• মে’ দিৱসৰ চিন্তা : শ্ৰমিকে দেশ গঢ়ে...

     ছৈয়দ বুলবুল জামানুৰ হক

    শ্ৰমিকে দেশ গঢ়ে
    আৰু নেতাই...?
    ন্তঃজাতিক শ্রমিক দিৱস বা মে’ দিৱসৰ নাম উচ্চাৰণ কৰিলে বিশ্বৰ প্ৰান্তে প্রান্তে সিচঁৰিত হৈ থকা অগণন নিপিড়ীত, শোষিত, বঞ্চিত মানুহৰ ছবিখন পোহৰলৈ আহে। মানৱ সভ্যতাৰ দৰে শ্ৰমিক দিৱসৰাে এক দীঘলীয়া ইতিহাস তথা অধ্যায় আছে। ইতিহাসে প্রমাণ কৰে যুগে-যুগে শ্রমজীৱী মানুহ শোষিত আৰু বঞ্চিত হৈ আহিছে। আমেৰিকাৰ দৰে বিশ্বৰ উদ্যোগ আৰু বাণিজ্যৰ ক্ষেত্ৰত আগবঢ়া দেশতেই প্রথম শ্রম বিদ্রোহ হৈছিল। একালৰ সূর্যোদয়ৰ পৰা সূৰ্য্যস্তৰলৈ আৰু কোনো কোনো উদ্যোগ কল-কাৰখানা ২৪ ঘণ্টাৰ ভিতৰত ১৯-২০ ঘণ্টা পর্যন্ত শ্রমিকে শ্ৰমদান কৰিবলগা হৈছিল। এই অবর্ণনীয় বাতাবৰণৰ বিৰুদ্ধে শ্রমিক সমাজ সংঘৱদ্ধ হােৱাৰ ফলত বহু ৰক্তক্ষয়ী আন্দোলনৰ সূচনা আৰু দীর্ঘদিনীয়া ঘাত-প্রতিঘাতৰ অন্তত ১৮৮৯ চনত আন্তঃজাতিক মহা সন্মিলনে শ্রমিক দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইমৰ্মে ১৮৯০ চনৰ পৰা আন্তঃজাতিক শ্রমিক দিৱস তথা মে’ দিৱস উদযাপন কৰিবলৈ লোৱা হয়। আমেৰিকা, ইংলেণ্ড আদিৰ বহু পাছত ভাৰতত এই দিৱস পালনৰ সিদ্ধান্ত লোৱা হয়। অসমতো ধুবুৰীৰ দেশলাই কাৰখানা আৰু ডিগবৈ শোধানাগাৰ আদিত প্রথম শ্রমিক দিৱস পালন কৰা বুলি জনা যায়। শ্রমিকৰ বৃহৎ আৰু সফল সংগ্ৰামৰ ফলতেই একালৰ ১৯-২০ ঘণ্টীয়া শ্ৰমৰ সময় হ্রাস পালে যদিও শ্রমিকৰ সমস্যাসমূহ। কিন্তু নিম্পত্তি নহ’ল। বৰং ন-ন কৌশলেৰে মালিক গোষ্ঠীয়ে শোষণ-বঞ্ছনা বহু পৰিমানে বৃদ্ধি পাবলৈ ধৰিলে। শ্রমিকৰ অৱস্থা ভাৰতবৰ্ষৰ আন ৰাজ্যৰ দৰেই অসমৰ ক্ষেত্ৰতো অত্যন্ত শোচনীয়। ৰাজ্যখনৰ প্ৰায় তিনি কোটি পোন্ধৰ লাখৰাে অধিক জনসাধাৰণৰ ভিতৰত অসংগঠিত খণ্ডত শ্রমিকসকলক সামৰিলে এই সংখ্যা কোটিৰ ঘৰ চুবগৈ। কেৱল অসংগঠিত খণ্ডৰ শ্ৰমিক সংখ্যালৈ চালেও ৮২ লক্ষাধিক যথেষ্ট ডাঙৰ সংখ্যা। কল্যাণকামী ৰাষ্ট্র নাগৰিক হ’লেও অসমৰ শ্ৰমিকসকলৰ আজিও মজুৰিৰ পৰা আৰম্ভ কৰি সামাজিক নিৰাপত্তা লৈকে সকলো ক্ষেত্ৰতে পদে-পদে বঞ্চিত ন্যায্য প্ৰাপ্তিৰ পৰা বহু যোজন নিলগত এইসকল শোষিত-বঞ্চিত শ্রমিক। ৰাজ্যখনৰ চাহ বাগানৰ বনুৱাই মজুৰিৰ বাবে শেহতীয়াকৈ কৰা আন্দোলনেও সেইসকল লোকৰ কৰুণ অৱস্থাটােকে প্রতিফলন কৰে। অসংগঠিত খণ্ডৰ শ্ৰমিকৰ বাবে জীৱন বীমাকে ধৰি পেঞ্চন তথা দুর্ঘটনাজনিত আন সাহায্যৰ কথাবোৰ এতিয়া বাৰুকৈয়ে উপেক্ষিত হৈ আছে। ৰাজ্যখনৰ শোষিত-বঞ্চিত শ্রমিকসকলৰ সংঘৱদ্ধ কৰা আৰু নিজৰ প্ৰাপ্য লাভৰ বাবে সচেতন তথা সজাগ কৰি তোলা অতি জৰুৰী হৈ পৰিছে। সেয়া কৰিব নোৱাৰিলে শ্রমিকসকল যুগ-যুগান্তৰ ধৰি বঞ্চিত হৈ ৰ’ব। সমাজৰ এক বৃহৎ অংশ চিৰকাল অৱহেলা কৰি চলা প্ৰৱণতা নিশ্চয় শুভ লক্ষণ হ’ব নোৱাৰে। তেনে প্রেক্ষাপটত মে’ দিৱসৰ এই পৱিত্ৰ ক্ষণত সকলোৱে একত্ৰিত হােৱাৰ সংকল্প ল’ব লাগিব, যাতে অনাগত দিনত নিজৰ অধিকাৰ শ্ৰমিকসকলে সাব্যস্ত কৰিব পাৰে আৰু এখন সমৃদ্ধিশালী ৰাজ্য গঢ়াত উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে।
    ☎ ৯৪৩৫৯৮৩২৩৫
  • 1 comment:

    1. পঢ়ি ভাল পালোঁ, ধন্যবাদ ।

      ReplyDelete

    GET A FREE QUOTE NOW

    Lorem ipsum dolor sit amet, consectetuer adipiscing elit, sed diam nonummy nibh euismod tincidunt ut laoreet dolore magna aliquam erat volutpat.

    ADDRESS

    #B-II, House No. 6, Nilkamal Path, Hatigaon, Guwahati- 781038

    EMAIL

    jamanur786@mail.com
    bulbuljamanur@yahoo.com

    CELLPHONE

    +91 94 35 98 32 35

    TELEPHONE

    **********,