• সম্প্রীতিৰ এক উজ্জ্বল নিদর্শন ভৱানীপুৰীয়া শ্ৰীশ্ৰী গোপালদেৱ আতা স্থাপিত কালাবাৰ সত্ৰ

    • ছৈয়দ বুলবুল জামানুৰ হক 
    বৈষ্ণৱ ধৰ্মৰ কাল সংহতিৰ প্ৰৱৰ্তক তথা মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ অন্যতম প্রিয় শিষ্য ভৱানীপুৰীয়া শ্ৰীশ্ৰী গোপালদেৱ আতাই ভৱানীপুৰত সত্ৰ স্থাপন কৰাৰ পিছত কালঝাৰতো সত্ৰ স্থাপন কৰে। কালাঝাৰৰ এই সত্ৰখন বৰপেটা জিলাৰ পাকা বেতবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত তথা হাউলীৰ কালঝাৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত স্থাপিত। সত্ৰখনৰ নামত এতিয়াও প্রায় ১৮৯৩ বিঘা মাটি আছে। এটা সময়ত কালঝাৰৰ এই সত্ৰখন বহুত ডাঙৰ আছিল। কিন্তু মানৰ আক্রমণ আৰু ১৮৯৭ চনৰ ১২ জুনত নামনি অসমত হােৱা বৰ ভুইকপৰ ফলত সত্ৰখন থানবান হৈ পৰিছিল। ফলত সত্ৰখনৰ কাষত থকা বাসিন্দাসকলে কালঝিৰাপাৰা, গলিয়া আদি প্রান্তলৈ উঠি যায়। সত্ৰখনৰ পৰা প্ৰতিঘৰ বাসিন্দা জিলাখনৰ আন প্রান্তলৈ গুচি গ’লেও সত্ৰখনৰ স্বাৰ্থত একমাত্র বৃহস্পতি খাটনিয়াৰ নামৰ লোকজন উক্ত স্থানত ৰৈ গৈছিল আৰু তেতিয়া সত্ৰখন চােৱা-চিতা কৰিছিল। বৃহস্পতি খাটনিয়াৰৰ চতুর্থ বংশৰ দহটাকৈ পৰিয়ালে আজিও সত্ৰখন চােৱাচিত কৰি আছে। বৃহস্পতি খাটনিয়াৰৰ চতুর্থবংশ বনমালী খাটনিয়াৰৰ পুত্ৰ তথা ডেকা ভকত জোনদীপ খাটনিয়াৰে সম্প্রতি সত্ৰখনত নিয়মিতভাবে বন্তি প্রজ্বলন কৰে। ইয়াৰােপৰি এই দহঘৰ পৰিয়ালৰ লোকেই অনুস্তুপীয়াকৈ তিথি-পার্বন পালন কৰি আহিছে। সত্ৰখনৰ চিহ্নস্বৰূপে আছে মাথো ১৯৬৬ চনত উজনি অসমৰ ৰােহিনী বৰা নামৰ লোক এজনে নির্মাণ কৰা এটা মঠ। তাৰােপৰি কালঝাৰ সত্ৰত বকুল গছৰ এক ভগ্নাংশৱেষ সাধাৰণ তথা মুক্ত অৱস্থাত সংৰক্ষিত আছে। যি প্রায় ৪০০ বছৰ পুৰণি বুলি অনুমান কৰিব পাৰি। পৰৱৰ্তী সময়ত পঞ্চায়তৰ পৰা সত্ৰৰ মূল তোৰণৰ কাম কৰা হৈছিল যদিও সেয়া আজিও আধৰুৱা হৈয়েই থাকিল। ফলত সত্ৰখনক বিশ্ব দৰবাৰত উজলাই তোলাৰ উদ্দেশ্য আগত ৰাখি বৃহস্পতি খাটনিয়াৰৰ বংশধৰৰ লগতে কালাঝাৰ, হাউলী, ভৱানীপুৰকে ধৰি ভিন্ন প্রান্তৰ লোকক লৈ শ্ৰীশ্ৰী গোপালদেৱ আতা স্থাপিত কালঝাৰ সত্ৰ পুণঃনির্মাণ সমিতি নামৰ এখন সমিতি গঠন কৰা হয়। বর্তমান উক্ত সমিতিৰ কালঝাৰৰ প্ৰহলাদ কলিতাই সভাপতিৰ দায়িত্বত থকাৰ লগতে সম্পাদকৰ দায়িত্বত আছে ধনজিৎ খাটনিয়াৰ। সমিতিখনৰ অশেষ প্রচেষ্টাত সত্ৰখনত নাম-কীৰ্তনৰ বাবে বিভিন্ন প্রান্তৰ পৰা দান-বৰঙণিৰ সহায়ত ৰোহিনী বৰা নামৰ লোকজনে নির্মাণ কৰা মঠটােৰ কাষত এক নামঘৰ নিৰ্মাণ কৰি উলিওৱা হয়। চলিত বৰ্ষৰ ১২ ডিচেম্বৰত বৰপেটা সত্ৰৰ বুঢ়াসত্রীয়া শ্ৰী বশিষ্ঠ দেৱ শৰ্মাই এই নামঘৰৰ শুভ উদ্বোধন কৰে। 
    এইখিনিতে উল্লেখ কৰিব পাৰি যে, যি সময়ত বৰপেটা সত্ৰত মহিলা আৰু মুছলমান সম্প্রদায়ৰ প্ৰৱেশক লৈ ব্যাপক বিতর্ক হােৱা পৰিলক্ষিত হৈছে, তেনে সময়তে কালাঝাৰ সত্ৰই দাঙি ধৰিছে সম্প্রীতিৰ এক উজ্জ্বল নিদর্শন। এই সত্ৰত বিনাদ্বিধাই প্ৰৱেশ কৰিব পাৰে সকলো ধৰ্মৰ লোকে। সবাতোকৈ সুখৰ কথাটাে হ’ল, শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সমাধি ক্ষেত্ৰৰ বাবে কালঝাৰ অঞ্চলৰে প্ৰয়াত ছিদ্দিক আহমেদ নামৰ এগৰাকী ইছলাম ধর্মাৱলম্বী লোকে ১২ লেচা মাটি দান কৰিছে। 
    প্রায় নিঃশেষ হােৱাৰ পথত থকা এই সত্ৰখন ৰক্ষা কৰা তথা উজ্জীৱিত কৰাৰ স্বাৰ্থত কালঝাৰ সত্ৰৰ সমিতিখনে বিভিন্ন সময়ত সত্ৰ মহাসভা, শঙ্কৰ সংঘ, জিলা প্রশাসন, স্থানীয় জনপ্রতিনিধি, ৰাজ্য চৰকাৰক আবেদন-নিবেদন কৰি আহিছে। যদিও কোনো দিশৰে পৰা সফল হ’ব পৰা নাছিল। কালঝাৰৰ এই সত্ৰক লৈ সমিতিখনে কোনো কাৰণতে পিছুৱাই নাথাকি বৰপেটা সত্ৰৰ বুঢ়াসত্রীয়া শ্ৰী বশিষ্ঠ দেৱ শৰ্মাৰ সৈতে যোগাযোগ ৰাখিছিল। সমিতিৰ অনুৰােধ মৰ্মে বুঢ়াসত্রীয়া বশিষ্ঠ দেৱ শৰ্মাই কালঝাৰ সত্ৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। পৰৱৰ্তী সময়ত কালঝাৰ সত্ৰক লৈ আলোচনা কৰাৰ উদ্দেশ্যে প্ৰভু শৰ্মাই সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী জনাৰ্দন অধিকাৰীক লগত লৈ বিশিষ্ট সাহিত্যিক তথা বর্তমানৰ বৰপেটা জিলাৰ উপাযুক্ত থানেশ্বৰ মালাকাৰৰ সৈতে সাক্ষাৎ কৰে। সেই আলোচনাৰ পিছতেই কালঝাৰ সত্ৰখনক লৈ বিশেষ গুৰুত্ব আৰােপ কৰি উপায়ুক্ত মালাকাৰে কালঝাৰ সত্ৰ পৰিদৰ্শন কৰি সত্ৰখনক উজ্জীৱিত কৰি তোলাৰ স্বাৰ্থত স্থানীয় তথা ৩৫ নং উত্তৰ বেতবাৰী গাঁও পঞ্চায়তৰ সভাপতি শ্বাজাহান আলীক চৰকাৰীভাৱে আচনি গ্রহণ কৰিবলৈ নির্দেশ দিয়ে। উপায়ুক্তৰ নির্দেশৰ ভিত্তিত পাকা বেতবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মুনিন্দ্ৰ বায়ন আৰু গাঁও পঞ্চায়তৰ সভাপতি শ্বাজাহান আলীয়ে সত্ৰৰ সমিতিৰ সৈতে আলোচনাত মিলিত হৈ মুঠ ছয়টাকৈ আচনিৰ কাম হাতত লয়। 
     মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রাম্য নিয়োগ নিশ্চিত আচনি (এমজিএনৰােগ)ৰ অধীনত প্ৰতিটােৰে ১০ লাখ টকীয়াকৈ মুঠ ৬০ লাখ টকা ব্যায় সাপেক্ষে হাতত লোৱা এই আঁচনি ছয়টাৰ তিনিটা আঁচনি মূল সত্ৰ আৰু আন তিনিটা শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সমাধিস্থলীৰ। সত্ৰৰ মূল তােৰণ, সত্ৰলৈ যোৱা পথ আৰু মূল সত্ৰৰ চাৰিওপিনৰ বেৰ নিৰ্মাণৰ লগতে শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সমাধিক্ষেত্ৰৰ গৃহ, মাটি পেলোৱা আৰু চাৰিওপিনৰ বেৰ নিৰ্মাণকে ধৰি ধার্য হােৱা আচনি ছয়টাৰ ভিতৰত বৰ্তমানে সত্ৰলৈ যোৱা পথ আৰু মূল সত্ৰৰ চাৰিওপিনৰ বেৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। পাকা বেতবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মুনিন্দ্ৰ বায়নৰ প্ৰত্যক্ষ হস্তক্ষেপত চলি থকা এই আঁচনিৰ কামসমূহ সম্পূৰ্ণ হৈ উঠিলে কালঝাৰৰ এই সত্ৰই এক নতুন মাত্রা লাভ কৰিব। জনসাধাৰণৰ মাজত এই সত্ৰখনৰ প্ৰচাৰৰ ক্ষেত্ৰত চৰকাৰৰ বহুখিনিকৰণীয় আছে। ইয়াত এটা অতিথিশালা, সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কেন্দ্র গঠন কৰি তথা নামঘৰটােৰ পকীকৰণ আৰু যাতায়ত ব্যৱস্থা সুগম কৰিলে সত্ৰখনক পর্যটনস্থলী হিচাপেও গঢ়ি তুলিব পৰা যাব। নতুন বৰ্ষত অসম চৰকাৰৰ পৰ্যটন বিভাগে এই ক্ষেত্ৰত সু-পদক্ষেপ গ্রহণ কৰিব বুলি আমি আশাবাদী।
  • 0 comments:

    Post a Comment

    GET A FREE QUOTE NOW

    Lorem ipsum dolor sit amet, consectetuer adipiscing elit, sed diam nonummy nibh euismod tincidunt ut laoreet dolore magna aliquam erat volutpat.

    ADDRESS

    #B-II, House No. 6, Nilkamal Path, Hatigaon, Guwahati- 781038

    EMAIL

    jamanur786@mail.com
    bulbuljamanur@yahoo.com

    CELLPHONE

    +91 94 35 98 32 35

    TELEPHONE

    **********,