• ধিং এক্সপ্ৰেছ হিমা দাস হওঁক এক চানেকি, এক আদৰ্শ

    # ছৈয়দ বুলবুল জামানুৰ হক 

    স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দৰেই মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে৷ কেতিয়াবা মই মজদুৰৰ কাম কৰিছো, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়াৰ কাম৷ ...অতীত যিয়েই নহওক লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে৷ —আব্ৰাহাম লিংকন 


    সফলতাৰ বাবে যিদৰে প্ৰয়োজন প্রতিভা, ঠিক একেদৰে প্ৰতিভাৰ লগতে প্ৰয়োজন ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্রম৷ সেয়ে কোৱা বাহুল্য যে কেৱল প্রতিভাৰ জৰিয়তে সফলতা অর্জন কৰিব নোৱাৰি৷ সফলতাৰ বাবে প্ৰতিভাৰ উপৰি প্ৰয়োজন ধৈর্য, অধ্যাৱসায়, ইচ্ছাশক্তি আৰু পৰিশ্রম। এই আটাইবোৰে একেলগে ক্ৰিয়া কৰিলে সফলতাই এদিন যে দুৱাৰডলিত নিজে আহি উপস্থিত হ’ব সেয়া নিশ্চিত৷ সে্য়া পুৰুষেই হওক বা নাৰী৷ আজিৰ সমাজতো বিশেষকৈ ভাৰতৰ দৰে পুৰুষ প্ৰধান দেশত নাৰীক সদায় দুৰ্বল বুলি ভবা এক মানসিকতাই বিৰাজ কৰি আহিছে৷ শিক্ষা-দীক্ষাত আমাৰ দেশ অগ্ৰসৰ হলেও নাৰী-পুৰুষৰ লিঙ্গ বৈষম্য সেই হাৰত হ্ৰাস পোৱা নাই৷ তথাপিও নাৰী যে কোনো কাৰণতেই পিছ পৰি থকা নাই তাৰ অনেক উদাহৰণৰ মাজত অন্যতম এটি সফল নাম হিমা দাস৷ হিমা দাস এগৰাকী ভাৰতীয় দৌৰবিদ। তেওঁ বিশ্ব ট্ৰেক আৰু ফিল্ড ইভেণ্টত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁক ধিং এক্সপ্ৰেছ নামেৰে জনা যায়। 

    ২০০০ চনৰ ৯ জানুৱাৰীত নগাঁও জিলাৰ ধিঙত হিমাৰ জন্ম হয়। তেওঁৰ পিতৃ ৰঞ্জিত দাস আৰু মাতৃ জোনালী দাস। হিমা তেওঁলোকৰ ছয়জন সন্তানৰ ভিতৰত কণিষ্ঠতম। এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা। সৰ্বদিশতে পিছ পৰা নগাঁৱৰ কান্ধুলীমাৰী সেই গাঁৱত খেলৰ পৰিৱেশ নথকাৰ পাছতো হিমাই স্কুলীয়া দিনৰে পৰা ল'ৰাৰ লগত ফুটবল খেলাকে ধৰি নিজৰ সংগ্ৰাম অব্যাহত ৰাখিছিল৷ তাৰ পিছত তেওঁৰ প্ৰতিভা খেলুৱৈ তথা প্ৰশিক্ষক নিপন দাসে প্ৰত্যক্ষ কৰি এথলেটিক্সত অংশগ্ৰহণ কৰিবলৈ উদগনি যোগায়। জিলা ভিত্তিত খেলত অংশগ্ৰহণ কৰাৰ পিছত তেওঁৰ প্ৰশিক্ষণ আৰম্ভ হয়। তেওঁৰ প্ৰশিক্ষকে উন্নত প্ৰশিক্ষণৰ বাবে হিমাক গুৱাহাটীলৈ যাবলৈ পৰামৰ্শ আগবঢ়ায়। প্ৰথমে তেওঁৰ পৰিয়ালৰ লোকে এই বিষয়ে আপত্তি কৰিছিল যদিও পিছলৈ তেওঁ সৰুসজাই ষ্টেডিয়ামত প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰে। 

    কমনৱেলথ গেমছ কি জনা নাছিল হিমা৷ তেওঁ জানিছিল কেৱল দৌৰিবলৈ৷ যাৰ বাবে কমনৱেলথ গেমছ ফাইনেলত প্ৰৱেশ কৰিছিল হিমাই৷ তেওঁ ২০১৮ চনৰ এপ্ৰিলত অষ্ট্ৰেলিয়াৰ গোল্ডপোষ্টত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত দৌৰি দৌৰি মহিলাৰ ৪০০ মিটাৰ ৰেছ আৰু ৪×৪০০ মিটাৰ ৰিলে ৰেছ সম্পূৰ্ণ কৰিছিল। কমনৱেলথ গেমছত স্বৰ্ণ লাভ কৰিব নোৱাৰিলেও শ্ৰেষ্ঠ প্ৰদৰ্শন দি ষষ্ঠ স্থান দখল কৰিছিল অসমৰ হিমাই। অসমৰ দৌৰৰ ৰাণী হিমাই বিশ্বৰ অন্যতম সংযুক্ত খেলৰ প্ৰতিযোগিতা কমনৱেলথ গেমছত স্বৰ্ণ পদক আজুৰি আনিব নোৱাৰিলে৷ বহু জল্পনা-কল্পনাৰ অন্তত দৌৰৰ ৰাণী হিমাই ফাইনেলত প্ৰৱেশ কৰিছিল যদিও স্বৰ্ণ লাভ কৰিবলৈ সক্ষম নহ’ল৷ কমনৱেলথ গেমছৰ এথলেটিকছত দপদপাই অসমৰ হিমাই ফাইনেলত প্ৰৱেশৰ সফলতা লাভ কৰিছিল৷ প্ৰতিপক্ষক ধৰাশায়ী কৰি ছেমি ফাইনেল জয়ী হৈছিল হিমা৷ পূৰ্বে অনুমান কৰা অনুযায়ী হিমাই ফাইনেলত প্ৰৱেশ কৰিছিল৷ হিমাৰ সপোন আছিল কেৱল স্বৰ্ণ দখল কৰাৰ৷ কিন্তু বিশ্ব জয়ৰ কৰিব নোৱাৰিলেও হিমাৰ বিশ্ব জয়ৰ পৰা কিছু দূৰতহে যেন আছিল। হিমাই নিজৰ পূৰ্বৰ ৰেকৰ্ড ভাঙিলে সঁচা কিন্তু স্বৰ্ণ লাভ কৰিব নোৱাৰিলে যদিও ৫১.৩২ ছেকেণ্ডত ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত তেওঁ ফাইনেল পৰ্যন্ত আগবাঢ়ি ষষ্ঠ স্থান লাভ কৰি এক ইতিহাস সৃষ্টি কৰিছিল অসম কন্যাই। আনহাতে ৪×৪০০ মিটাৰ ৰিলে ৰেছত তেওঁ ভাৰতীয় দলৰ অংশ আছিল আৰু ফাইনেলত তেওঁলোকে সপ্তম স্থান লাভ কৰে। 

    হিমাই ২০১৮ চনৰ জুলাইত ফিনলেণ্ডৰ টেম্পায়াৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স সন্থাৰ বিশ্ব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ট্ৰেক ইভেণ্টত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে কৃতিত্ব অৰ্জন কৰে। এই ইভেণ্টত তেওঁ ৫১.৪৬ ছেকেণ্ড সময় লয়। অনূৰ্ধ্ব ২০ বিশ্ব মিটত স্বৰ্ণ জয় কৰি নতুন ইতিহাস ৰচনা কৰা অসম কন্যা হিমা দাসৰ পূৰ্বে দেশৰ কোনে এথলিট তথা কোনো ভাৰতীয় খেলুৱৈ ট্ৰেক অন ফিল্ডত সোণৰ পদক আহৰণ কৰিবলৈ সক্ষম হোৱা নাছিল৷ 

    ২০১৮ চনৰ অক্টোবৰ-ছেপ্টেম্বৰত ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্তাত অনুষ্ঠিত এছিয়ান গেমছ ২০১৮ৰ মহিলাৰ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ ৫১.০০ ছেকেণ্ডৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি দ্বিতীয় স্থানত থাকি পৰৱৰ্তী পৰ্যায়লৈ নিৰ্বাচিত হয়। ২০১৮ চনৰ ২৬ আগষ্টত তেওঁ আকৌ নিজৰেই ৰাষ্ট্ৰীয় অভিলেখ ভাঙি ৫০.৭৯ ছেকেণ্ডেৰে চূড়ান্ত প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে। ইয়াৰোপৰি ৪×৪০০ মিটাৰ মহিলা ৰিলে আৰু মিশ্ৰিত ৰিলে ৰেছত তেওঁ ভাৰতীয় দলৰ অংশ হিচাপে ক্ৰমে সোণ আৰু ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷ 

    ইয়াৰোপৰি ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে ৰাজ্যিক, আন্তঃৰাজ্যিক আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত আৰু একাধিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়৷ ইয়াৰে— 
    ৫৮ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছত স্বৰ্ণঃ 
    গুৱাহাটী মহানগৰীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী ষ্টেডিয়ামত ২০১৮ চনৰ মে’ত অনুষ্ঠিত ৫৮ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছত ২০০ মিটাৰ আৰু ৪০০ মিটাৰ দৌৰত অসমৰ দৌৰৰ ৰাণী হিমা দাসে স্বৰ্ণ পদক লাভ কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনে৷ 

    ৰাজ্যিক পৰ্যায়ত সফলতাঃ 
    হিমাই পূৰ্বে জিলা আৰু ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত এথলেটিকছ প্ৰতিযোগিতাত বিশেষ সফলতা লাভ কৰাৰ পিছত খেল ইণ্ডিয়া, ৰাষ্ট্ৰীয় স্কুল গেমছ আৰু য়ুথ গেমছত ২০০ মিটাৰ দৌৰত দ্বিতীয় স্থান দখল কৰি ৰূপৰ পদক আৰু ১০০ মিটাৰ দৌৰত তৃতীয় স্থান লাভেৰে ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল৷ 

    বিশ্ব স্কুল এথলেটিকছ চেম্পিয়নশ্বিপঃ 
    বিশ্ব স্কুল এথলেটিকছ চেম্পিয়নশ্বিপত ২০০ মিটাৰত ভাৰতক প্ৰতিনিধিত্ব কৰি ৫ম স্থান দখল কৰিছিল হিমা দাসে৷ 

    ১৮ অনুৰ্ধ্ব এথলেটিকছঃ 
    কেনিয়াৰ নাইৰোবিত ২০১৭ চনত ১২ জুলাইৰ পৰা অনুষ্ঠিত হোৱা বিশ্ব ১৮ অনুৰ্ধ এথলেটিকছ প্ৰতিযোগিতাত নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শনেৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। সেই সময়ত ভাৰতীয় দলত স্থান লাভ কৰিছিল হিমাই৷ জুনিয়ৰ পৰ্যায়ৰ এই বিশ্ব স্তৰৰ প্ৰতিযোগীতাত দুশ মিটাৰ দৌৰত (প্ৰথম ৰাউণ্ডত) ২৪.৩৯ চেকেণ্ড সময় লৈ বিশ্বৰ ভিতৰতে ৫নং ৰেংকিঙত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। 

    ৰাষ্ট্ৰীয় য়ুথ চেম্পিয়নশ্বিপঃ 
    ২০১৭ চনৰ এপ্ৰিলত হায়দৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় য়ুথ চেম্পিয়নশ্বিপত ১২.৬৫ ছেকেণ্ডেৰে এশ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক আৰু ২৫.৮৫ ছেকেণ্ডেৰে দুশ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছিল। 

    দ্বিতীয় এছিয়ান য়ুথ এথলেটিকছঃ 
    ২০১৭ চনৰ মে’ত ২০-২৩ মে’লৈ থাইলেণ্ডত অনুষ্ঠিত হোৱা দ্বিতীয় এছিয়ান য়ুথ এথলেটিকছ প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল হিমা দাসে৷ ২০০ মিটাৰ দৌৰত ২৫.০৫ ছেকেণ্ড সময়েৰে সপ্তম স্থান দখল কৰিবলৈ সক্ষম হয়৷ হিমা দাসে সেই সময়সীমাৰ ১০ ছেকেণ্ড পূৰ্বেই দৌৰ সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হয়৷ 

    ৬২ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছঃ 
    দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাবান খেলুৱৈ হিমা দাসে ২০১৭ চনৰ জানুৱাৰীত গুজৰাটৰ বদোদৰাত অনুস্থিত ৬২ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ এথলেটিকছত ১৭ অনুৰ্ধ ছোৱালী শাখাৰ দুশ মিটাৰ দৌৰত ৰূপৰ আৰু এশ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিছিল। 

    ৰাজ্যখনৰ চুকে-কোণে হয়তো এনে বহুতো হিমা দাস আছে৷ সেইসকলৰো প্ৰতিভাৰ উপৰি ধৈর্য, অধ্যাৱসায়, ইচ্ছাশক্তি আৰু পৰিশ্রমো আছে৷ হয়তো নাই মাথো নিপন দাসৰ দৰে প্ৰশিক্ষক আৰু উপযুক্ত মঞ্চ৷ লগতে হিমা দাসৰ প্ৰথমাৱস্থাৰ দৰেই নাৰী বুলিয়েই হয়তো আজিও পিছলৈ ঠেলি থকা হৈছে৷ সেইসকলৰ বাবে ধিং এক্সপ্ৰেছ হিমা দাস হওক এক চানেকি, এক আদৰ্শ৷ 

    ফোন : +৯১ ৯৪৩৫৯৮৩২৩৫ 
    ই-মেইলঃ Jamanur786@gmail.com



  • 0 comments:

    Post a Comment

    GET A FREE QUOTE NOW

    Lorem ipsum dolor sit amet, consectetuer adipiscing elit, sed diam nonummy nibh euismod tincidunt ut laoreet dolore magna aliquam erat volutpat.

    ADDRESS

    #B-II, House No. 6, Nilkamal Path, Hatigaon, Guwahati- 781038

    EMAIL

    jamanur786@mail.com
    bulbuljamanur@yahoo.com

    CELLPHONE

    +91 94 35 98 32 35

    TELEPHONE

    **********,