• কোন পথে গতি কৰিছে আজিৰ ছাত্র সংগঠন


    @ ছৈয়দ বুলবুল জামানুৰ হক 
    লেখনিৰ প্ৰাৰম্ভণিতেই বৰ দুখেৰে উপস্থাপন কৰিবলৈ বাধ্য হৈছাে যে— সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ (আমছু)ৰ ১৪তম খাৰুপেটীয়া অধিৱেশনত ২ এপ্রিলৰ নৱ প্রজন্মৰ উদীয়মান বুদ্ধিজীৱী সন্মিলন’ শীর্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে এই সংগঠনৰ মূৰব্বী আজিজুৰ ৰহমান ডাঙৰীয়াই মােক মৌখিকভাৱে নিমন্ত্রণ (যদিও নিমন্ত্ৰণী পত্ৰখনত মােৰ নাম সন্নিবিষ্ট কৰা নাই) দিয়াৰ লগতে অনুষ্ঠানত অংশগ্রহণ কৰি দিবলগীয়া ভাষণ লিখিত আকাৰে দিয়াটো ভাল বুলি উল্লেখ কৰিছিল। কিন্তু মােৰ ব্যক্তিগত অভিমত অনুসৰি নিমন্ত্রণ প্রক্রিয়া আৰু আলােচ্য বিষয়টো সন্তোষজনক নােহােৱাত অনুষ্ঠানত অংশগ্রহণ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিলাে যদিও তেখেতৰ সন্মানক উপেক্ষা কৰিব নােৱাৰি মােৰ ভাষণৰ লিখিত ৰূপ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিলাে।
    গভীৰভাৱে উপলব্ধি নকৰিলেও জলজল-পটপট কৈ অনুভৱৰ সমীৰেখাত স্পষ্টকৈ ভাহি উঠে আমাৰ ৰাজ্যৰ মাতৃসকলৰ গৰ্ভত থকা ভ্রণ সকলেও মাক বাপেকৰ বিৰুদ্ধে আন্দোলন কৰি বিজয় সাব্যস্ত কৰিহে পৃথিৱীত আহিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। দূর্বলৰ ওপৰত বলীৰ আক্রমণ প্রতিহত কৰাৰ কাৰণে দূর্বলে অকলে নােৱাৰিলে ঐক্যবদ্ধ হৈ সমূহীয়াভাৱে আন্দোলন কৰিবলগীয়া হয়, এয়াই বর্তমান বিধান। কিন্তু মাকৰ গৰ্ভত থকা বেছিভাগ অসহায়া কন্যা ভ্রণটিয়ে মাক বাপেকৰ লগত বলে নােৱাৰি অকৃতকাৰ্য্য হােৱাৰ লাজতে পৃথিৱীক মুখ নেদেখুৱায়। যি দেশত/যি ৰাজ্যত/যত গর্ভস্থ জ্বণেও বিনা আন্দোলনত পৃথিৱীত আহিব নােৱাৰে, তাত/সেই ৰাজ্যত/সেই দেশত/ সেই সমাজত বাহ্যিক ক্ষেত্ৰত আন্দোলনৰ প্রয়ােজনীয়তা/বিশালতা/ গভীৰতা/দায়বদ্ধতা/কৃতকার্যত কিমান দূৰ হ’ব পাৰে, তাক অনুমান কৰি সঠিকভাৱে ক'ব পৰা ভাষা মােৰ কণ্ঠততাে নাইয়েই আৰু যে কাৰােবাৰ আছে সেয়াও বিশ্বাসযােগ্য কথা নহয়। মানুহৰ কথা বাদেই, বন্য জীৱ-জন্তুৰ আন্দোলনেও কেতিয়াবা কেতিয়াবা পথচাৰিৰ যাত্রাপথৰ প্রতিবন্ধকতা ৰূপে থিয় দিয়া আমাৰ দেশ/আমাৰ ৰাজ্যত স্বাভাৱিক বিষয়ত পৰিণত হৈছে। মুঠতে দেশত আন্দোলন আৰু আন্দোলন।হয়, গণতান্ত্রিক দেশত আন্দোলনৰ গত্যন্তৰ নাই। কিন্তু সেয়া হ'ব লাগিব গণতান্ত্রিক পদ্ধতি মৰ্ম্মে অর্থাৎ দেশীয় গণতান্ত্রিক আইন অনুযায়ী। এয়া অনস্বীকার্য যে, আন্দোলনকাৰীসকলক ঐক্যৱদ্ধৰ প্ৰয়ােজনীয়তালৈ লক্ষ্য ৰাখি লগতে বিভিন্ন কাম-কাজত সহায়ক হােৱাকৈ শীৰ্ষৰ পৰা তৃণমূল পর্যায়লৈকে গঠন কৰা কমিটীক বা কমিটীসমূহৰ সমষ্টিক সংগঠন বুলি বােলা সাধাৰণ মানুহৰ ধাৰণাৰ বহিঃপ্রকাশ। 
    আজিৰ আলােচ্য বিষয় ছাত্র সংগঠন। ছাত্র সংগঠন মানে ইংৰাজীত যাক কোৱা হয়— Student Union এই Student Union আজি এটা সূত্ৰৰ ওপৰতে প্রতিষ্ঠিত। ইংৰাজীত যাক কোৱা হয় to the student, by the student, for the student. ইয়াৰ মৰ্মার্থ অসমীয়া ভাষাত এই সংগঠন কেৱল ছাত্ৰৰ দ্বাৰা, ছাত্ৰৰ আৰু কেৱল ছাত্ৰৰ বাবে। ইয়াৰ মূলতে ছাত্ৰৰ সমস্যা ছাত্ৰই বুজিব। সিহঁতবােৰ মাথাে অধ্যয়নৰ ক্ষেত্ৰত পােৱা নােপােৱাক লৈ আন্দোলন কৰাটোৱেই বিধান। যিহেতু এই সংগঠনৰ আওতাত থকা সকলাে সভ্যই শিক্ষিত। সেয়ে ভাল-বেয়া সততে তেওঁলােকৰ দৃষ্টিত দৃষ্টি গােচৰ হয় অতি অনায়াসে। সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ বাহিৰেও আমাৰ ৰাজ্যত বহুতাে ছাত্ৰ সন্থা বা ছাত্র সংগঠন আছে। মই বিশেষকৈ আছু (সদৌ অসম ছাত্ৰ সন্থা) আৰু আমছু (সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন)ৰ বিষয়ে দুআষাৰ মান ক’বলৈ ওলাইছাে। ঘৰত মাক বাপেকৰ অসুখ (বেমাৰ-আজাৰ) হ'লে— কোন চিকিৎসকৰ ওচৰত নিব লাগে, কত নিব লাগে, কি কৰিব লাগে সেয়া সমূদায় দায়-দায়িত্ব প্রত্যক্ষভাৱে শিক্ষিত ল’ৰাৰ ওপৰতে পৰে। তদ্রুপ গাঁও এখন/সমাজ এখন দেশ এখন বিপদৰ সন্মুখীন হলে, কিবা বিপর্যায়ৰ সন্মুখীন হলে গাঁৱৰ সমাজৰ শিক্ষিত ছাত্র-ছাত্রীবােৰ, শিক্ষিত মানুহবােৰে তাৰ মােকাবেলা কৰি সেই। বিপদৰ পৰা হাত সাৰিবলৈ উপায় অৱলম্বন কৰি কৰ্ম কৰি যায় আৰু কৰ্ম কৰি যােৱাটোৱেই নিয়ম। আমছুৱে ৰাজ্যৰ ‘ডি’ ভােটাৰ সম্পর্কে বলিষ্ঠ আন্দোলনৰ মাধ্যমেৰে তেওঁলােকে যথেষ্ট কষ্ট কৰি সুন্দৰ পদক্ষেপ গ্রহণ কৰিছে। তেওঁলােকৰ কৰণীয়খিনি কৰিছে। মানে এয়া তেওঁলােকৰ পৱিত্র কর্তব্য পালন কৰিছে। ইয়াৰ বাবে তেওঁলােক প্রশংসাৰ দাবীদাৰ, লগতে বাল্যবিবাহ সম্পর্কে তেওঁলােকে অব্যাহত ৰখা সজগতাই এখন সুস্থ-সবল সমাজ গঢ়াৰ ক্ষেত্ৰত এটি অতি কঠিন কাম অতি সহজে কৰিছে। এই ক্ষেত্ৰতাে আমছু প্রশংসাৰ দাবীদাৰ, ধন্যবাদ পাত্র। শলাগৰ শৰাই প্রাপ্যৰ যােগ্যতা অর্জন কৰিছে আমছুৱে বিনা দ্বিধায়। 
    প্রয়ােজনৰ খাতিৰত আকৌ এবাৰ উল্লেখ কৰিছো Student Union to the student, by the student and for the student. সচৰাচৰ প্ৰত্যক্ষানুযায়ী উপলব্দি হৈছে এইসূত্ৰটোৱে (Definition) আমাৰ এই Student Unionত পৰিপূৰ্ণভাৱে কাৰ্যকৰানাই। লক্ষ্য কৰি পােৱা তথ্য মতে ছাত্ৰৰ তালিকা বহির্ভূত বহুতাে অ-ছাত্ৰই সংগঠনবােৰত অন্তর্ভূক্ত হৈ বিভিন্ন বিষয়বাবেৰে বিভূষিত হৈ জাকত-জিলিকাৰে জিলিকি আছে। ছাত্ৰ আৰু অ-ছাত্ৰৰ মাজত যে আকাশ-পাতাল তথা দিন আৰু ৰাতিৰ দৰে পার্থক্য আছে সেয়া হয়তাে ছাত্ৰসকলে বুজিব পৰা নাই যিটো ছাত্ৰসকলে আজি ভৱা উচিত। সন্তানে পিতৃ-মাতৃৰ বিচাৰ কৰাৰ অধিকাৰ ক’ত পালে! সমাজত বিচাৰ কৰি ফুৰাৰ অধিকাৰ ছাত্র সংগঠনে ক’ত পালে, কোনে দিলে তেওঁলােকক এই অধিকাৰ! ছাত্র সংগঠন। নাম ফলক আঁৰি অন্তৰকক্ষত বিচাৰালয় খুলি জজ (ন্যায়াধীশ) হৈ বিচাৰ কৰাৰ অনুমতি ক’ত পালে, কোনে দিলে? ছাত্ৰসকলক অধ্যয়ন কৰিবলৈ দিয়া হৈছে, দূর্নীতিৰ লগত আপােচ কৰি বক্ৰ বাটেৰে ধন উপাৰজন কৰিবলৈ দিয়া হােৱা নাই। ভূত খেদা সৰিয়হতেই ভূতৰ বাসস্থলি থকা পৰিলক্ষিত হৈছে। অসামাজিক কাম কাজ তথা কুসংস্কাৰসমূহ যদি এই ছাত্র সংগঠনৰ দ্বাৰাই সংগঠিত হয়, তেন্তে এই সংগঠনৰ প্ৰমূল্যবােধ কিমানখিনি থাকিব সেয়া ছাত্ৰৰ কর্ণধাৰসকলে ভৱা উচিত হ'ব। অহংকাৰ পতনৰ মূল চাবিকাঠি বুলি থকা কথাষাৰ সদায় মনত ৰখা উচিত হ’ব, কাৰণ আজিৰ ছাত্ৰই অহাকালিৰ ছাত্ৰৰ আদর্শ। সেই আদর্শ অটুট ৰাখিবলৈ ছাত্ৰসকলক/ছাত্র সংগঠনক অনুৰােধ কৰিছাে। 
    ছাত্ৰসকলে মানি লােৱা উচিত হ’ব যে সমাজত অসামাজিক কামসমূহ ছাত্ৰসকলৰ দ্বাৰা সংগঠিত হােৱা নাই। এয়া হৈছে ম’ৰা চৰাইৰ পাখি পিঠিত গুজি কাউৰীয়ে ৰজা হােৱা লেখীয়া হৈ বিয়াবাৰু পাতি, সংসাৰ যাত্রা অব্যাহত ৰখা শীৰ্ষৰ পৰা তৃণমূল পর্যায়লৈকে উচ্চ-উচ্চ বিষয়বাব আদিৰে বিভূষীত হৈ থকা কিছু সংখ্যক অ-ছাত্ৰৰ কাৰ্য। সেইসকলে এই সংগঠনটোক তেওঁলােকৰ পৰিয়ালৰ জীৱিকাৰ মাধ্যম হিচাপে বাচি লৈছে। তেওঁলােকে এনেকুৱা অভিনয় কৰিছে যেন— তেওঁলােক অবিহনে এই ছাত্র সংগঠনটো তুচ্ছ। তেওঁলােক ব্যতীত এই পৃথিৱীখনেই স্থবিৰ হৈ যাব বুলি তেওঁলােকৰ বাকচাতুৰ্য্যতাই প্রমাণ কৰে। গতিকে এই ক্ষেত্ৰত সময় থাকোতে অগছাখিনি নিকানি কৰি খেতিৰ সীমাত দমাই থােৱা উচিত হ'ব তেহে খেতিত ফচল ভাল হ’ব। 
    পাহৰি যােৱা উচিত নহ’ব যে, সংগঠন কৰা বা সংগঠন পৰিচালনা কৰাও শিক্ষাৰ এটি অবিচ্ছেদ্য অংগ। সেয়ে নতুন নতুন ছাত্ৰবােৰ এই শিক্ষা গ্ৰহণৰ সুযােগ লভ্যার্থে শীর্ষ কমিটিৰ পৰা তৃণমূললৈকে নির্দিষ্ট সময়ৰ অন্তৰত সমূহ নতুন ছাত্ৰৰ সমাৱেশেৰে কমিটীসমূহ পূর্ণাংগ কৰণৰ বিধান প্রনয়নৰ যথেষ্ট প্রয়ােজন আছে। অন্যথা ধুৰ্ত্তই কঠাল খাই মুক (বােবা)ৰ মুখত এঠা লগাই সর্বদোষ নন্দ ঘােষক জাপি দিয়া লেখীয়া হ'ব আৰু ছাত্ৰসকলে তাৰ তৎ ধৰিবই নােৱাৰিব। অ-ছাত্রই ধনৰ টোপােলা আদান প্রদানৰ জৰিয়তে ছাত্র সংগঠনৰ বিভিন্ন বিষয়বাব অধিগ্রহণ কৰা খবৰ ইতিপূর্বেই ৰাইজৰ দৃষ্টি গােচৰ হৈছে। সেয়া ৰােধ নকৰিলে এই সংগঠন কোনাে পধ্যে কোনাে কালে নিকা নহ'ব। মই এয়াও অবিদিত নহওঁ যে, মােৰ লেখনি প্রকাশ হােৱাৰ লগে লগে তথাকথিত বিষয় বাবেৰে পৰিশােভিত ছাত্র সংগঠনটোক নিজৰ পৈতৃক সম্পত্তি বুলি ভাবাপন্ন বয়সপ্রাপ্ত অছাত্ৰ কেইটাই সর্বশক্তি প্রয়ােগৰ উপৰিও যুদংদেহী মনােভাৱৰে অবশেষত সমর্থবান দাঁতেৰে টানকৈ কামুৰি ধৰি নিজৰ স্থিতি বাহাল ৰাখিবলৈ নাইবা তাৰ উচ্চাসনটো লভিবলৈ ত্রুটি নকৰিব। 
    উল্লেখ কৰা বাহুল্য যে ছাত্র সংগঠন কেতিয়াও কোনাে ৰাজনৈতিক দলৰ পকেটস্থ হােৱা উচিত নহয়। কিন্তু আমাৰ ৰাজ্যৰ এই ছাত্র সংগঠনসমূহক প্রায়ে নির্দিষ্ট কোনাে এক ৰাজনৈতিক দলৰ ছত্রছায়াত উঠ-বহ কৰা দেখা যায়। এয়া অশুভ লক্ষণ। সংগঠনৰ নেতৃত্বই অর্থৰ লােভত হৰ্ছ-ট্রেডিং হােৱা বিষয়টোৱে সেই জাতি বা জনগােষ্ঠীক লজ্জানত কৰি পেলােৱা এই জঘন্যতম পৰিঘটনাৰ পৰিসমাপ্তি কেতিয়াবা ঘটিবনে? 
    এতিয়া এষাৰি কথা বিশ্লেষণৰ মাজেৰে সামৰণি পর্বলৈ ধ্বাৱিত হৈছে। ছাত্র বা ছাত্র সংগঠন জড়িত থকা যিকোনাে সভা-সমিতিৰ মঞ্চত ব্রেকডেঞ্চৰ পয়ােভৰ কমাই সমাজৰ দাপােন স্বৰূপ সৰু-বৰ নাটক মঞ্চস্থ কৰাৰ সপক্ষে এক বিশেষ জাগৰণৰ সৃষ্টি কৰিব পাৰে। যিটোৱে ছাত্ৰ-ছাত্ৰীক প্রয়ােজনীয় ক্ষেত্ৰত ভাষা শুদ্ধকৈ ক'ব পৰা ক্ষমতা অর্জন কৰাৰ লগতে সমাজৰ বাস্তৱ ছবি সমাজৰ আগত দাঙি ধৰিবলৈ এক সুবর্ণ সুযোেগ লাভ কৰিব। নাটক হ’ল সমাজৰ ভুল-ত্রুটি, চ্যুতি-বিচ্যুতি চিহ্নিত কৰাৰ মাধ্যম আৰু সেইবােৰ শুধৰােৱাৰ মাধ্যম। সেয়ে এয়া এটি ফলদায়ক পদক্ষেপ। ইয়াৰ লগত সংগতি ৰাখি আৰু এষাৰি কথা উনুকিয়াৱ বিচাৰিছোঁ সেয়া হ’ল—বাহিৰৰ শিল্পী ভাড়া কৰি আনি হেজাৰ হেজাৰ টকা দি ২-৪ টা গীত শুনাৰ সমান্তৰালকৈ স্থানীয় ল'ৰা-ছােৱালী, ছাত্র-ছাত্ৰীক অকনমান প্ৰেৰণা দানে সেইসকলক অগ্রগতিৰ দিশত আগবঢ়াই দিয়া ছাত্র সংগঠনৰ একান্ত উচিত আৰু নৈতিক দায়িত্ব বুলিও ভৱাৰ থল আছে। 
    হয় ভাল লাগিছে। এবাৰ প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আমােলত পৰীক্ষাত উচ্চহাৰত নম্বৰ লাভ কৰোঁতা ছাত্ৰ-ছাত্ৰী সকলক নাছা’লৈ পঠিওৱাৰ ক্ষেত্ৰত মুছলমান সম্প্রদায়ৰ ছাত্ৰজনে পইচাৰ অভাৱত যাব নােৱাৰা পৰিস্থিতিত সহযাত্রী ছাত্ৰসকলে তাক থৈ যােৱাৰ পিছত আছু আৰু আমছুৰ ঐকান্তিক প্রচেষ্টাৰ ফলত ছাত্ৰজনে নাছালৈ যােৱাৰ এই প্রক্রিয়াটো সঁচাকৈ আছু আৰু আমছুৰ এই কার্য শলাগিবলগীয়া বিষয়। 
    ছাত্ৰৰ কোমল বয়সৰ পৰা বৃদ্ধাৱস্থালৈকে অর্থাৎ পিতৃত্বৰ উপৰিও ককা-আজুককা হােৱা বয়সলৈকে ছাত্র সংগঠনৰ বিষয়বাবত একেজনেই যদি বহি থাকে তেন্তে অইন ছাত্ৰই এই জ্ঞান লাভ কৰাৰ সুযােগ কেতিয়া পাব? গতিকে এই বৃদ্ধ চামে লাহে কৰি বিষয়বাব সমূহ নতুন চামৰ ছাত্ৰ-ছাত্ৰীৰ হাতত প্রদান কৰি তাৰ চাৰিওফালে উপদেষ্টা হৈ তীক্ষ দৃষ্টিৰে নিৰীক্ষণ কৰি সংগঠনটোক আগুৱাই লৈ যােৱাই বর্তমানৰ এই তৃণমূলৰ পৰা শীর্ষ কমিটীসমূহত থকা পৰিপক্কতাপুষ্ট নেতৃত্বৰ উচিত। 
    এই সংগঠনৰ স্বাৰ্থত, দেশ,ৰাজ্য তথা সমাজৰ স্বাৰ্থত প্রত্যাহ্বান জনাই উল্লেখ কৰিব বিচাৰাে যে—উপৰত উল্লিখিত কটু উক্তিসমূহ উফৰাই পেলাবলৈ যুক্তি হিচাপে চালে-বেৰে কোবােৱা অযুক্তি দাঙি ধৰিব। কিন্তু তেওঁলােকে প্রত্যেকেই নিজৰ নিজৰ বুকুত হাত থৈ সুস্থ মনেৰে নিজকে এবাৰ সােধক কিমান মিছা কটু উক্তিপূর্ণ এই যুক্তি। কিমান সততাৰে এগৰাকী ছাত্র নেতা হিচাপে নিজৰ দায়িত্ব আৰু কর্তব্য পালন কৰি আছে? কাৰণ সমূদায় তথ্য মােৰ পকেটত মজুত থকাই নহয়, সর্বজনবিদীত। সদৌ শেষত এই সংগঠন, এই জনগােষ্ঠী, এই সমাজ, এই দেশৰ শান্তিৰ লগতে সৰ্বাঙ্গীন মঙ্গল কামনা কৰিছোঁ। ছাত্র সংগঠন জিন্দাবাদ, জয় আই অসম।
     ফোনঃ৯৪৩৫৯ ৮৩২৩৫ 
     কৃতজ্ঞতা : মােজাম্মেল হক 
  • 0 comments:

    Post a Comment

    GET A FREE QUOTE NOW

    Lorem ipsum dolor sit amet, consectetuer adipiscing elit, sed diam nonummy nibh euismod tincidunt ut laoreet dolore magna aliquam erat volutpat.

    ADDRESS

    #B-II, House No. 6, Nilkamal Path, Hatigaon, Guwahati- 781038

    EMAIL

    jamanur786@mail.com
    bulbuljamanur@yahoo.com

    CELLPHONE

    +91 94 35 98 32 35

    TELEPHONE

    **********,