• ভাৰতত বিশ্বকাপ ফুটবল আৰু কিছু কথা…



    ✍ ছৈয়দ বুলবুল জামানুৰ হক

    অধিনায়ক অমৰজিতৰ নেতৃত্বত ভাৰতে শুকুৰবাৰে ইতিহাসত প্রথমবাৰৰ বাবে ফুটবলৰ বিশ্বকাপত অংশ ল’লে। ফিফা অনুৰ্ধ্ব ১৭ বিশ্বকাপত আমেৰিকাৰ বিৰুদ্ধে কালি ভাৰতীয় দলটোৱে পৰাজয়ৰ তিক্ততা সহ্য কৰিবলগীয়া হ’লেও এই দিনটাে ভাৰতীয় ফুটবলৰ বাবে ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ ৰ’ল। কিয়নো ভাৰতত প্রথমবাৰৰ বাবে বিশ্বকাপৰ ফুটবল খেল অনুষ্ঠিত হােৱাই নহয়, ভাৰতীয় ফুটবলাৰেও প্রথমবাৰৰ বাবে বিশ্বকাপত খেলাৰ গৌৰৱ অর্জন কৰিলে। এই সন্ধিক্ষণত বাৰে বাৰে ৬৭ বছৰ পূৰ্বৰ সেই স্মৃতি মনলৈ আহিছে। ভাৰতীয় দলে ১৯৫০ চনতেই বিশ্বকাপৰ মূল ৰাউণ্ড খেলাৰ সুযোগ পায়ো মাত্র ৫০ হাজাৰ টকাৰ অভাৱৰ বাবেই অংশ ল’ব নোৱাৰিলে। পি কে ভাৰতীয় দলটােৱে ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত ফ্রান্সৰ বিৰুদ্ধে যুঁজ দি ২-১ গ’লত সমাপ্ত হৈছিল। ১৯৫৬ চনৰ মেলৱৰ্ন অলিম্পিকত ছেমিফাইনেলত প্ৰৱেশ কৰিছিল। 

    ১৯৫০ চনৰ ব্ৰাজিল বিশ্বকাপত এছিয়াৰ প্রতিনিধি হিচাপে ভাৰতে আমন্ত্রণ লাভ কৰিছিল ধাৰাবাহিক উন্নত প্ৰদৰ্শনৰ বাবেই। ভাৰতক ৰখা হৈছিল ছুইডেন, ইটালী আৰু পাৰাগুৱেৰ সৈতে পুল-৩ত। সূচী মতে, ১৯৫০ চনৰ ২৫ জুনৰ দিনা ভাৰতে পাৰাগুৱেৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেলত মাৰাকানা ষ্টেডিয়ামত অংশ ল’লেহেঁতেন। কিন্তু পৰিতাপৰ বিষয় যে ফিফাই কলকাতাৰ পৰা ব্রাজিললৈ ভ্ৰমণৰ পর্যাপ্ত খৰচ দিবলৈ ৰাজী হােৱাৰ পাছতো বাকী খৰচৰ ধন সর্বভাৰতীয় ফুটবল সন্থাই যোগাৰ কৰিব নোৱাৰিলে। ফুটবলৰ মহাৰণত খেলাৰ সপোন চুল্লী-পি কে বেনাজীহঁতৰ বাবে, তেওঁলোকৰ উত্তৰসূৰীৰ বাবে সপোনেই হৈ ৰ’ল সুদীর্ঘ প্রায় ৭টা দশক ধৰি— যি সপোন বাস্তৱ হ’বলৈ প্রয়োজন হ’ল ৬৭ বছৰৰ।

    উদ্যোক্তা হিচাপেও ভাৰতে পাইছে বিশ্ব ফুটবলৰ দৃষ্টি আকৰ্ষণৰ সুৱৰ্ণ সুযোগ। সেয়ে দিল্লী, কলকাতা, কোচি, নবী মুম্বাই, গুৱাহাটীকে ধৰি আয়োজক চহৰৰ ষ্টেডিয়ামৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে চৰকাৰে ব্যয় কৰিছে ১.২ বিলিয়ন টকা। দেশত ফুটবলৰ প্ৰসাৰ আৰু উন্নয়নৰ উদ্দেশ্যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও নিজাববীয়াকৈ উদ্যোগ গ্রহণ কৰা দেখা গৈছে। সমগ্ৰ দেশৰ চেমনিয়াক ফুটবলৰ সৈতে সাঙুৰি লোৱাৰ বিলাসী পৰিকল্পনাৰে শেহতীয়াকৈ দেশৰ ক্ৰীড়া মন্ত্রালয়ে ‘মিছন ১১ মিলিয়ন’ নামৰ এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছিল। বিগত প্রায় তিনি বছৰত আই এছ এলে ভাৰতবৰ্ষত ফুটবলক জনপ্রিয় কৰাৰ সময়তে ফিফাৰ ১৭ বছৰ অনুৰ্ধ্ব বিশ্বকাপে স্বাভাৱিকতে দেশৰ ফুটবল ক্ষেত্ৰলৈ এক নতুন আশা-উদ্দীপনাৰ জোৱাৰ আনিব।

    বিশ্ব ফুটবলৰ মানচিত্ৰত নিজকে জিলিকাই তোলাৰ বাবে ফিফা বিশ্বকাপ হ’ল ভাৰতীয় ফুটবলৰ বাবে এক সুবর্ণ সুযোগ। ফুটবলৰ সুপ্ত দানৱ” ৰূপে চিহ্নিত ঘৰুৱা দলটােৰ সন্মুখত গ্রুপ পর্যায়তে কঠিন প্রত্যাহ্বানৰ ৰূপত থিয় দিছে আমেৰিকা, কলম্বিয়া আৰু দুবাৰৰ চেম্পিয়ন ঘানা। আন্তঃৰাষ্ট্রীয় ফুটবলত প্রতিষ্ঠিত এই দেশকেইখনৰ বিৰুদ্ধে ভাৰতে চমক দিবলৈ সক্ষম হ’বনে ? অনুৰাগীসকলে ইয়াৰ বাবে খুব বেছি আশা কৰা নাই, কিন্তু এনে এজনো কোবাল ধেনুভৰীয়া শ্বটত বিপক্ষৰ গ’লৰক্ষক ধৰাশায়ী হােৱাৰ কাল্পনিক ছবি। ইফালে দেশবাসীৰ গৰিমা বহন কৰা এই ভাৰতীয় দলটোলৈ উত্তৰপূর্বাঞ্চলৰ অৱদান অনস্বীকার্য। ২১জনীয়া দলটােত উত্তৰ-পূৰ্বাঞ্চলৰ আছে মুঠ ১০গৰাকীকৈ খেলুৱৈ। ইয়াৰে ৮ গৰাকী মণিপুৰৰ আৰু এগৰাকীকৈ ছিকিম তথা মিজোৰামৰ সন্তানে ফিফা ১৭ বছৰ অনুৰ্ধৰ্ব্ব বিশ্বকাপত দেশক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে।

    ফোন : +919435983235
    ই-মেইল : jamanur786@gmail.com
  • 0 comments:

    Post a Comment

    GET A FREE QUOTE NOW

    Lorem ipsum dolor sit amet, consectetuer adipiscing elit, sed diam nonummy nibh euismod tincidunt ut laoreet dolore magna aliquam erat volutpat.

    ADDRESS

    #B-II, House No. 6, Nilkamal Path, Hatigaon, Guwahati- 781038

    EMAIL

    jamanur786@mail.com
    bulbuljamanur@yahoo.com

    CELLPHONE

    +91 94 35 98 32 35

    TELEPHONE

    **********,