহমেদৰ ‘মইও মিঞা’ শীৰ্ষক কবিতাটো অসম বিধান সভাত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে পাঠ কৰি সংখ্যালঘু সমাজৰ মৌলিক সমস্যা আৰু ত্যাগৰ ইতিহাস দাঙি ধৰি অধ্যক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷


    সাজাহনকেই কিয় টাৰ্গেট কৰিলে — 
    আমছুত বহু কেইজন ভাল ছাত্ৰ নেতা আছে৷ তাৰ পিছতো সাজাহানক কিয় ভাবুকি দিয়া হ’ল (?) সেই কথা ওপৰৰ চমু আলোচনাৰ পৰা পাঠক সমাজে নিশ্চয় বুজি পাইছে৷ যি জাতিৰ সাহিত্য নাইবা লোক সংস্কৃতিৰ সংৰক্ষণ নাই অথবা শিক্ষাৰ ক্ষেত্ৰত পিছ পৰা সেই জনগোষ্ঠী বা জাতি বা সম্প্ৰদায়ে কেতিয়াও প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে৷ নিজৰ অৱস্থাৰ পৰিৱৰ্তনৰ বাবে নিজে চিন্তা কৰিব পৰা লোকৰহে অৱস্থাৰ পৰিৱৰ্তন হয়৷ সেই পৰিৱৰ্তনৰ বাবে বৌদ্ধিকভাবে আৰু সকলোৰে মাজত সমিল-মিলেৰে জাতিটোক নেতৃত্ব প্ৰদান কৰিব লাগিব৷ সেই নেতৃত্ব বহন কৰিব পৰা গুণ তেওঁৰ ভিতৰ থকা বাবেই এইবাৰ তেওঁক টাৰ্গেট কৰা হ’ল বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷ মুঠতে দমনৰ ৰাজনীতিৰ লগত জড়িত লোকসকলৰ প্ৰতি প্ৰথম সন্দেহৰ আঙুলি যোৱাৰ সমান্তৰালকৈ তেওঁৰ বিভিন্ন আন্দোলন আৰু সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা বক্তব্যই যিসকল লোকৰ স্বাৰ্থ বিঘ্নিত হয় সেইসকল লোকৰো আক্ৰোশৰ বলি হোৱা বুলিও ক’ব পৰা যায়৷ এই সমস্ত ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত হ’লেহে প্ৰকৃত হত্য উদঘাটন কৰিব পৰা যাব যদিও সেই আশা ক্ষীণ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে আহমেদে শেহতীয়াকৈ ব্লগ আৰু ইউটিউবৰ জৰিয়তে নিজৰ বলিষ্ঠ মতামত ব্যক্ত কৰি আহিছে৷ বিশেষকৈ গোৱালপাৰাৰ খৰবুজাত ‘ডি’ ভোটাৰৰ সমস্যা সমাধানৰ দাবীত আন্দোলন কৰা লোকক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ ঘটনাৰ পিছৰ পৰাই তেওঁ ইউটিউবত নিয়মিয়াকৈ নিজৰ মত ব্যক্ত কৰি আহিছে৷ তেওঁৰ বক্তব্যই গুৰুত্ব লাভ কৰাৰ বাবেই অতি কম দিনৰ ভিতৰত তেওঁৰ নামত থকা ইউটিউব চেনেলটো বিশেষ জনপ্ৰিয় হৈ পৰে৷ তেওঁ লাফিকুল ইছলাম আহমেদৰ হত্যাৰ পিছত প্ৰতিটো ঘটনাৰ অতন্ত্ৰ প্ৰহৰী হিচাপে নিজৰ মতামত ব্যক্ত কৰাৰ লগতে জনমত গঠন কৰাৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰা দেখা গৈছিল আৰু শেহতীয়াকৈ চলা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে, নামনি অসমৰ শ্ৰমিকক মাজুলি, তিনিচুকীয়া বা উজনি অসমত তথাকথিত জাতীয়তাবাদী বীৰৰ আক্ৰমণৰ বলি হোৱাৰ পিছত বলিষ্ঠভাবে তেওঁ প্ৰতিবাদ কৰা দেখা গৈছে তেওঁৰ নিজৰ ইউটিউব একাউন্টৰ মাজেৰে৷ ইয়াৰ ফলত তেওঁক বাৰম্বাৰ ইউটিউবত একাংশ লোকে আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে৷ য’ত বহুবাৰ হত্যাৰ ভাবুকি দিয়া হৈছিল যদিও সেইবোৰ মন্তব্যক তেওঁ গুৰুত্ব প্ৰদান কৰা নাছিল৷ এইবাৰৰ ফোনকলে তেওঁৰ প্ৰতি যে সঁচাকৈয়ে এটা মহল ক্ষুব্ধ হৈ পৰিছে সেই কথা একপ্ৰকাৰ স্পষ্ট কৰি দিলে৷

    এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লগতে ৰাজ্যৰ প্ৰশাসন যন্ত্ৰক অনুৰোধ জনাও যে সাজাহান আলী আহমেদৰ দৰে প্ৰগতিশীল চিন্তাৰ যুৱকক ভাবুকি প্ৰদান কৰা বিষয়টো সহজভাৱে লোৱা বিষয় নহয়৷ কাৰণ ইতিপূৰ্বে এনে ভাবুকিয়ে কি ৰূপ লৈছে, লাফিকুল ইছলামৰ হত্যাকাণ্ডকে ধৰি আৰু কেতবোৰ ঘটনাই তাৰ প্ৰমাণ দাঙি ধৰিছে৷ শেষত একেদৰে সাজাহান আলী আহমেদকো আহ্বান জনাম, নিজৰ ধাৰা অব্যাহত ৰাখক৷ কাৰণ, আমি অসমীয়া আছো আপোনাৰ স’তে…৷
    ☎+919435983235  
    ✉  jamanur786@gmail.com
  • 0 comments:

    Post a Comment

    GET A FREE QUOTE NOW

    Lorem ipsum dolor sit amet, consectetuer adipiscing elit, sed diam nonummy nibh euismod tincidunt ut laoreet dolore magna aliquam erat volutpat.

    ADDRESS

    #B-II, House No. 6, Nilkamal Path, Hatigaon, Guwahati- 781038

    EMAIL

    jamanur786@mail.com
    bulbuljamanur@yahoo.com

    CELLPHONE

    +91 94 35 98 32 35

    TELEPHONE

    **********,