• জনতাৰ ৰাষ্ট্ৰপতি ডঃ আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম

    "মই সততা আৰু আত্ম-নিয়ন্ত্ৰণ উত্তৰাধিকাৰী সূত্ৰে মোৰ দেউতা, মাৰ পাইছোঁ, আৰু তেনেকৈয়ে মই আৰু মোৰ ভাই-ককাই-বা-ভনীহঁতেও উত্তৰাধিকাৰী সূত্ৰে ভালত বিশ্বাস আৰু গভীৰ মমতাৰ শিক্ষা পাইছিল।
    ("I inherited honesty and self-discipline from my father; from my mother, I inherited faith in goodness and deep kindness as did my three brothers and sisters.")



    ✍ ছৈয়দ বুলবুল জামানুৰ হক
    সৰ্বপৰিচিত নাম ড° এ. পি. জে. আব্দুল কালাম৷ এজন ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিল। কালামৰ জন্ম আৰু শৈশৱ তামিলনাডুৰ ৰামেশ্বৰম নামে ঠাইত হৈছিল। তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজি (MIT), এৰ'স্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ণ হয়।
    ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে তেখেত এজন এৰ'স্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (DRDO) আৰু ভাৰতীয় মহাকাশ অধ্যয়ন সংস্থাত (ISRO) কাৰ্যনিৰ্বাহ কৰিছিল। কালামৰ আন এটা জনপ্ৰিয় নাম হৈছে ভাৰতৰ মিছাইল মানৱ। ভাৰতত বেলিষ্টিক ক্ষেপনাস্ত্ৰ (ballistic missile) আৰু "উৎক্ষেপণ যান" (launch vehicle) প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই উপাধি তেখেতক প্ৰদান কৰা হৈছে। ১৯৭৪ চনৰ প্ৰথম নিউক্লীয়েৰ পৰীক্ষাৰ পাছত ১৯৯৮ চনত হোৱা ভাৰতৰ "পোখৰান-২" পাৰমাণৱিক পৰীক্ষণত ড° কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মুখ্য ভুমিকা পালন কৰিছিল। তথাপিও কোনো কোনো বিজ্ঞান বিশেষজ্ঞই ক'ব বিচাৰে যে ড° কালামে কোনো কৃতিত্ব নোহোৱাকৈয়ে হোমি জাহাংগীৰ ভাৱা আৰু বিক্ৰম চাৰাভাইয়ে কৰি থৈ যোৱা কাম খিনি আগবঢ়াই নিছিল।
    ২০০২ চনত ড° কালামে লক্ষ্মী চেহগলক নিৰ্বাচনত পৰাস্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতি হয়। তেখেতলৈ ভাৰতৰ দুই মুখ্য ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে সমৰ্থন আগবঢ়াইছিল। ইয়াৰ পাছত তেখেতে IIM-আহমেদাবাদ আৰু IIM-ইণ্ডোৰৰ অতিথি প্ৰাধ্যাপক; থিৰুঅনন্তপুৰমৰ “ভাৰতীয় মহাকাশ গৱেষণা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান ((Indian Institute of Space Science and Technology Thiruvananthapuram)) ৰ চেঞ্চেলৰ, চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ এৰ'স্পেচ ইঞ্জিনিয়াৰঙৰ প্ৰাধ্যাপকৰ উপৰিও মহীশূৰৰ JSS বিশ্ববিদ্যলয়ৰ লগতে আন কেইবাখনো শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ সংলগ্ন বা অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
    ২০২০ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নয়নশীলৰ পৰা উন্নত দেশৰ মৰ্য্যাদালৈ লৈ যাবৰ বাবে ড° কালামে তেখেতৰ ইণ্ডিয়া ২০২০ নামৰ পুথিখনৰ যোগেদি নিজৰ পৰিকল্পনাসমূহ জনগণৰ মাজলৈ আগবঢ়াইছিল। অনুদিত ৰূপত তেখেতৰ দ্বাৰা ৰচিত পুথিসমূহে দক্ষিণ কোৰিয়াকে ধৰি নানান দেশত অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছে। জীৱনকালত তেখেতে বিভিন্ন সন্মানীয় পুৰষ্কাৰৰ লগতে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰেও বিভুষিত হৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি তেখেতৰ উৎসাহমূলক বক্তৃতা আৰু আলোচনা সমূহৰ বাবে তেখেত যুৱ প্ৰজন্মৰ মাজতো অতি জনপ্ৰিয় আছিল। যুৱ প্ৰজন্মৰ বাবে তেখেতে ২০১১ চনত ‘মই কি কৰিব পাৰোঁ” ( What I can give) নামেৰে এক আন্দোলনৰ সূচনা কৰে, যাৰ মূল লক্ষ্য আছিল দূৰ্নীতি নিৰ্মূলকৰণ। তথাপিও ৰাষ্ট্ৰপতি হৈ থকা কালছোৱাত ক্ষমাদানৰ আবেদন আৰু শাস্তিপ্ৰদানৰ ক্ষেত্ৰত পলম কৰাৰ বাবে ড° কালাম সমালোচনাৰ সন্মুখীন হৈছিল।

    শৈশৱ আৰু শিক্ষা :
    ১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত জন্ম হয়। তেখেতৰ পিতৃ জয়নাল আবদিন এগৰাকী নাৱৰীয়া আৰু মাতৃ অসীমা এগৰাকী গৃহিনী আছিল। তেওঁলোকৰ আৰ্থিক অৱস্থা ভাল নাছিল আৰু সেয়ে তেখেতে কম বয়সৰ পৰাই পৰিয়াললৈ আৰ্থিক অৱদান আগবঢ়াবৰ বাবে কাম কৰা আৰম্ভ কৰে।ভিন্ন ভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ মাজত ডাঙৰ হ'লেও কালামে এক নিৰ্দিষ্ট ধৰ্মীয় নিয়মাৱলী পালন কৰি চলিছিল।স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত দেউতাকক আৰ্থিক সকাহ দিবলৈ তেওঁ খবৰ কাকত বিক্ৰী কৰাৰ কাম লৈছিল৷ বিদ্যালয়ত তেওঁ মজলীয়া গ্ৰেড পাইছিল যদিও তেওঁ শিকিবলৈ অত্যন্ত ইচ্ছুক আৰু অনেক সময় পঢ়া-শুনাত, বিশেষকৈ অংকত, ব্যস্ত থকা ছাত্ৰ আছিল বুলি জনা যায়।
    ৰামেশ্বৰম বুনিয়াদী স্কুলত স্কুলীয়া শিক্ষা শেষ কৰাৰ পাছত কালামে ১৯৫৪ চনত তিৰুচিৰাপল্লীৰ চেইন্ট জোচেফ'চ কলেজ, তিৰুচিৰাপল্লীৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক উপাধি অৰ্জন কৰে। পাঠ্যক্ৰমৰ শেষৰ ফালে তেওঁ বিষয়টোত আগ্ৰহ হেৰুৱায় আৰু পাছত এই বিষয় পঢ়াৰ বাবে অনুতাপো কৰে। পাছত তেওঁ মাদ্ৰাজলৈ গৈ মাদ্ৰাজ ইন্সটিটিউট অৱ টেকন'ল'জী)ৰ পৰা এৰ'স্পেচ ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ডক্টৰেট নকৰিলেও পৰৱৰ্তীকালত তেখেতে কেইবাটাও সন্মানসূচক ডক্টৰেট লাভ কৰে।

    শ্ৰুতিকথা (Anecdote) :
    কালামে এবাৰ এটা ছিনিয়'ৰ ক্লাচ প্ৰজেক্টত কাম কৰি আছিল। কিন্তু ডীন তেওঁৰ কামৰ অগ্ৰগতি লেহেমীয়া হোৱা দেখি অসন্তুষ্ট হৈ আৰু দুদিনৰ ভিতৰতে কাম সম্পূৰ্ণ কৰিবলৈ আদেশ দিলে আৰু নহ'লে তেওঁৰ স্কলাৰস্বিপ বন্ধ কৰি দিব বুলি ভাবুলি দিলে। কালামে অমানুষিক পৰিশ্ৰমেৰে সময়মতে প্ৰজেক্ট শেষ কৰিলে। সন্তুষ্ট ডীনে কালামক কৈছিল, "মই তোমাক ইমান কঠিন সময়সীমা দি মানসিক কষ্ট দিলো৷

    ড° কালামে আই আই টি, গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰী সকলক সম্বোধন কৰিছে।

    বৈজ্ঞানিক জীৱন :
    ১৯৬০ চনত মাদ্ৰাজ ইন্সটিটিউট অৱ টেকন'ল'জীৰ পৰা মাষ্টাৰ ডিগ্ৰী লাভ কৰাৰ পাছত কালামে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (DRDO) এৰ'নটিকেল ডেভেল'পমেন্ট এষ্টাব্লিশ্বমেন্টত মুখ্য বিজ্ঞানী হিচাবে যোগদান কৰে। কালামে ভাৰতীয় সেনাবাহিনীৰ বাবে এখন সৰু হেলিকপ্টাৰ ডিজাইনেৰে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰে যদিও DRDO-ত নিজৰ চাকৰিৰ পছন্দ সম্পৰ্কে তেওঁ সুখী নাছিল৷
    কালাম INCOSPAR কমিটিআৰু (Indian National Committee for Space Research)ৰ সদস্য আছিল। ইয়াত তেওঁ বিখ্যাত ভাৰতীয় বৈজ্ঞানিক বিক্ৰম চাৰাভাইৰ তত্বাবধানত কাম কৰিছিল।
    ১৯৬৯ চনত কালামৰ ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ISRO) লৈ বদলি হয় আৰু তেখেতে তাত ভাৰতৰ প্ৰথম থলুৱা প্ৰয়ুক্তিৰে নিৰ্মিত হবলগীয়া ‘উপগ্ৰহ নিক্ষেপণ যান’ (SLV-III)প্ৰকল্পৰ “প্ৰকল্প নিৰ্দেশক’ৰ দ্বায়িত্বভাৰ লাভ কৰে। উল্লেখযোগ্য যে এই এচ এল ভি -৩ য়ে ১৯৮০ চনৰ জুলাই মাহত ভাৰতীয় কৃত্ৰিম উপগ্ৰহ ৰোহিণী (Rohini)’ক সফলতাৰে পৃথিৱীসমীপ কক্ষপথত প্ৰক্ষেপ কৰাত সফল হয়। ইচৰ’ত যোগদান কৰাতো ড° কালামৰ জীৱনৰ সকলোতকৈ ডাঙৰ সফলতা বুলি ধৰিব পাৰি, তেখেতৰ নিজৰ ভাষ্য মতেই এচ এল ভি-৩ প্ৰকল্পত কাম কৰিবলৈ আৰম্ভ কৰাৰ পাছতহে নিজকে সঠিককৈ বিচাৰি পাইছিল। ১৯৬৫ চনত ড° কালামে DRDO’ত প্ৰথম বাৰৰ বাবে স্বাধীনভাৱে এক “বিস্তাৰসক্ষম ৰকেট প্ৰকল্প” (expandable rocket project) ৰ কাম আৰম্ভ কৰে। ১৯৬৯ চনত কালামে আৰু বেছি অভিযন্তাৰ অংশগ্ৰহণেৰে উক্ত প্ৰকল্প বহলাই নিবলৈ ভাৰত চৰকাৰৰ সেউজ সংকেত লাভ কৰে।
    ১৯৬৩-৬৪ চনত ড° কালামে আমেৰিকাৰ ভাৰ্জিনিয়া প্ৰদেশৰ হেম্পটনত থকা নাছাৰ "লেংলে গৱেষণা কেন্দ্ৰ", "মেৰিলেণ্ডৰ গ্ৰীণবেল্ট"ত থকা ("গদাৰ্দ স্পেচ ফ্লাইট কেন্দ্ৰ") আৰু ভাৰ্জিনিয়াৰে পূব উপকু্লস্থিত "ৱাল’প ফ্লাইট ফেচিলিটি" পৰিদৰ্শন কৰে। ১৯৭০ ৰ পৰা ১৯৯০ খ্ৰীষ্টাব্দৰ এই কালছোৱাত ড° কালামে প’লাৰ এচ এল ভি (Polar SLV) আৰু SLV-III, এই দুয়োটা প্ৰকল্পতে মনোনিবেশ কৰে, আৰু এই দুয়োটাই অৱশেষত সফলতাৰ মুখ দেখা পায়।
    ভাৰতৰ প্ৰথম পাৰমাণৱিক পৰীক্ষণ "স্মাইলিং বুদ্ধ" ৰ সময়ত TBRL ৰ প্ৰতিনিধি হিচাপে প্ৰত্যক্ষদৰ্শী হবলৈ ড° কালামে ৰাজা ৰামান্নাৰ (Raja Ramanna) পৰা নিমন্ত্ৰণ লাভ কৰে, যদিও তেখেতে ইয়াৰ বিকাশ, ক্ষেত্ৰ প্ৰস্তুতি বা অস্ত্ৰ পৰিকল্পনাত অংশগ্ৰহণ কৰা নাছিল। ১৯৭০ চনত থলুৱা প্ৰযুক্তিৰে নিৰ্মিত কৃত্ৰিম উপগ্ৰহ “ৰোহিণী-১ (Rohini-1)” ক এচ এল ভি ৰকেটৰ সহায়ত কক্ষপথত স্থাপন কৰি ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিস্থানে ভাৰতীয় প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা কৰে। ১৯৭০ চনতেই কালামক Project Devil আৰু Project Valian; নামৰ দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পক দ্বায়িত্ব অৰ্পণ কৰা হয়, যাৰ লক্ষ্য আছিল এচ এল ভি ৰকেটৰ সফল প্ৰযুক্তি ব্যৱহাৰ কৰি বেলিষ্টিক ক্ষেপনাস্ত্ৰ তৈয়াৰ কৰা। ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ (Union Cabinet) অনুমোদন নোহোৱা স্বত্বেও তদনান্তীন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীয়ে নিজৰ বিশেষ ক্ষমতা ব্যৱহাৰ কৰি কালামৰ তত্বাৱধানত চলি থকা এই পৰীক্ষণ সমূহৰ বাবে গোপনে পূঁজিৰ যোগান ধৰে। এই গোপনীয় মহাকাশ পৰীক্ষণ সমুহৰ আচল উদ্দেশ্য লোকচক্ষুৰ পৰা আঁতৰাই ৰাখিবলৈ কেন্দ্ৰীয় মন্ত্ৰীসভাক সন্মত কৰোৱাতো কালামৰ উল্লেখযোগ্য ভুমিকা আছিল।
    কালামৰ গৱেষণা আৰু শৈক্ষিক নেতৃত্ব সেই সময়ত তেখেতক অতি জনপ্ৰিয় আৰু সন্মানীয় আসনত প্ৰতিষ্ঠা কৰিছিল আৰু তাৰ বাবেই ১৯৮০ চনত চৰকাৰে তেখেতৰ নিৰ্দেশনাত এক উচ্চাকাংখী ক্ষেপনাস্ত্ৰ কাৰ্য্যসূচী হাতত লৈছিল। ড° কালাম আৰু ধাতুবিদ তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিজ্ঞান উপদেষ্টা ড° ৱি, এচ, অৰুণাচলমে, তদনান্তীন কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী আৰ. ভেংকটৰমণৰ উপদেশমৰ্মে, একেলগে কেইবাবিধৰো ক্ষেপনাস্ত্ৰ বিকাশ কৰাৰ আঁচনি তৈয়াৰ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ভেংকটৰমণে ড° কালামক এই “সংহত দিকনিৰ্দেশিত ক্ষেপনাস্ত্ৰ বিকাশ পৰিযোজনা (I.G.M.D.P)" আৰু ব্যক্তিগত প্ৰচেষ্টাৰে এই পৰিযোজনাৰ বাবে ৩৮৮ কোটি টকা মন্ত্ৰীসভাৰ পৰা অনুমোদন কৰাইছিল। ভাৰতৰ মধ্যম দূৰত্বৱৰ্তী বেলিস্টিক ক্ষেপনাস্ত্ৰ ‘অগ্নি (Agni) আৰু টেক্টিকেল চাৰফেচ টু চাৰফেচ ক্ষেপনাস্ত্ৰ ‘পৃথিৱী’ৰ (Prithvi) বিকাশত ড° কালামৰ অবদান সকলোতকৈ অধিক, যদিও এই প্ৰকল্প দুটা অধিক সময় আৰু পূঁজি ব্যয় কৰাৰ লগতে প্ৰশাসনীয় খেলিমেলিৰ বাবে সমালোচনাৰ সন্মূখীন হৈছিল। ১৯৯২ চন জুলাই মাহৰ পৰা ১৯৯৯ চনৰ ডিচেম্বৰলৈকে ড° কালামে প্ৰধান মন্ত্ৰীৰ মুখ্য বিজ্ঞান উপদেষ্টা (Chief Scientific Adviser) আৰু DRDO’ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে। এই সময়ছোৱাতে ‘পোখৰান-২' (Pokhran-II) নিউক্লীয়েৰ পৰীক্ষা লানি সম্পন্ন হয় আৰু এই ক্ষেত্ৰত তেখেতৰ কাৰিকৰী আৰু ৰাজনৈতিক অবদান অত্যন্ত মহত্বপূৰ্ণ। এই পৰীক্ষণত কালামে আৰ. চিদাম্বৰমৰ সৈতে 'মূখ্য প্ৰকল্প সমন্বয়ৰক্ষী'(Chief Project Co-ordinator) ৰ দ্বায়িত্ব পালন কৰে। সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ হোৱা আলোকচিত্ৰ আৰু খবৰ বিলাকে ড° কালামক দেশৰ সৰ্বশ্ৰেষ্ঠ আনৱিক বিজ্ঞানীৰ ৰূপত প্ৰতিষ্ঠা কৰে৷
    ১৯৯৮ চনত হৃদৰোগ বিশেষজ্ঞ (cardiologist) ড° সোমা ৰাজুৰ সৈতে লগ লাগি ড° কালামে এক কম খৰছী ‘কৰনেৰী স্টেণ্ট' নিৰ্মাণ কৰি উলিয়ায়। বিজ্ঞানী দুজনৰ সন্মানত এই ষ্টেণ্ট টোক “ কালাম-ৰাজু” ষ্টেণ্ট নামেৰে নামাকৰণ কৰা হয়। ২০১২ চন দুয়োজনা বিজ্ঞানীয়ে গ্ৰাম্যাঞ্চলত স্বাস্থ্য সেৱাত ব্যৱহাৰ কৰাত সুবিধা হোৱাকৈ “কালাম-ৰাজু টেবলেট” নামেৰে এটা শক্তিশালী টেবলেট কম্পিউটাৰ সাজি উলিয়ায়৷

    বক্তৃতা প্ৰদান কৰা অৱস্থাত ড° এ পি জে আব্দুল কালাম

    ৰাষ্ট্ৰপতিত্ব :
    আব্দুল কালাম ভাৰতৰ ১১ তম ৰাষ্ট্ৰপতি আছিল। তেওঁৰ আগৰজন ৰাষ্ট্ৰপতি আছিল কে. আৰ. নাৰায়নন। ২০০২ চনৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বী লক্ষ্মী চেহগলক ১,০৭,৩৬৬ ভোটৰ বিপৰিতে ৯,২২,৮৮৪ টা ভোটত হৰুৱাই ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হয়।
    ১০ জুন ২০০২ ত সেই সময়ত ক্ষমতাত থকা নেশ্যনেল ডেমক্ৰটিক এলায়েন্স (NDA)-ই বিপক্ষ কংগ্ৰেছ (ই) ৰ নেতা ছোনিয়া গান্ধীক জানিবলৈ দিয়ে যে তেওঁলোকে কালামক ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰিব পাৰে। সমাজবাদী দল আৰু জাতীয়তাবাদী কংগ্ৰেছ দলেও ইয়াক সমৰ্থন কৰে আৰু লগতে তেতিয়াৰ ৰাষ্ট্ৰপতি নাৰায়নেনেও দ্বিতীয়বাৰ ৰাষ্ট্ৰপতিত্বৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থাকে। তথাক্ৰমে কালাম ভাৰতৰ ১১তম ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
    তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ দ্বাৰা প্ৰাৰ্থীত্ব ঘোষণাৰ পাছত কালামে কৈছিল যে— ‘মই সঁচাকৈয়ে অভিভূত হৈছোঁ। ইন্টাৰনেটত আৰু অন্যান্য মাধ্যমবিলাকে মোৰ পৰা কোনো এটা বাণী বিচাৰিছে। মই ভাবি আছোঁ এই সন্ধিক্ষণত মই মোৰ দেশৰ জনতাক কি কওঁ।’
    ১৮ জুন তাৰিখে বাজপেয়ী আৰু তেওঁৰ কেবিনেটৰ সতীৰ্থসকলৰ লগত গৈ কালামে ভাৰতীয় সংসদত মনোনয়ন পত্ৰ দাখিল কৰে। ২০০২ ৰ ১৫ জুলাইত এশৰ সংসদ আৰু ৰাজ্য বিধানসভা সমূহত ভোটগ্ৰহণ আৰম্ভ হয় আৰু ১৮ জুলাই তাৰিখে গণনা আৰম্ভ হয়। সংবাদ মাধ্যমসমূহ ইতিমধ্যেই এই প্ৰতিদ্বন্দ্বিতা একতৰফীয়া হ'ব বুলি ধৰি লৈছিল আৰু প্ৰকৃততেও কালামে তেওঁৰ প্ৰতিদ্বন্দ্বী লক্ষ্মী চেহগলক ১,০৭,৩৬৬ ভোটৰ বিপৰীতে ৯,২২,৮৮৪ টা ভোটত হৰুৱাই ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হয়। ২৫ জুলাইত শপত গ্ৰহণ কৰাৰ পাছত কালামে ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰে।
    কালাম ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত তৃতীয়জন ৰাষ্ট্ৰপতি। আগৰ দুজন আছিল ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন (১৯৫৪) আৰু ডঃ জাকিৰ হুছেইন(১৯৬৩)। কালাম প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতি, যি চিৰকুমাৰ আৰু পেছাত এজন বিজ্ঞানী।
    ৰাষ্ট্ৰপতিৰ কাৰ্য্যকালত কালামক আদৰতে জনগণৰ ৰাষ্ট্ৰপতি (people's president) বুলি কোৱা হৈছিল।
    কালামৰ মতে অফিচ অৱ প্ৰফিট বিধেয়কখন চহী কৰাটোৱেই তেখেতৰ কৰ্মকালত ল'বলগীয়া হোৱা সকলোতকৈ কঠিন নিৰ্ণয় আছিল।
    ২০ জুন ২০০৭ অত হ'বলগা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আগে আগে কালামে, জয়ৰ নিশ্চয়তা থাকিলে, দ্বিতীয়বাৰৰ প্ৰাৰ্থীত্বৰ বাবে বিবেচনা কৰাৰ ইচ্ছা প্ৰকাশ কৰে। কিন্তু দুদিন পাচতে তেওঁ কয় যে তেওঁ ৰাষ্ট্ৰপতি ভৱনক ৰাজনীতিত জড়িত কৰিব নোখোজে আৰু নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰিবলৈ থিৰাং কৰে। তেওঁ পুনৰ্নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় ভোট পাবৰ কাৰণে প্ৰয়োজনীয় বামপন্থী দলসমূহ, শিৱসেনা আৰু সংযুক্ত প্ৰগতিকামী গঠবন্ধনৰ (United Progressive Alliance) সমৰ্থন নাছিল।
    ২৮ জুলাই ১০১২ ত ১২শ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলৰ কাৰ্য্যকালৰ সমাপ্তি আগবাঢ়ি অহাৰ লগে লগে প্ৰচাৰ মাধ্যমৰ খবৰে কালাম ২য় বাৰৰ প্ৰাৰ্থীত্বৰ বাবে মনোনীত হ'ব পাৰে বুলি প্ৰচাৰ কৰে। খবৰটো বিয়পি পৰাৰ লগে লগে ছচিয়েল নেটৱৰ্কিং ৱেবচাইটবিলাক (যেনে ফেচবুক, টুইটাৰ আদি) কালামৰ সমৰ্থনেৰে ভৰি পৰে। ভাৰতীয় জনতা দলে কয় যে যদিহে সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছ (ই) -এ সমৰ্থন কৰে তেন্তে তেওঁলোকেও কালামলৈ সমৰ্থন আগবঢ়াব। নিৰ্বাচনৰ এমাহৰ আগতে মুলায়ম সিং যাদৱ (সমাজবাদী পাৰ্টি) আৰু মমতা বেনাৰ্জীয়ে (তৃণমূল কংগ্ৰেছ) তেওঁলোকৰ সমৰ্থন প্ৰকাশ কৰে। কেইদিনমানৰ পাছতে মুলায়মে তেওঁ সমৰ্থন উঠায় লয়। ফলত ১০১২ ৰ ৮ জুন তাৰিখে কালামে ২০১২ ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অস্বীকাৰ কৰি কৈছিল যে— ‘অনেক নাগৰিকে এই একে ইচ্ছাই প্ৰকাশ কৰিছে। ই তেওঁলোকৰ মোৰ প্ৰতি থকা মৰম আৰু তেওঁলোকৰ আকাংখ্যা প্ৰতিফলিত কৰিছে। এই সমৰ্থনত মই অভিভূত। মই তেওঁলোকৰ এই সমৰ্থনক সন্মান কৰোঁ। মোৰ ওপৰত ৰখা আস্থাৰ বাবে মই তেঁওলোকক ধন্যবাদ দিছোঁ।’

    সমালোচনা আৰু বিবাদসমূহ :
    পৰীক্ষণৰ ফলাফল সমূহৰ বিশ্বাসযোগ্য আৰু তথ্য ভিত্তিক প্ৰতিবেদনৰ অভাৱত নিউক্লীয়েৰ বিজ্ঞানী হিচাপে কালামৰ লগত সাঙোৰ খোৱা বিতৰ্কটো হ’ল, “ পোখৰাণ-২” ৷ক্ষেত্ৰ পৰীক্ষনৰ নিৰ্দেশক কে সনাথনমে ৰাজহুৱা ভাবে স্বীকাৰ কৰিছিল যে সেই তাপ-নিউক্লীয় বোমাৰ (thermonuclear bomb) পৰীক্ষণ প্ৰকৃততে বিফল হৈছিল, আৰু ভুল প্ৰতিবেদন দাখিল কৰাৰ বাবে কালামক সমালোচনা কৰিছিল। সি যি কি নহওক, ড° কালামে এই সকলোবোৰ নুই কৰে আৰু এই পৰীক্ষণৰ লগত ওত:প্ৰোত ভাৱে জড়িত আৰ, চিদাম্বৰমেও সনাথনমৰ দাবী ভুল বুলি সদৰি কৰে।

    ব্যক্তিগত আক্ৰমণ :
    কালামক ২১ খনৰ ভিতৰত ২০ খনৰ দয়াৰ আবেদন (mercy petition) বিবেচনা নকৰাকৈ পেলাই থোৱা বাবে সমালোচনা কৰা হয়। ভাৰতীয় সংবিধানৰ দফা ৭২ মতে সৰ্বোচ্চ আদালতত দোষী সাব্যস্ত হোৱা অপৰাধীক ৰাষ্ট্ৰপতিয়ে ক্ষমাদান, মৃত্যুদণ্ড স্থগিত বা বাতিলকৰণ বা আন দণ্ডলৈ সলনি কৰিব পাৰে। কালামে বিবেচনা কৰা একমাত্ৰ আবেদনখন আছিল ধৰ্ষণকাৰী ধনঞ্জয় চেটাৰ্জিৰ দয়া আবেদন নাকচ কৰা, যাক পাচত ফাঁচি দিয়া হয়। বাকী ২০ খনৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ আবেদন আছিল আফজল গুৰুৰ৷ কাশ্মিৰী সন্ত্ৰাসবাদী৷ যাক ২০০১ চনৰ ভাৰতীয় সংসদ ভৱনৰ আক্ৰমণৰ ষড়যন্ত্ৰৰ অভিযোগত ভাৰতৰ উচ্চতম ন্যায়ালয়ে মৃত্যুদণ্ডৰ শাস্তি বিহীছিল।
    ভাৰতীয় নিউক্লীয়েৰ কাৰ্যসুচীত (Indian nuclear programme) নেতৃত্ব প্ৰদান কৰা স্বত্বেও ড° কালামে বিভিন্ন স্তৰৰ পৰা বিভিন্ন সময়ত সমালোচনাৰ সন্মূখীন হৈ আহিছে। এই সমালোচক সকলে দাবী কৰে যে নিউক্লীয়েৰ বিজ্ঞানৰ ওপৰত ড° কালামৰ কোনো কৃতিত্ব নাই (No Authority)। হ’মি চেথনা নামৰ ৰসায়ন অভিযন্তা {Chemical Engineer) এজনে দাবী কৰিছিল যে ড° কালামে নিউক্লীয়েৰ বিজ্ঞান, আনকি নিউক্লীয়েৰ পদাৰ্থ বিজ্ঞানৰ (Neuclear Physics) ওপৰতো কোনো প্ৰৱন্ধ প্ৰকাশ কৰি পোৱা নাই। চেথনাই আৰু কৈছিল যে ড° কালামে এৰ’স্পেচ ইঞ্জিনিয়াৰিঙ ত হে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল, যি নিউক্লীয়েৰ ইঞ্জিনিয়াৰিঙৰ (nuclear engineering) পৰা সম্পূৰ্ণ পৃথক আৰু বিভিন্ন বিশ্ববিদ্যালয়সমূহে তেখেতক প্ৰদান কৰা সন্মানসমূহৰ নিউক্লীয়েৰ পদাৰ্থ বিদ্যাৰ লগত কোনো সম্পৰ্ক নাই। জাতীয় দুৰদৰ্শনৰ যোগে দিয়া তেখেতৰ শেহতীয়া সাক্ষাতকাৰত শ্ৰী চেথনাই কয় যে ১৯৫০ চনত কালামে মহাবিদ্যালয়ৰ উচ্চ পদাৰ্থ বিজ্ঞানৰ বিষয় বিলাকত উত্তীৰ্ণ হ’ব পৰা নাছিল, আৰু আগবাঢ়ি চেথনাই “তেঁও (কালামে) কি জানে (নিউক্লীয় পদাৰ্থ বিজ্ঞানৰ বিষয়ে) বুলিও প্ৰশ্ন কৰে। হোমি চেথনাই কালামে ৰাষ্ট্ৰপতি পদৰ অপপ্ৰয়োগ কৰি নিজকে সৰ্বভাৰতীয় পৰ্যায়ৰ নিউক্লীয়েৰ বিজ্ঞানী সজাইছে বুলিও অভিযোগ আনে।
    আন কিছু সমালোচকৰ মতে ড° কালামে কেতিয়াও কোনো ভাৰতীয় নিউক্লীয়েৰ শক্তি সংযন্ত্ৰ (Nuclear power in India)– ত কাম কৰি পোৱা নাই আৰু নিউক্লীয়েৰ অস্ত্ৰসমূহ তৈয়াৰ কৰাতো তেঁওৰ কোনো অবদান নাই; এই কামবোৰ ৰাজা ৰামান্নাৰ (Raja Ramanna) অধীনতহে সম্পূৰ্ণ হৈছিল।
    সামৰনিত চেথনাই কয় যে, কালামে এচ এল ভি (SLV) প্ৰকল্পত ১৯৭০ ৰ পৰা এৰ’স্পেচ অভিযন্তা হিচাপে আৰু ১৯৮০ চনৰ পৰা প্ৰকল্প নিৰ্দেশক হিচাপেহে কাম কৰিছিল তাৰ পাছত কালামক DRDO লৈ বদলি কৰা হয়। বাংগালোৰৰ সন্মানীয় IISc,Bangalore য়ে প্ৰয়োজনীয় বৈজ্ঞানিক দক্ষতাৰ প্ৰমাণ নথকাৰ বাবে কালামৰ আবেদন খাৰিজ কৰিছিল।
    ২০০৮ চনত ভাৰতীয় সংবাদ মাধ্যমে এই গোপনীয় ক্ষেপনাস্ত্ৰ কাৰ্যসূচীত (Classified missile programme) কালামৰ ব্যক্তিগত অৱদানৰ দাবী সম্পৰ্কে প্ৰশ্ন উঠাইছিল। ড° কালামক অগ্নি (Agni), পৃথিৱী (Prithvi) আৰু আকাশ(Aakash) ক্ষেপনাস্ত্ৰ প্ৰণালীৰ উদ্ভাৱনাৰ শ্ৰেয় দিয়া হয়। এই সকলো বোৰ গৱেষণা, বিকাশ আৰু ৰূপাংকন আন আন লোকে কৰিছিল, যি সময়ত কালাম পূঁজি সংগ্ৰহ তথা আন সমলসমূহ সংগ্ৰহ কৰাত ব্যস্ত আছিল। DRDO ৰ নিৰ্দেশক হিচাপে ড° কালামে বহু কৃতিত্ব দিয়া হয়। কিন্তু এডভান্স চিস্টেম লেবৰেটৰীৰ প্ৰাক্তন নিৰ্দেশক আৰু অগ্নি ক্ষেপনাস্ত্ৰ প্ৰকল্পৰ প্ৰাক্তন নিৰ্দেশক ড° ৰাম নাৰায়ণ আগৰৱাল হে ‘অগ্নি’ৰ সফল ৰূপাংকনৰ মূল হোতা বুলি ভৱাৰ থল আছে। নিজৰ আত্মজীৱনীত ড° কালামে অগ্নিৰ সফলতাৰ কৃতিত্ব MIT ত শিক্ষালাভ কৰা ড° আগৰৱাললৈ সমৰ্পিত কৰিছে। ‘পৃথিৱী’ ক্ষেপনাস্ত্ৰৰ সফলতাৰ বাবে কৰ্ণেল ভি জে সুন্দৰম আৰু ‘ত্ৰিশূল’ শ্ৰেণীৰ ক্ষেপনাস্ত্ৰৰ ক্ষেত্ৰত কমাণ্ডাৰ এচ আৰ মোহনৰ মূল কৃতিত্ব আছে বুলি কালামে উল্লেখ কৰিছে।
    ২০০৬ চনত জ্যেষ্ঠ সংবাদদাতা প্ৰফুল বিডৱাই্য়ে “দি ডেইলি স্টাৰত”) লিখিছিল যে, ইন্দিৰা গান্ধীৰ ইচ্ছানুসৰি কালামৰ নিৰ্দেশনাত চলা ‘প্ৰজেক্ট ভেলিয়েণ্ট’(Project Valiant) আৰু ‘প্ৰজেক্ট ডেভিল’(Project Devil) দুয়োটা কাৰ্যসূচীয়েই সম্পূৰ্ণ বিফল হৈছে। ১৯৮০ চনত ভাৰতীয় সেনা বাহিনীৰ হেঁচাত ভাৰত চৰকাৰে দুয়োটা প্ৰকল্পই বাতিল কৰিবলৈ বাধ্য হয়।
    বহুতো অসামৰিক সংগঠনে “কুন্দনকুলম নিউক্লীয়েৰ শক্তি সংযন্ত্ৰ”(Koodankulam Nuclear Power Plant) সম্পৰ্কে কালামৰ স্থিতিকো সমালোচনা কৰে, তেখেতে এই সংযন্ত্ৰ স্থাপন কৰাৰ পোষকতা কৰিছিল আৰু সেই বিষয়ে স্থানীয় লোকসকলৰ লগত কেতিয়াও আলোচনা কৰিব নিবিছাৰিছিল। এবাৰ কালামে এই প্ৰকল্পৰ ক্ষেত্ৰ পৰিদৰ্শন কৰোতে স্থানীয় ৰাইজৰ পৰা ভীষণ প্ৰতিবাদৰ সন্মূখীন হৈছিল। প্ৰতিবাদী সকলে কালামে নিশ্চিত কৰা এই সংযন্ত্ৰৰ সুৰক্ষা উপকৰণ সমূহৰ বিশ্বাসযোগ্যতা নাই বুলি মত পোষণ কৰিছিল।

    মাৰ্কিন নিৰাপত্তা কৰ্তৃপক্ষৰ দ্বাৰা তালাচী :
    ২০১১ চনৰ ২৯ চেপ্টেম্বৰত বিমানত উঠিবলৈ লওতে নিউয়ৰ্কৰ জন. এফ. কেনেডী বিমানবন্দৰত আব্দুল কালাম তালাচীৰ সন্মূখীন হৈছিল। মাৰ্কিন নিয়ম অনুসৰি যিসকল লোকৰ তালাচীৰ পৰা অব্যহতি দিয়া হয়, সেইসকল লোকৰ তালিকাত ড° কালামৰ নাম নথকাৰ বাবে তেখেতক “ব্যক্তিগত তালাচী” লোৱা হৈছিল। এবাৰ এয়াৰ ইণ্ডিয়াৰ (Air India) বিমানত উঠিবলৈ যাওতেও মাৰ্কিন কৰ্তৃপক্ষই তেখেতৰ তালাচী লয় আৰু তেখেতৰ জেকেট আৰু জোতা খুলিবলৈ বাধ্য কৰে, কিয়নো তেঁওলোকৰ নিয়ম মতে “ব্যক্তিগত তালাচী” লওতে এই কেইটা বস্তু পিন্ধি থাকিব নোৱাৰি। এয়াৰ ইণ্ডিয়াৰ বিমান খনৰ কৰ্মচাৰী সকলে ড° কালাম ভাৰতৰ ৰাষ্ট্ৰপতি বুলি নিশ্চিত কৰাৰ পাছতো মাৰ্কিন কৰ্তৃপক্ষই তেখেতক এই তালাচীৰ পৰা ৰেহাই দিবলৈ মান্তি নহয়। ২০১১ চনৰ ১৩ নৱেম্বৰলৈকে এই ঘটনাটো কাকো জনোৱা হোৱা নাছিল, কিন্তু গম পোৱাৰ লগে লগে দেশজুৰি ইয়াৰ তুমুল প্ৰতিবাদ হয়, আৰু ভাৰত চৰকাৰেও প্ৰতিক্ৰিয়ামূলক পদক্ষেপ লোৱাৰ ভাবুকি দিয়ে। ভাৰতৰ ‘পৰৰাষ্ট্ৰ মন্ত্ৰালয়ে’ (Ministry of External Affairs)ও আধিকাৰিক ভাবে এই ঘটনাৰ প্ৰতিবাদ জনায়। পিছত প্ৰকাশ কৰা এক বিজ্ঞপ্তিত মন্ত্ৰালয়ে জনাই যে মাৰ্কিন চৰকাৰে (Federal government of the United States) এই ব্যৱহাৰৰ বাবে লিখিত ভাবে ক্ষমা প্ৰাৰ্থনা কৰে।
    ভাৰতীয় ‘ব্যুৰো’ অফ চিভিল এভিয়েচন চিকিঅ’ৰিটি’ ৰ তালাচীৰ পৰা ৰেহাই পাব লগা ব্যক্তি সকলৰ তালিকাত তেখেতৰ নাম থকা স্বত্বেও ২০০৯ চনৰ জুলাই মাহত নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত (Indira Gandhi International Airport) “কণ্টিনেণ্টেল এয়াৰলাইনচ”(Continental Airlines) ৰ কৰ্মচাৰী সকলে সাধাৰণ যাত্ৰীৰ দৰে কালামৰ তালাচী লোৱাৰ ঘটনা ঘটিছিল।

    ভাৰতৰ ভৱিষ্যত : ২০২০
    তেখেত ৰচিত গ্ৰন্থ ভাৰত-২০২০ (India 2020) ত কালামে ২০২০ চনৰ ভিতৰত ভাৰতবৰ্ষক এক প্ৰজ্ঞা মহাশক্তি (Knowledge Superpower) আৰু উন্নতিশীলৰ পৰা উন্নত দেশলৈ (Developed Nation) পৰিবৰ্তিত কৰিবৰ বাবে এক কৰ্মসূচী তৈয়াৰ কৰাৰ দৃঢ়মত পোষণ কৰে। নিউক্লীয়েৰ অস্ত্ৰৰ (Nuclear Weapons) ওপৰত কৰা তেখেতৰ গৱেষণাক তেখেতে ভাৰতক ভৱিষ্যতৰ মহাশক্তি ৰূপে গঢ়ি তোলাৰ এক পদক্ষেপ বুলি গণ্য কৰে।
    জানিব পৰা মতে তেখেত ৰচনা কৰা গ্ৰন্থ সমুহৰ অনুদিত ৰূপ দক্ষিণ কোৰিয়াত অতীৱ জনপ্ৰিয়।
    ড° কালামে বিজ্ঞান আৰু প্ৰযুক্তি বিকাশৰ আন আন ক্ষেত্ৰ সমূহতো সক্ৰিয় সহযোগ আৰু আগ্ৰহ অব্যাহত ৰাখিছে। তেখেতে "জৈৱ-প্ৰত্যাৰোপক"ৰ (Bio-Implants) বিকাশৰ বাবে এক গৱষণা কাৰ্যসূচীৰ প্ৰস্তাৱ ৰাখিছে। তেখেত মালিকীস্বত্বাধীন চফ্টৱেৰতকৈ "অপেন চ’ৰ্চ" (Open Source) ব্যৱস্থাৰ এজন সমৰ্থক আৰু তেখেতে বিশ্বাস কৰে যে বৃহৎ পৰিসৰত ব্যৱহাৰ হ’লেহে তথ্য প্ৰযুক্তিৰ সুবিধাসমূহ সৰ্বসাধাৰণে উপভোগ কৰিব পাৰিব।
    ১৯৯৯ চনত ভাৰত চৰকাৰৰ বিজ্ঞান উপদেষ্টাৰ পদৰ পৰা অব্যাহতি লোৱাৰ পাছত ড° কালামে প্ৰত্যেক বছৰতে ১,০০,০০০ ছাত্ৰ-ছাত্ৰীৰ লগত কথা বতৰা হোৱা লক্ষ্য বান্ধি লৈছে লৈছে। তেখেতৰ নিজৰ ভাষাৰেই “মই নতুন প্ৰজন্মৰ লগত থাকি বেছি ভাল পাও, বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগত। এতিয়াৰ পৰা মই তেঁওলোকৰ লগত মোৰ অভিজ্ঞতা বিনিময় কৰিম, তেঁওলোকৰ কল্পনা শক্তিক জাগ্ৰত কৰিবৰ চেষ্টা কৰিম, আৰু তেঁওলোকক এখন উন্নত ভাৰতবৰ্ষৰ বাবে কাম কৰিবলৈ সাজু কৰি তুলিম, যাৰ বাবে পথচিত্ৰ ইতিমধ্যে তৈয়াৰ কৰা হৈছে”। ৰাষ্ট্ৰপতি হৈ থাকোঁতে বা তাৰ পৰবৰ্তী সময়তো তেখেতে ছাত্ৰ-ছাত্ৰীৰ লগত যোগাযোগ অব্যাহত ৰাখিছিল।
     ৰাষ্ট্ৰপতি হিচাপে থকা সময়ত
    পুটিন আৰু মনমোহন সিংৰ সৈতে এখন চিত্ৰ

    জনপ্ৰিয় সংস্কৃতি :
    ২০১১ চনৰ মে’ মাহত ড° কালামে দেশৰ যুৱ প্ৰজন্মৰ বাবে “মই কি দিব পাঁৰো আন্দোলন” (What Can I Give Movement) নামেৰে এক মিশ্যন আৰম্ভ কৰে, যাৰ মূল উদ্দেশ্য হৈছে দূৰ্নীতি নিৰ্মূলকৰণ। ইয়াৰ ওপৰিও ড° কালামে তামিল ভাষাত কবিতা লিখে আৰু বীণাই নামৰ এক দক্ষিণ ভাৰতীৰ ততবাদ্য বজাই ভাল পায়।
    ২০০৩ আৰু ২০০৬ চনত তেখেতক এম টি ভি য়ে “বছৰতোৰ যুৱ আদৰ্শ” (MTV Youth Icon of the Year) খিতাপ প্ৰদান কৰে। ২০১১ চনৰ “ আই এম কালাম”(I Am Kalam) নামৰ হিন্দী বোলছবি খনত ড° কালামক ‘ছটু’ নামৰ এটা দূখীয়া অথচ তীক্ষ্ণধী ৰাজস্থানী (Rajasthani) ল’ৰাৰ ওপৰত এক অসাধাৰণ যোগাত্মক প্ৰভাৱ হিচাপে দেখুওৱা হৈছে, বোলছবি খনত ছটুৱে এই মহান ব্যক্তিজনৰ দ্বাৰা প্ৰভাৱিত হৈ নিজৰ নামটোকে সলাই কালাম কৰি লয়।

    পুৰস্কাৰ আৰু সন্মানসমূহ :
    ড° এ, পি, জে, আব্দুল কালামৰ ৭৯তম জন্মদিৱস ‘ৰাষ্ট্ৰসংঘ‘ই ’বিশ্ব শিক্ষাৰ্থী দিৱস’ হিচাপে পালন কৰিছিল। ৪০ খন বিশ্ববিদ্যলয়ে তেখেতক সন্মানসূচক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। ভাৰত চৰকাৰেও DRDO আৰু ISRO ৰ লগতে চৰকাৰৰ বিজ্ঞান উপদেষ্টাৰ ৰূপত তেখেতৰ অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৮১ চনত ‘পদ্ম ভুষণ’ আৰু ১৯৯০ চনত ‘পদ্ম বিভুষণ’ উপাধিৰে ড° কালামক সন্মানিত কৰে। ১৯৯৭ চনত, ভাৰতৰ প্ৰতিৰক্ষা প্ৰযুক্তিৰ বিজ্ঞানসন্মত গৱেষণাৰ আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত ড° কালামৰ যুগান্তকাৰী অৱদানৰ বাবে তেখেতক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ৰে বিভূষিত কৰা হয়।
    বৰ্ষসন্মান বা বঁটাবঁটা প্ৰদানকাৰী
    ২০১১IEEE Honorary MembershipIEEE
    ২০১০Doctor of EngineeringUniversity of Waterloo
    ২০০৯হভাৰ মেডেল (Hoover Medal)ASME Foundation, USA
    ২০০৯International von Kármán Wings AwardCalifornia Institute of Technology, আমেৰিকা যুক্তৰাষ্ট্ৰ
    ২০০৮Doctor of Engineering (Honoris Causa)Nanyang Technological University, Singapore
    ২০০৭King Charles II Medalৰয়েল ছ'ছাইটি (Royal Society), U.K
    ২০০৭Honorary Doctorate of ScienceUniversity of Wolverhampton, U.K
    ২০০০ৰামানুজন বঁটাAlwars Research Centre, Chennai
    ১৯৯৮Veer Savarkar Awardভাৰত চৰকাৰ
    ১৯৯৭Indira Gandhi Award for National Integrationভাৰত চৰকাৰ
    ১৯৯৭ভাৰত ৰত্নভাৰত চৰকাৰ
    ৯৯০পদ্ম বিভূষণভাৰত চৰকাৰ
    ৯৮১পদ্ম ভূষণভাৰত চৰকাৰ

    গ্ৰন্থ আৰু তথ্যচিত্ৰসমূহ :
    কালামৰ লিখনিসমূহ :
    • Wings of Fire: এখন আত্মজীৱনী ' এ. পি. জে. আব্দুল কালামৰ দ্বাৰা ৰচিত, Arun Tiwari; Universities Press, ১৯৯৯.
    • India 2020: A Vision for the New Millennium এ. পি. জে. আব্দুল কালামৰ দ্বাৰা ৰচিত, Y. S. Rajan; New York, ১১৯৮
    • Ignited Minds: Unleashing the Power Within India এ. পি. জে. আব্দুল কালামৰ দ্বাৰা ৰচিত,; Viking, ২০০২
    • The Luminous Sparks এ. পি. জে. আব্দুল কালামৰ দ্বাৰা ৰচিত; Punya Publishing Pvt Ltd, ২০০৪
    • Mission India এ. পি. জে. আব্দুল কালামৰ দ্বাৰা ৰচিত, Paintings by Manav Gupta; Penguin Books, ২০০৫
    • Inspiring Thoughtsএ. পি. জে. আব্দুল কালামৰ দ্বাৰা ৰচিত; Rajpal & Sons, ২০০৭
    • Developments in Fluid Mechanics and Space Technology এ. পি. জে. আব্দুল কালাম আৰু ৰদ্দাম নৰসিংহৰ দ্বাৰা ৰচিত; Indian Academy of Sciences, ১৯৯৮

    জীৱনীমূলক গ্ৰন্থ :
    • Eternal Quest: Life and Times of Dr. Kalam by S. Chandra; Pentagon Publishers, 2002.
    • President A. P. J. Abdul Kalam by R. K. Pruthi; Anmol Publications, 2002.
    • A. P. J. Abdul Kalam: The Visionary of India by K. Bhushan, G. Katyal; A.P.H. Pub. Corp, 2002.
    • A Little Dream (documentary film) by P. Dhanapal; Minveli Media Works Private Limited, 2008.
    • The Kalam Effect: My Years with the President by P.M. Nair; Harper Collins, 2008.
    • My Days With Mahatma Abdul Kalam by Fr.A.K. George; Novel Corporation, 2009.

    মৃত্যু :
    Livable Planet earth বিষয়ত আই আই এম শ্বিলঙত ২০১৫ চনৰ ২৭ জুলাই তাৰিখে বক্তৃতা প্ৰদান কৰি থাকোঁতে সন্ধিয়া প্ৰায় ৬:৩০ বজাত কালামৰ হাৰ্ট এটেক হয়। গুৰুতৰ অৱস্থাত তেখেতক বেথানী চিকিৎসালয়লৈ লৈ যোৱা হয়। সুস্থ কৰি তুলিবলৈ চেষ্টা কৰা পাছতো হৃদয়ন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ সন্ধিয়া ৭:৪৫ বজাত তেখেতৰ মৃত্যু ঘটে।


    ফোনঃ +91 9435983235
    ই-মেইলঃ jamanur786@gmail.com
  • 0 comments:

    Post a Comment

    GET A FREE QUOTE NOW

    Lorem ipsum dolor sit amet, consectetuer adipiscing elit, sed diam nonummy nibh euismod tincidunt ut laoreet dolore magna aliquam erat volutpat.

    ADDRESS

    #B-II, House No. 6, Nilkamal Path, Hatigaon, Guwahati- 781038

    EMAIL

    jamanur786@mail.com
    bulbuljamanur@yahoo.com

    CELLPHONE

    +91 94 35 98 32 35

    TELEPHONE

    **********,