# ছৈয়দ বুলবুল জামানুৰ হক
স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দৰেই মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে৷ কেতিয়াবা মই মজদুৰৰ কাম কৰিছো, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়াৰ কাম৷ ...অতীত যিয়েই নহওক লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে৷ —আব্ৰাহাম লিংকন
সফলতাৰ বাবে যিদৰে প্ৰয়োজন প্রতিভা, ঠিক একেদৰে প্ৰতিভাৰ লগতে প্ৰয়োজন ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্রম৷ সেয়ে কোৱা বাহুল্য যে কেৱল প্রতিভাৰ জৰিয়তে সফলতা অর্জন কৰিব নোৱাৰি৷ সফলতাৰ বাবে প্ৰতিভাৰ উপৰি প্ৰয়োজন ধৈর্য, অধ্যাৱসায়, ইচ্ছাশক্তি আৰু পৰিশ্রম। এই আটাইবোৰে একেলগে ক্ৰিয়া কৰিলে সফলতাই এদিন যে দুৱাৰডলিত নিজে আহি উপস্থিত হ’ব সেয়া নিশ্চিত৷ সে্য়া পুৰুষেই হওক বা নাৰী৷ আজিৰ সমাজতো বিশেষকৈ ভাৰতৰ দৰে পুৰুষ প্ৰধান দেশত নাৰীক সদায় দুৰ্বল বুলি ভবা এক মানসিকতাই বিৰাজ কৰি আহিছে৷ শিক্ষা-দীক্ষাত আমাৰ দেশ অগ্ৰসৰ হলেও নাৰী-পুৰুষৰ লিঙ্গ বৈষম্য সেই হাৰত হ্ৰাস পোৱা নাই৷ তথাপিও নাৰী যে কোনো কাৰণতেই পিছ পৰি থকা নাই তাৰ অনেক উদাহৰণৰ মাজত অন্যতম এটি সফল নাম হিমা দাস৷ হিমা দাস এগৰাকী ভাৰতীয় দৌৰবিদ। তেওঁ বিশ্ব ট্ৰেক আৰু ফিল্ড ইভেণ্টত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁক ধিং এক্সপ্ৰেছ নামেৰে জনা যায়।
২০০০ চনৰ ৯ জানুৱাৰীত নগাঁও জিলাৰ ধিঙত হিমাৰ জন্ম হয়। তেওঁৰ পিতৃ ৰঞ্জিত দাস আৰু মাতৃ জোনালী দাস। হিমা তেওঁলোকৰ ছয়জন সন্তানৰ ভিতৰত কণিষ্ঠতম। এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা। সৰ্বদিশতে পিছ পৰা নগাঁৱৰ কান্ধুলীমাৰী সেই গাঁৱত খেলৰ পৰিৱেশ নথকাৰ পাছতো হিমাই স্কুলীয়া দিনৰে পৰা ল'ৰাৰ লগত ফুটবল খেলাকে ধৰি নিজৰ সংগ্ৰাম অব্যাহত ৰাখিছিল৷ তাৰ পিছত তেওঁৰ প্ৰতিভা খেলুৱৈ তথা প্ৰশিক্ষক নিপন দাসে প্ৰত্যক্ষ কৰি এথলেটিক্সত অংশগ্ৰহণ কৰিবলৈ উদগনি যোগায়। জিলা ভিত্তিত খেলত অংশগ্ৰহণ কৰাৰ পিছত তেওঁৰ প্ৰশিক্ষণ আৰম্ভ হয়। তেওঁৰ প্ৰশিক্ষকে উন্নত প্ৰশিক্ষণৰ বাবে হিমাক গুৱাহাটীলৈ যাবলৈ পৰামৰ্শ আগবঢ়ায়। প্ৰথমে তেওঁৰ পৰিয়ালৰ লোকে এই বিষয়ে আপত্তি কৰিছিল যদিও পিছলৈ তেওঁ সৰুসজাই ষ্টেডিয়ামত প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰে।
কমনৱেলথ গেমছ কি জনা নাছিল হিমা৷ তেওঁ জানিছিল কেৱল দৌৰিবলৈ৷ যাৰ বাবে কমনৱেলথ গেমছ ফাইনেলত প্ৰৱেশ কৰিছিল হিমাই৷ তেওঁ ২০১৮ চনৰ এপ্ৰিলত অষ্ট্ৰেলিয়াৰ গোল্ডপোষ্টত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত দৌৰি দৌৰি মহিলাৰ ৪০০ মিটাৰ ৰেছ আৰু ৪×৪০০ মিটাৰ ৰিলে ৰেছ সম্পূৰ্ণ কৰিছিল। কমনৱেলথ গেমছত স্বৰ্ণ লাভ কৰিব নোৱাৰিলেও শ্ৰেষ্ঠ প্ৰদৰ্শন দি ষষ্ঠ স্থান দখল কৰিছিল অসমৰ হিমাই। অসমৰ দৌৰৰ ৰাণী হিমাই বিশ্বৰ অন্যতম সংযুক্ত খেলৰ প্ৰতিযোগিতা কমনৱেলথ গেমছত স্বৰ্ণ পদক আজুৰি আনিব নোৱাৰিলে৷ বহু জল্পনা-কল্পনাৰ অন্তত দৌৰৰ ৰাণী হিমাই ফাইনেলত প্ৰৱেশ কৰিছিল যদিও স্বৰ্ণ লাভ কৰিবলৈ সক্ষম নহ’ল৷ কমনৱেলথ গেমছৰ এথলেটিকছত দপদপাই অসমৰ হিমাই ফাইনেলত প্ৰৱেশৰ সফলতা লাভ কৰিছিল৷ প্ৰতিপক্ষক ধৰাশায়ী কৰি ছেমি ফাইনেল জয়ী হৈছিল হিমা৷ পূৰ্বে অনুমান কৰা অনুযায়ী হিমাই ফাইনেলত প্ৰৱেশ কৰিছিল৷ হিমাৰ সপোন আছিল কেৱল স্বৰ্ণ দখল কৰাৰ৷ কিন্তু বিশ্ব জয়ৰ কৰিব নোৱাৰিলেও হিমাৰ বিশ্ব জয়ৰ পৰা কিছু দূৰতহে যেন আছিল। হিমাই নিজৰ পূৰ্বৰ ৰেকৰ্ড ভাঙিলে সঁচা কিন্তু স্বৰ্ণ লাভ কৰিব নোৱাৰিলে যদিও ৫১.৩২ ছেকেণ্ডত ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত তেওঁ ফাইনেল পৰ্যন্ত আগবাঢ়ি ষষ্ঠ স্থান লাভ কৰি এক ইতিহাস সৃষ্টি কৰিছিল অসম কন্যাই। আনহাতে ৪×৪০০ মিটাৰ ৰিলে ৰেছত তেওঁ ভাৰতীয় দলৰ অংশ আছিল আৰু ফাইনেলত তেওঁলোকে সপ্তম স্থান লাভ কৰে।
হিমাই ২০১৮ চনৰ জুলাইত ফিনলেণ্ডৰ টেম্পায়াৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স সন্থাৰ বিশ্ব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ট্ৰেক ইভেণ্টত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে কৃতিত্ব অৰ্জন কৰে। এই ইভেণ্টত তেওঁ ৫১.৪৬ ছেকেণ্ড সময় লয়। অনূৰ্ধ্ব ২০ বিশ্ব মিটত স্বৰ্ণ জয় কৰি নতুন ইতিহাস ৰচনা কৰা অসম কন্যা হিমা দাসৰ পূৰ্বে দেশৰ কোনে এথলিট তথা কোনো ভাৰতীয় খেলুৱৈ ট্ৰেক অন ফিল্ডত সোণৰ পদক আহৰণ কৰিবলৈ সক্ষম হোৱা নাছিল৷
২০১৮ চনৰ অক্টোবৰ-ছেপ্টেম্বৰত ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্তাত অনুষ্ঠিত এছিয়ান গেমছ ২০১৮ৰ মহিলাৰ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ ৫১.০০ ছেকেণ্ডৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি দ্বিতীয় স্থানত থাকি পৰৱৰ্তী পৰ্যায়লৈ নিৰ্বাচিত হয়। ২০১৮ চনৰ ২৬ আগষ্টত তেওঁ আকৌ নিজৰেই ৰাষ্ট্ৰীয় অভিলেখ ভাঙি ৫০.৭৯ ছেকেণ্ডেৰে চূড়ান্ত প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে। ইয়াৰোপৰি ৪×৪০০ মিটাৰ মহিলা ৰিলে আৰু মিশ্ৰিত ৰিলে ৰেছত তেওঁ ভাৰতীয় দলৰ অংশ হিচাপে ক্ৰমে সোণ আৰু ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷
ইয়াৰোপৰি ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে ৰাজ্যিক, আন্তঃৰাজ্যিক আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত আৰু একাধিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়৷ ইয়াৰে—
৫৮ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছত স্বৰ্ণঃ
গুৱাহাটী মহানগৰীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী ষ্টেডিয়ামত ২০১৮ চনৰ মে’ত অনুষ্ঠিত ৫৮ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছত ২০০ মিটাৰ আৰু ৪০০ মিটাৰ দৌৰত অসমৰ দৌৰৰ ৰাণী হিমা দাসে স্বৰ্ণ পদক লাভ কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনে৷
ৰাজ্যিক পৰ্যায়ত সফলতাঃ
হিমাই পূৰ্বে জিলা আৰু ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত এথলেটিকছ প্ৰতিযোগিতাত বিশেষ সফলতা লাভ কৰাৰ পিছত খেল ইণ্ডিয়া, ৰাষ্ট্ৰীয় স্কুল গেমছ আৰু য়ুথ গেমছত ২০০ মিটাৰ দৌৰত দ্বিতীয় স্থান দখল কৰি ৰূপৰ পদক আৰু ১০০ মিটাৰ দৌৰত তৃতীয় স্থান লাভেৰে ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল৷
বিশ্ব স্কুল এথলেটিকছ চেম্পিয়নশ্বিপঃ
বিশ্ব স্কুল এথলেটিকছ চেম্পিয়নশ্বিপত ২০০ মিটাৰত ভাৰতক প্ৰতিনিধিত্ব কৰি ৫ম স্থান দখল কৰিছিল হিমা দাসে৷
১৮ অনুৰ্ধ্ব এথলেটিকছঃ
কেনিয়াৰ নাইৰোবিত ২০১৭ চনত ১২ জুলাইৰ পৰা অনুষ্ঠিত হোৱা বিশ্ব ১৮ অনুৰ্ধ এথলেটিকছ প্ৰতিযোগিতাত নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শনেৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। সেই সময়ত ভাৰতীয় দলত স্থান লাভ কৰিছিল হিমাই৷ জুনিয়ৰ পৰ্যায়ৰ এই বিশ্ব স্তৰৰ প্ৰতিযোগীতাত দুশ মিটাৰ দৌৰত (প্ৰথম ৰাউণ্ডত) ২৪.৩৯ চেকেণ্ড সময় লৈ বিশ্বৰ ভিতৰতে ৫নং ৰেংকিঙত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।
ৰাষ্ট্ৰীয় য়ুথ চেম্পিয়নশ্বিপঃ
২০১৭ চনৰ এপ্ৰিলত হায়দৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় য়ুথ চেম্পিয়নশ্বিপত ১২.৬৫ ছেকেণ্ডেৰে এশ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক আৰু ২৫.৮৫ ছেকেণ্ডেৰে দুশ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছিল।
দ্বিতীয় এছিয়ান য়ুথ এথলেটিকছঃ
২০১৭ চনৰ মে’ত ২০-২৩ মে’লৈ থাইলেণ্ডত অনুষ্ঠিত হোৱা দ্বিতীয় এছিয়ান য়ুথ এথলেটিকছ প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল হিমা দাসে৷ ২০০ মিটাৰ দৌৰত ২৫.০৫ ছেকেণ্ড সময়েৰে সপ্তম স্থান দখল কৰিবলৈ সক্ষম হয়৷ হিমা দাসে সেই সময়সীমাৰ ১০ ছেকেণ্ড পূৰ্বেই দৌৰ সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হয়৷
৬২ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছঃ
দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাবান খেলুৱৈ হিমা দাসে ২০১৭ চনৰ জানুৱাৰীত গুজৰাটৰ বদোদৰাত অনুস্থিত ৬২ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ এথলেটিকছত ১৭ অনুৰ্ধ ছোৱালী শাখাৰ দুশ মিটাৰ দৌৰত ৰূপৰ আৰু এশ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিছিল।
ৰাজ্যখনৰ চুকে-কোণে হয়তো এনে বহুতো হিমা দাস আছে৷ সেইসকলৰো প্ৰতিভাৰ উপৰি ধৈর্য, অধ্যাৱসায়, ইচ্ছাশক্তি আৰু পৰিশ্রমো আছে৷ হয়তো নাই মাথো নিপন দাসৰ দৰে প্ৰশিক্ষক আৰু উপযুক্ত মঞ্চ৷ লগতে হিমা দাসৰ প্ৰথমাৱস্থাৰ দৰেই নাৰী বুলিয়েই হয়তো আজিও পিছলৈ ঠেলি থকা হৈছে৷ সেইসকলৰ বাবে ধিং এক্সপ্ৰেছ হিমা দাস হওক এক চানেকি, এক আদৰ্শ৷
- ইচ্যুহীন নিৰ্বাচন : অসমত উন্নয়ন নহয়, কুৎসা ৰটনাই এতিয়া প্রার্থীৰ প্ৰচাৰৰ অস্ত্র
- নতুন ভোটাৰে কাক পচন্দ কৰিব : দেশত নির্ণয় কৰিব দেশৰ ২৮২টা সমষ্টিৰ প্ৰাৰ্থীৰ ভাগ্য
@ ছৈয়দ বুলবুল জামানুৰ হক
২০১৯ চনৰ লোকসভা নির্বাচন৷ অইনবাৰৰ তুলনাত এইবাৰৰ নির্বাচন এক বিশেষ তাৎপর্য বহন কৰিছে এই কাৰণেই যে নির্বাচনী যুঁজখনত অৱতীৰ্ণ হোৱা দুটা শক্তিশালী প্রতিপক্ষ দলে এটাই আনটোক পৰাস্ত কৰিবলৈ প্রত্যেকেই বিশেষ ৰণনীতি তৈয়াৰ কৰিছে। অসমত এফালে মিত্রজোটত অগপ-বিপিএফ-বিজেপি এটা গোট আৰু আনফালে ভাৰতীয় জাতীয় কংগ্ৰেছ এক শক্তিশালী প্রতিপক্ষ। আনহাতে ক্ষুদ্র যেনে এআইইউডিএফ, বাম দলসমূহক আদি কৰি কিছুমান অখ্যাত দলেও নির্বাচনী যুঁজখনত অংশ লোৱা পৰিলক্ষিত হৈছে। আনহাতে বাঁও দলববাৰে সীমিত শক্তিৰে কিছু কিছু অঞ্চলত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব বুলি ধাৰণা কৰা হৈছে। কিন্তু এইবাৰৰ নিৰ্বাচনত অসমত মুখ্য ভূমিকা পালন কৰিব দুই শক্তি এটা হ’ল ভাৰতৰ জাতীয় কংগ্ৰেছ আৰু আনটো হ’ল অগপ, বিপিএফ, বিজেপি, মিত্রজোট। অসমবাসী ৰাইজে এই দুটা শক্তিৰ যিকোনো এটা শক্তিক বাছনি কৰি হয়তো নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব।পিছে ভোট দিব কাক আৰু কি দিব? সম্প্ৰতি এয়াই হৈ পৰিছে এক লাখটকীয়া প্ৰশ্ম৷ ৰাজনৈতিক দলসমূহে যিমানেই ৰণনীতি প্ৰস্তুতি নকৰক কিয় (?), সত্য এয়াই যে সপ্তদশ লোকসভা নির্বাচনৰ সম্পূৰ্ণ ইচ্যুহীন৷ উন্নয়ন নহয়, কুৎসা ৰটনাই এতিয়া প্রার্থীৰ প্ৰচাৰৰ অস্ত্র হৈ পৰিছে৷ ২০১৪ চনত মোদী ঢৌৰ সমান্তৰালভাৱে পৰিৱৰ্তনৰ দোহাই দি বিজেপিয়ে কেন্দ্ৰত শাসনৰ বাঘজৰী হস্তগত কৰিবলৈ সক্ষম হৈছিল। কংগ্ৰেছৰ একেৰাহে পোন্ধৰ বছৰীয়া অপশাসনৰ অন্ত বিচাৰি অসমৰ ৰাইজেও বিজেপিকেই ৰাজ্যৰ শাসনৰ গাদীত বহুৱাইছিল। বিগত বিধানসভা নির্বাচনৰ সময়ত বিজেপিয়ে অসমবাসীক নিবনুৱা সমস্যাকে ধৰি আন বহু সমস্যা সমাধান কৰিব বুলি প্রতিশ্রুতি দিছিল। কিন্তু সেই প্রতিশ্রুতি আজিও পূৰণ নকৰিলে বিজেপিয়ে। ইয়াৰ বিপৰীতে চৰকাৰী বিভিন্ন বিভাগত বিজেপিৰ নেতা-পালিনেতাই নিজৰ অঙহী-বঙহীক নিযুক্তিহে দিলে। লোকসভা নির্বাচনৰ সময়ত এইবাৰ বিজেপিৰ নেতাসকলৰ সুৰ সলনি হৈছে। তেওঁলোকে অসমৰ কোনো উন্নয়নৰ ইছু লৈ ভোটাৰৰ কাষ চপা নাই। অসমৰ বান সমস্যা, নিবনুৱা সমস্যা, বিদেশীৰ সমস্যাকে ধৰি এশ এবুৰি সমস্যাৰ ভিতৰৰে এটা সমস্যাক লৈয়ো কোনো এজন বিজেপি প্রার্থী অথবা নেতাই নির্বাচনী প্রচাৰ সভাত এটা শব্দও কোৱা নাই। ইয়াৰ বিপৰীতে কেৱল কুৎসা ৰটনাতেই ব্যস্ত হৈ আছে বিজেপিৰ প্রার্থী তথা নেতাসকল। প্রতিপক্ষ বুঢ়া গৰুৰ পৰা আৰম্ভ কৰি যিমান পাৰি সিমান বেয়াকৈ বিশ্লষণ লগাই গালি পৰাতেই ব্যস্ত আছে বিজেপিৰ নেতা তথা প্রার্থীসকল। সমস্যা সমাধানৰ প্রতিশ্রুতি দিয়াৰ সলনি বিজেপিৰ বহু নেতাই ৰাজপথত প্রচাৰ অভিযানৰ নামত উর্ধবাহু নৃত্য কৰাহে পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত নির্বাচন অন্ত পৰাৰ পিছত বিজেপিয়ে যদি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় তেন্তে জনতাই তেওঁলোকক জবাবদিহি কৰিবলৈ কোনো পথেই নাথাকিব। কিয়নো নির্বাচনী প্রচাৰৰ সময়ত বিজেপিৰ কোনো নেতা অথবা প্রার্থীয়ে ভোটাৰক কোনো এটা সমস্যা সমাধান কৰিব বুলিয়েই প্রতিশ্রুতি দিয়া নাই। কেৱল গালি-গালাজ আৰু তুচ্ছ-তাচ্চিল্যৰ জৰিয়তেই বিজেপিৰ নেতা-প্রার্থীয়ে নির্বাচনী প্রচাৰ চলাইছে। দেশৰ সংসদীয় নির্বাচনৰ ইতিহাসত এনেধৰণৰ নির্বাচনী প্রচাৰ হয়তো এইবাৰেই প্রথম। অসমৰ ভোটাৰ ৰাইজক ভেড়া সজাই বিজেপিৰ নেতা তথা প্রার্থীয়ে এই আত্মবিশ্বাস ৰাখিয়েই আকৌ এবাৰ মোদীৰ চৰকাৰ হ’ব বুলি আওৰাই আছে৷ আজি যিসকল লোকে আকৌ এবাৰ মোদীৰ চৰকাৰ শীৰ্ষক গীতত নৃত্য কৰিছে তেওঁলোকে এবাৰ নিজকে সুধি চাইছেনে— বিগত পাঁচটা বছৰত প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে যিবোৰ প্রতিশ্রুতি দিছিল সেই প্রতিশ্রুতিসমূহ আখৰে আখৰে পালন কৰা হৈছেনে? তাৎপর্যপূর্ণ কথাটো হ’ল বিজেপিয়ে যিবোৰ প্রতিশ্রুতি দিল্লীৰ পৰা দি আহিছে সেই প্রতিশ্রুতিসমূহৰ ভিতৰত অসম তথা উত্তৰ-পূর্বাঞ্চলক উপকৃত কৰিব পৰা এটা প্রতিশ্রুতিও নাই।
স্মৰ্তব্য যে উগ্র হিন্দুত্ববাদী বিজেপি দল শাসনত আহিলে অসমীয়া ভাষা-সংস্কৃতিৰ ওপৰত এক ভাবুকিৰ সৃষ্টি হ’ব বুলি যোৱাটো লোকসভা নিৰ্বাচনত বিশেষজ্ঞসকলে ধাৰণা কৰিছিল৷ দলটোৱে শেহতীয়াকৈ অসমত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰি অসমত গতাই দিব বিচৰা কাৰ্যটোৱেই বিশেষজ্ঞসকলৰ ধাৰণাক সত্যতাক প্ৰমাণিত কৰিলে। বর্তমানলৈ ৰাজ্যখনৰ প্রতিটো সম্প্রদায় মিলাপ্ৰীতিৰে/শান্তিৰে বসবাস কৰি আছে যদিও বিজেপিৰ আগ্রাসী বিভাজনমূখী নীতিয়ে ৰাজ্যখনৰ শান্তি-সম্প্রীতিৰ অৱক্ষয় হ'ব পাৰে বুলি বহুতৰে ধাৰণা। দলটোৱে শাসনত অধিষ্ঠিত হোৱাৰ কিছুদিন পিছতেই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আমেৰিকাৰ মোডিছন স্কোৱেৰৰ ভাৰতীয় মূলৰ ব্যৱসায়ীসকলক সম্বোধন কৰোতে উল্লেখ কৰিছিল যে সাতশ বছৰৰ পিছত ভাৰতবৰ্ষত পুনৰ তেওঁলোক শাসনলৈ আহিছে।অর্থাৎ এই বক্তব্যৰ অন্তর্নিহিত অর্থ হ’ল যে দেশত পুনৰ হিন্দুত্ববাদৰ সূচনা মোদী চৰকাৰে কৰিছে। ভাৰতবৰ্ষখন হিন্দু ৰাষ্ট্ৰ কৰা তেওঁলোকৰ মূল লক্ষ্য। আনহাতে কেন্দ্ৰৰ অধিষ্ঠিত মোদী চৰকাৰে যোৱা পাঁচবছৰ কালৰ শাসন ব্যৱস্থা অধ্যয়ন কৰিলে এটা কথা স্পষ্ট হয় যে এওঁলাক হ’ল ধনিক-বণিক শ্ৰেণীৰ চৰকাৰ। ধনী-বণিক শ্ৰেণীৰ সুবিধাৰ কাৰণে তেওঁলোক যিকোনো জনস্বার্থ বিৰোধী সিদ্ধান্ত ল'বলৈ কুণ্ঠাবোধ নকৰে। কৃষক-শ্রমিক-দুখীয়া-শ্রমজীৱি বৃহৎ সংখ্যক ভাৰতীয়ৰ কল্যাণৰ বাবে ভাবিবলৈ তেওঁলোকৰ সময়ৰ অভাৱ হয়। কেন্দ্ৰত শাসন কৰা মোদী চৰকাৰে বিমুদ্ৰাকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে দেশৰ অৰ্থনীতিত চৰম আঘাত কৰিছে আৰু যাৰ প্ৰভাৱ ক্ষুদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকৰ ওপৰত পৰিছে৷ আনহাতে যোৱা সময়ছোৱাত বিদেশী বিতাড়ণ, নিৱনুৱাক কৰ্ম সংস্থাপন, দুখীয়া লোকৰ একাউণ্টত ধন জমা, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ, দুৰ্নীতি নিয়ন্ত্ৰণ, কলা ধন ওভতাই অনা আদি কৰি দিয়া প্ৰতিশ্ৰুতিসমূহৰ এটাও পালন কৰিব পৰা নাই মোদী চৰকাৰে৷ তাৰোপৰি, ধর্মীয় সংখ্যালঘুক শোষন কৰা মনোভাৱ অতিকৈ আপত্তিজনক আৰু দুর্ভাগ্যজনক। সর্বোপৰি, বর্তমান দেশভক্ত আৰু দেশদ্রোহীৰ নামত যি অদৰকাৰী এক বিতর্ক সৃষ্টি কৰা হৈছে কৌশলগতভাৱে, সেয়া কোনো সুস্থ বিবেকবান, নিৰপেক্ষ লোকে সমর্থন কৰিব নোৱাৰে। এই বিতর্কৰ যোগেদি হিন্দুত্ববাদী আদৰ্শৰ বিৰোধীসকলক দেশদ্রোহী সজাবলৈ অহৰহ চেষ্টা চলোৱা হৈছে৷
ইপিনে অসম আন্দোলনৰ নেতৃবৃন্দৰ দ্বাৰা গাঠিত জাতীয়তাবাদী আদৰ্শৰ অগপ দলে দুটা কার্যকাল অর্থাৎ দহটা বছৰৰ অসমত শাসন কালত অসমবাসীয়ে অগপ চৰকাৰৰ পৰা কি পালে কি হেৰুৱালে সেয়া কাৰো অবিদীত নহয়। অসমত অগপৰ শাসন আৰু দিল্লীত এনডিএ চৰকাৰ থকা কালত অসমত হোৱা গুপ্তহত্যা আজিও অসমবাসীৰ মনত সজীৱ হৈয়ে আছে। কৰ্মচাৰীৰ নিয়মীয়া দৰমহা দিব নোৱাৰা অৱস্থাত নতুন নিযুক্তি বন্ধ কৰা আৰু নতুন পদ সৃষ্টি নকৰাৰ পৰামর্শ দিল্লীত থকা এনডিএ চৰকাৰৰ পৰা আছিল। ৰাস্তা-ঘাটকে আদি কৰি সকলোধৰণৰ উন্নয়ন স্তব্ধ হৈ পৰা অগপৰ শাসনৰ সেই দিনবোৰৰ কথা মনত পৰিলে আজিও এক ভয়াৱহ প্রতিচ্ছবি চকুৰ আগত ভাহি আছে। সোণৰ অসম গঢ়াৰ প্রতিশ্রুতিৰে দহটা বছৰ শাসন কৰা অগপ দলৰ নেতৃবৃন্দই নিজৰ নিজৰ সোণৰ সংসাৰহে গঢ়িলে। আনহাতে তৃণমূল পৰ্যায়ৰ কৰ্মীক গুৰুত্বহীন কৰি মুষ্টিমেয় অগপ নেতাই ধন আৰু গাদীকে ধৰি নিজৰ স্বাৰ্থ আদায়ৰ বাবে অসমীয়াৰ আৱেগ-অনুভূতিক জলাঞ্জলী দি অসমত বলপূৰ্বকভাৱে নাগৰিকত্ব সংশোধনী বিল জাপি দিব বিচৰা বিজেপি দলটোৰ সৈতে পুনৰ মিত্ৰতা কৰাটো অসমবাসীয়ে কোনোপধ্যে মানি ল’ব পৰা নাই৷
একেদৰে প্রাক্তন সন্ত্রাসবাদী সংগঠন বিএলটিৰ দ্বাৰা গঠিত হাগ্রামা মহিলাৰীৰ নেতৃত্বত ৰাজনৈতিক দল বিপিএফ যোৱা দুটা কার্যকালকে ধৰি প্রায় বাৰ বছৰ কাল বিটিএডি শাসন কৰি আহিছে। অসমৰ পৰা নতুন বড়োলেণ্ড নামেৰে এক পৃথক ৰাজ্য গঠন কৰাই তেওঁলোকৰ মূল লক্ষ্য আৰু উদ্দেশ্য। বিচ্ছিন্নতাবাদী সংগঠনৰ প্রাক্তন মূৰব্বী হাগ্লামা মহিলাৰীৰ কার্যকলাপ-শাসন ব্যৱস্থা কিমান দূৰ গণতান্ত্রিক হ'ব পাৰে তাক সহজেই অনুমেয় পাৰি৷ যোৱা বাৰটা বছৰত বিটিএডি এলেকাত অনাবড়ো প্রায় প্রতিটো সম্প্রদায়ৰ ওপৰতে কম বেছি পৰিমাণে অত্যাচাৰ হৈ আহিছে৷ ধর্মনিৰপেক্ষ, গণতান্ত্রিক দেশৰ অংগৰাজ্য অসমৰ বিটিএডি এলেকাত ভাৰতীয় সংবিধানত উল্লেখিত নীতি-নিয়ম উলংঘন হৈ থকাৰ লগতে বর্তমানেও বড়োলেণ্ডত অনাবড়োৰ সংবিধান প্রদত্ত বিভিন্ন ধৰণৰ অধিকাৰবোৰ অসুৰক্ষিত৷ যি দলৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ’ল পৃথক ৰাজ্য গঠন কৰা আৰু নিজকে অসমীয়া নহয় সঘনে দাবী কৰি আহিছে৷ তাৰ পিছতো অসমবাসীয়ে বিজেপি-অগপ-বিপিএফ মিত্ৰজোঁটক গ্ৰহণ কৰিব নে?
ইয়াৰ বিপৰীতে দীর্ঘদিন দেশ শাসন কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অহংকাৰ, পৰিয়ালকেন্দ্রিক স্বজনপ্রীতিৰ ৰাজনীতিয়ে সকলোকে আমুৱাইছে। এই দলে সমাজৰ প্ৰতিটো জনগোষ্ঠী/সম্প্রদায়ক প্রতিনিধিত্ব কৰিলেও দুর্নীতি ভ্রষ্টাচাৰ আৰু কিছু হঠকাৰী সিদ্ধান্তৰ বাবে আজি দলটো ৰাইজৰ বাবে অপ্রিয়ভাজন হ'ব লগা হৈছে। সেয়ে সাধাৰণ ৰাইজ আজিও সিদ্ধান্ত ল'ব নোৱাৰা এক উপায়বিহীন অৱস্থাত উপনীত হৈছে।
ইপিনে এআইইউডিএফ দলেও যোৱা বাৰটা বছৰৰ কাম-কাজৰ খতিয়ান আৰু শীর্ষ নেতৃত্বই কৰা বেপেৰুৱা অভিপ্রায় অতিকৈ লজ্জাজনক। যি লক্ষ্য আৰু উদ্দেশ্য লৈ এই দলৰ জন্ম হৈছিল বর্তমান দলটো সেই নির্ধাৰিত দিশৰ পৰা আঁতৰি অহা যেন অনুমান হয়। ২০১৪ চনৰ লোকসভা নির্বাচনতো লখিমপুৰ, যোৰহাট, শিলচৰ, মঙলদৈ, গুৱাহাটী আদি সমষ্টিত এই দলে বিজেপি বিৰোধী ভোট বিভাজন কৰি বিজেপি দলৰ প্ৰাৰ্থীৰ জয় সুনিশ্চিত কৰিছিল। একেদৰে ৰাজ্যখনত অনুষ্ঠিত হৈ যোৱা ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত প্রার্থীকেন্দ্রিক দুর্নীতি আৰু প্ৰায় (প্রাকে প্রকাৰে) প্রত্যক্ষ বা পৰোক্ষভাৱে হিন্দুত্ববাদী দল বিজেপিক সহায় কৰি থকা বুলি উঠা অভিযোগ একেবাৰে মিছা নহয়৷ কাৰণ এআইইউডিএফ দলৰ ভেঁটি মজবুত নথকা নগণ্য সংখ্যক সংখ্যালঘু ভোটাৰ থকা ভালেকেইখন সমষ্টিত প্রার্থী প্রক্ষেপ কৰি বিজেপি বিৰোধী ভোট বিভাজন কৰি প্ৰকাৰন্তৰে বিজেপিক সহায় কৰিছিল৷ অর্থাৎ আইএমডিটি বাতিল হোৱাত সংখ্যালঘু ৰাইজক সুৰক্ষা দিয়াৰ শ্লোগানেৰে জন্ম লোৱা এআইইউডিএফ দলে আইএমডিটি আইন বাতিল কৰি জাতীয় নায়ক আখ্যা পোৱা সৰ্বানন্দ সোণোৱালক অতি সহজেই ৰাজ্যখনৰ মুখ্যমন্ত্রী হোৱাৰ পথ প্ৰশস্ত কৰিছিল৷ আনহাতে মৌলানা (!) বদৰউদ্দিন আজমলে সমগ্ৰ নাৰীজাতিকে অপমানসূচক মন্তব্য কৰি তেওঁৰ দলৰে এগৰাকী দলত্যাগী মহিলা নেত্রীৰ বিৰুদ্ধে যি নিকৃষ্ট মন্তব্য কৰিছিল সেই বিষয়েও ৰাইজ অজানা নহয়। অংহকাৰী আজমলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুজন প্ৰৱক্তাক ‘দালাল’ আখ্যাৰে অপমানিত কৰি আৰু কেইজনমান প্রবীণ ৰাজনীতিবিদক তেওঁৰ টকাৰে লোহ যোৱা বুলি সদৰী কৰিছিল। কিছুদিন পূৰ্বেও ধুবুৰীত এগৰাকী সাংবাদিককো আক্ৰমণৰ লক্ষ্য হিচাপে অশ্ৰব্য গালি-গালাজেৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভকো অপমান কৰিবলৈ কুণ্ঠাবোধ কৰা নাই৷ তাৰোপৰি, কোনো বিষয়তে সঠিক নীতি, আদর্শ আৰু কাৰ্যসূচী নথকা এটা আৱেগিক দল ৰাইজৰ আশা-আকাঙ্খা পূৰণত কেতিয়াও সফল হ’ব নোৱাৰে। তেনেস্থলত অসমবাসীয়ে এআইইউডিএফ দলটোক কেনেদৰে গ্ৰহণ কৰিব সেয়াও সময়েহে ক’ব৷
একেদৰে বাঁও দলবোৰৰ প্ৰভাৱো অতি সীমিত। কিছুসংখ্যক প্রার্থী বাঁও দলবোৰে প্ৰক্ষেপ কৰিলেও বর্তমান অতি উচ্চাকাংক্ষী দুর্নীতিগ্রস্ত সমাজ জীৱনত সৎ, নিকা, নিষ্ঠাৱান লোকৰ গ্রহণযোগ্যতা কিমান সেয়া বিগত নিৰ্বাচনসমূহত প্রমাণ হৈ আহিছে৷ বাঁও দলবোৰৰ নীতি-আদৰ্শৰ লগত বহুতে এশ শতাংশ সহমত নাথাকিলেও দলটোৰ ধৰ্মনিৰপেক্ষ গণতান্ত্রিক ভূমিকা অতি উচ্চ প্রশংসাৰ যোগ্য বুলি প্রতিপক্ষয়েও স্বীকাৰ কৰিবলৈ বাধ্য। সেয়ে বৰ্তমানৰ ধর্মীয় মেৰুকৰণৰ ৰাজনীতিৰ বাতাবৰণত বাঁও গণতান্ত্রিক ধর্মনিৰপেক্ষ দলক শক্তিশালী কৰিব পাৰিলে সমাজ উপকৃত হ’লহেঁতেন। পূর্বে কিছুক্ষেত্ৰত দলটোৰ আঁকোৰগোজ সিদ্ধান্তৰ বাবে দলটো সীমাবদ্ধ/সীমিত লোকৰ মাজতে আৱদ্ধ থাকিব লগাত পৰিল। বর্তমান পৰিস্থিতিৰ সলনি হৈছে। বাঁওপন্থীসকলেও আক্টোৰগোজ স্বভাৱ পৰিহাৰ কৰি সকলোৰে গ্রহণযোগ্য স্থিতি গ্রহণ কৰিলে বোধকৰো সৰ্বসাধাৰণৰ মাজত নিজৰ স্থিতি কিছু হলেও সবল কৰিবলৈ সক্ষম হ'ব।
নতুন ভোটাৰে কাক পচন্দ কৰিব : নির্ণয় কৰিব দেশৰ ২৮২টা সমষ্টিৰ প্ৰাৰ্থীৰ ভাগ্য
লোক সভাৰ নিৰ্বাচনত এইবাৰ দেশৰ মুঠ ২৮২টা সমষ্টিত নতুন অর্থাৎ যুৱ ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে। নির্বাচন আয়োগৰ তথ্য বিশ্লেষণ কৰি এই কথা কোৱা হৈছে। এই সমষ্টিবোৰত ২০১৪ চনত বিজয়ী প্রার্থী আৰু তেওঁৰ নিকটতম প্রার্থীৰ মাজৰ ভোট ব্যৱধানতকৈ এইবাৰৰ লোক সভাৰ নিৰ্বাচনত প্ৰথমবাৰ ভোট দিবলগীয়া নতুন ভোটাৰৰ সংখ্যা বহুত বেছি। ১৯৯৭–২০০১ সময়ছোৱাত জন্ম গ্রহণ কৰা এই ভোটাৰসকলে যোৱাবাৰৰ সাধাৰণ নিৰ্বাচনত ভোটাধিকাৰ পোৱা নাছিল। উক্ত বিশ্লেষণৰ পৰা কৰা অনুমান প্রতিটো লোক সভা সমষ্টিত গড় হিচাপত নতুন ভোটাৰৰ সংখ্যা প্রায় ১.৪৯ লাখ হ’ব। ইয়াৰে একাংশই ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পাছত হোৱা বিধানসভাৰ নিৰ্বাচনত ভোট দিব পাৰে, কিন্তু লোক সভাৰ নিৰ্বাচনত এইবাৰ প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব। তথ্য অনুসৰি লোক সভাৰ প্রায় ২৮২টা সমষ্টিত যুৱ ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে। এই বিশ্লেষণ কৰা হৈছিল ২০১৪ চনৰ পাছত ১৮ বছৰ সম্পূৰ্ণ কৰা আৰু ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰা নতুন ভোটাৰসকলক লৈ। এই ২৮২টা সমষ্টিৰ ভিতৰত ২১৭টা ১২খন ৰাজ্যৰ। এই ৰাজ্যকেইখন আৰু লোক সভা সমষ্টিৰ সংখ্যা হ’ল— পশ্চিম বংগ (৩২টা সমষ্টি), বিহাৰ (২৯টা সমষ্টি), উত্তৰ প্রদেশ (২৪টা সমষ্টি), কর্ণাটক (২০টা সমষ্টি), তামিলনাড়ু (২০টা সমষ্টি), ৰাজস্থান (১৭টা সমষ্টি), কেৰালা (১৭টা সমষ্টি), ঝাৰখণ্ড (১৩টা সমষ্টি), অন্ধ্র প্রদেশ (১২টা সমষ্টি), মহাৰাষ্ট্র (১২টা সমষ্টি), মধ্য প্রদেশ (১১টা সমষ্টি) আৰু অসম (১০টা সমষ্টি)। এই ৰাজ্যকেইখনত নতুন ভোটাৰৰ সংখ্যা যোৱাবাৰৰ নিৰ্বাচনত বিজয়ী প্রার্থীৰ ব্যৱধানতকৈ বহুত বেছি। উত্তৰ প্ৰদেশত নতুন ভোটাৰৰ গড় সংখ্যা সর্বাধিক ১.১৫ লাখ। ই এই সমষ্টিবোৰত জয়ৰ ব্যৱধান ১.৮৬ লাখতকৈ অধিক। উল্লেখযোগ্য যে এইবাৰৰ সাধাৰণ নিৰ্বাচনত নতুন ভোটাৰৰ সংখ্যা প্রায় ৮.১ কোটি। এইবাৰৰ লোকসভাৰ নিৰ্বাচনত এই ৮.১ কোটি নতুন ভোটাৰে ৰাহুল গান্ধীৰ নেতৃত্বৰ কংগ্ৰেছক ভোট দিব নে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ বিজেপিক ভোট দিব সেইটো লাখটকীয়া প্রশ্ন হৈ পৰিছে।
সেয়ে, প্রতিজন অসমবাসীৰ এটা নৈতিক দায়িত্ব আহি পৰিছে যাতে এক সুস্থিৰ, স্থায়ী, শান্তিপ্রিয় সকলো সম্প্রদায়ৰ মাজত সমন্বয় ৰক্ষা কৰিব পৰা এটা দায়িত্বশীল চৰকাৰ দিল্লীত শাসনৰ গাদীত বহিব পাৰে তাৰ বাবে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব।
ফোন ঃ 9435983235
ই-মেইল : jamanur786@gmail.com
ব্লগ : bulbuljamanur.blogspot.in
#ছৈয়দ বুলবুল জামানুৰ হক
কংগ্রেছ চৰকাৰে তিনিটা কার্যকালত ঘোষণা কৰা অভিলাষী আঁচনিকে হাইজেক কৰি বিজেপি-নেতৃত্বাধীন চৰকাৰে লোক সভাৰ নির্বাচন জয়ৰ বাবে মেলি দিছে অশ্বমেধৰ ঘোঁৰা৷ আৰু মাত্র দুই-তিনি দিনৰ ভিতৰতে ঘোষণা হ’ব লোক সভাৰ নির্বাচনৰ দিন৷
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মা, পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীকে ধৰি সোণোৱাল মন্ত্রীসভাৰ সদস্যসকলে এটাৰ পাছত আন এটা আঁচনি এটা দিনো বিৰতি নোলোৱাকৈ উদ্বোধন কৰি গৈছে৷ কিন্তু এই আঁচনিসমূহৰ ভিতৰত অধিকাংশ আঁচনিয়ে পূর্বৰ কংগ্রেছ চৰকাৰ ক্ষমতাত থকা দিনৰে৷ আঁচনিৰ নাম সলনি হৈছে, কিন্তু বিজেপি-নেতৃত্বাধীন চৰকাৰৰ দিনত গ্রহণ কৰা অভিলাষী আঁচনিৰ মূল উদ্দেশ্য একেই আছে৷
কংগ্রেছৰ দৰে সূতা-কম্বল বিতৰণ কৰি হিতাধিকাৰী সৃষ্টি কৰা ৰাজনীতি কৰাৰ পৰিৱর্তে বিকাশৰ ৰাজনীতি কৰাৰ কথা বিজেপি-নেতৃত্বাধীন চৰকাৰে ঘোষণা কৰিছিল ৷ কিন্তু লোক সভাৰ নির্বাচনৰ পূর্বে লাখ লাখ হিতাধিকাৰীক উপকৃত কৰিব পৰা এখনৰ পাছত আন এখন আঁচনি উদ্বোধন কৰিছে মুখ্যমন্ত্রী সোণোৱাল আৰু তেওঁৰ মন্ত্রীসভাৰ সদস্যসকলে৷ যোৱা এক মার্চৰ পৰা সোণোৱাল চৰকাৰে ৰাজ্যত ৰূপায়ণ কৰিছে এখন অভিলাষী আঁচনি৷
‘অন্ন’ নামৰ এই আঁচনিৰ অধীনত ৰাজ্যৰ ৫৭ লাখ পৰিয়ালে লাভ কৰিব এটকা দামত প্রতি কেজি চাউল৷ কংগ্রেছ চৰকাৰৰ দিনত খাদ্য সুৰক্ষা আইনৰ অধীনত অসমত উক্ত পৰিয়ালসমূহে লাভ কৰিছিল তিনি টকা দামত প্রতি কেজি চাউল৷ কৃষকৰ সা-সঁজুলি আঁচনিৰ অধীনত বর্তমানৰ চৰকাৰে কৃষকলৈ আগবঢ়াইছে ৫ হাজাৰ টকাকৈ এককালীন সাহায্য৷ বর্তমানৰ চৰকাৰে কৃষক হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিছে যদিও কৃষকলৈ আর্থিক সাহায্য প্রদানৰ আঁচনি পূর্বৰ কংগ্রেছ চৰকাৰে ২০১৫-১৬ চনৰ বাজেটৰে পৰা প্রযোজ্যক্তহৈ আছে৷ পূর্বৰ কংগ্রেছ চৰকাৰে গ্রহণ কৰিছিল হেলথ কার্ড ব্যৱস্থা৷
বর্তমানৰ চৰকাৰে এই ব্যৱস্থাক নতুন ৰূপ দিছে অটল অমৃত অভিযানৰ নামত৷ বর্তমানৰ চৰকাৰে বিবাহ উপযোগী কন্যাক ৩৮ হাজাৰ টকা মূল্যৰ এতোলাকৈ সোণ উপহাৰ দিয়াৰ দৰে এখন অভিলাষী আঁচনি ঘোষণা কৰিছে৷ কিন্তু পূর্বৰ কংগ্রেছ চৰকাৰৰ দ্বিতীয়টো কার্যকালত সমাজ কল্যাণ বিভাগৰ অধীনত দাৰিদ্র্য সীমাৰেখাৰ তলৰ ছোৱালীৰ বিবাহৰ বাবে ২০১০-১১ চনৰ বাজেটতে ১০ হাজাৰকৈ আর্থিক সাহায্য দিয়াৰ আঁচনি প্রৱর্তন কৰা হৈছিল৷
বর্তমানৰ চৰকাৰে মুখ্যমন্ত্রীৰ সমগ্র গ্রাম যোজনাৰ অধীনত কৃষকৰ মাজত ট্রেক্টৰ বিতৰণ কৰিছে৷ কংগ্রেছ চৰকাৰে ২০১৫-১৬ চনৰ বাজেটতে কৃষকৰ মাজত ট্রেক্টৰ বিতৰণৰ আঁচনি গ্রহণ কৰিছিল৷ কংগ্রেছ চৰকাৰৰ শাসনত শিক্ষার্থীৰ উচচ শিক্ষা গ্রহণৰ বাবে ৫০ শতাংশ ঋণ ৰেহাইৰ ব্যৱস্থা কৰা হৈছিল৷ বর্তমানৰ চৰকাৰে একেই উদ্দেশ্যৰে গ্রহণ কৰিছে ‘আৰোহণ’ নামৰ আঁচনিখন৷ বিনিয়োগকাৰীক আকর্ষিত কৰিবলৈ পূর্বৰ চৰকাৰে গ্রহণ কৰিছিল ‘মেক ইন আছাম’৷ বর্তমানৰ চৰকাৰে গ্রহণ কৰিছে ‘এডভাণ্টেজ আছাম’৷ পূর্বৰ চৰকাৰে ৫০ হাজাৰ নিবনুৱা অকলশৰীয়া মহিলাক ১০ হাজাৰকৈ টকাৰ আর্থিক সাহায্য প্রদানৰ আঁচনি লৈছিল৷
ইয়াৰ বিপৰীতে বর্তমানৰ চৰকাৰে বিধৱা মহিলাক ২৫ হাজাৰকৈ টকাৰ সাহায্যৰ লগতে ২৫০ টকাৰ মাহিলি পেঞ্চন দিয়াৰ কথা ঘোষণা কৰিছে৷ অর্থাৎ কংগ্রেছ চৰকাৰৰ শাসনত যিবোৰ আঁচনি আছিল সেই একেইবোৰ আঁচনিৰ পৰিবর্ধন কৰি নতুন নামেৰে আঁচনিসমূহক ৰাইজৰ মাজলৈ লোক সভাৰ নির্বাচনৰ পূর্বে লৈ যোৱাৰ বাবে তৎপৰ হৈছে বিজেপি-নেতৃত্বাধীন ৰাজ্য চৰকাৰ৷ আঁচনি একেই আছে, মাত্র সলনি হৈছে নাম আৰু বৃদ্ধি হৈছে হিতাধিকাৰীৰ সংখ্যা আৰু আর্থিক সাহায্যৰ পৰিমাণ৷
# ছৈয়দ বুলবুল জামানুৰ হক
শৰতৰ স্নিগ্ধ আকাশৰ তলত এতিয়া দেশ-বিদেশৰ ভক্তই মহিষমর্দিনী দেৱী দুর্গাৰ আৰাধনাৰ প্ৰস্তুতি চলাইছে। শাৰদী ৰাণীৰ হাতত ধৰি প্ৰকৃতি ৰাজ্যত বিয়পি পৰিছে সেউজীয়া লহৰ। কালিদাসৰ অমলিন-ফৰকাল আকাশখনত চপ-চপৰ শুকুলা মেঘৰ লুকাকু। টোপাল টোপাল বৰষুণে ধৰিত্ৰীৰ বুকু জীপাল কৰি তােলাৰ পিছতেই কালিদাসে বর্ণনাকৰাৰ দৰেই সেই অপূর্ব, অনন্যশৰতৰ আগমন ঘটিছে। পদুলিয়ে পদুলিয়ে এতিয়া শেৱালিৰ সুবাস। পুৱা ধলফাট নৌদিওঁতেই নিয়ৰে তিয়াই যােৱা দূৱৰিৰ দলিচাত তলসৰা শেৱালিৰ অপূর্ব চুম্বন দৃশ্য কোনে পাহৰিব পাৰে বাৰু? শৰত মানেই শেৱালি। কেৱল অসম তথা উত্তৰপূর্বাঞ্চলেই নহয় বিযুৱীয় অঞ্চল, ইউৰােপীয় অঞ্চলৰৰ অৰঙেঙে ফুলি উঠিছে শুভ্র সুবাসিত শেৱালি। শেৱালিৰ দলিচাৰে ধৰালে নামি আহিছে সদ্যস্নাতা ৰূপহীৰ বেশত শাৰদী ৰাণী। এই শৰততে মানুহৰ মন উণ্ডল-খুগুল। কালিয়া ফুলীয়া ঢকুৱাৰ বাদ্যৰ শব্দত ৰজনজনাইছে চৌদিশ। এয়া যে দুর্গতিনাশিনী, মহিষমর্দিনী দেৱী দুর্গাৰ আৰাধনাৰ বতৰ...।
ব্ৰহ্মপুত্ৰ, বৰাক আদিনদীৰ লগতে চম্পাৱতী, দিখৌ, গৌৰাং আদি উপনদীৰ চাপৰিত শুকুলা দলিচা মেলি ফুলি উঠিছে চকুৰেনমনা দূৰলৈ কঁহুৱা। শৰতৰ শেৱালিয়ে দুৱৰিৰ সৈতে চুম্বন কৰা দৃশ্য এতিয়া য’তে ত’তে সহজলভ্য। বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰে তেখেতৰ শৰৎকবিতাত (কল্পনা কাব্যগ্রন্থ) লিখিছেঃ ‘পাৰেনা বহিতে নদী জলধাৰ, মাঠে মাঠে ধান ধৰে নাকো আক। অর্থাৎ শৰৎ ঋতু নৱ নৱ শস্য-সম্পদেৰে সৰ্বদিশে পূর্ণ থকাৰ ঋতু। সেয়ে এই মাহতেই দুর্গা পূজা অনুষ্ঠিত হয়। এই দুর্গা শব্দৰ ব্যুৎপত্তিগত অর্থ হ’ল {দুৰ (দুঃখঃ গম্ (গমন কৰা) ঋঅ (ৰ্ম্ম) দুর্গ ঋআ (স্ত্রীং) ঋঅ} যাক দুঃখত স্মৰণ কৰা যায়, কিম্বা যি দুর্গ অর্থাৎ সংকট হ'লে ৰক্ষা কৰে। মানুহৰ ধন বা অন্ন-বস্ত্ৰৰ অভাৱৰ দুখতকৈ ডাঙৰ দুখ আৰু কি আছে? সেয়ে দুর্গা পূজা বিধেয় (দ্রষ্টব্য, মার্কণ্ডেয় পুৰাণ, অ ৯২, লােক ১১-১২) আৰু পঞ্জিকাতাে বিধান আছে যে, বিশেষ বিশেষ যানবাহনে (গজ, নৌকা) দেৱী মৰ্তলৈ যােৱাৰ কাৰণে বসুন্ধৰা শস্যাপূর্ণ হয়। যি ভাবতেই হওক, দেৱী দুর্গা শস্যসমৃদ্ধিৰ সৈতে যুক্ত।
পূজাৰ সময়, দুর্গাৰ অর্থ-তাৎপর্য তথা দেৱীৰ আগমন-গমনৰ বাহন আৰু ইয়াৰ ফলাফল ইত্যাদিৰ দ্বাৰা প্রমাণ কৰা হৈছে যে দেৱীশস্যসম্পৃক্তা। দুর্গা পূজাৰ অন্যতম প্রধান আৰু প্ৰাৰম্ভিক কর্ম হ’ল নৱপত্রিকাৰ পূজা।নবিধ উদ্ভিদ অথবা তাৰ সপত্ৰশাখাৰ যেনে কচু, শিলিখা, জয়ন্তী ফুল, বেল, ডালিম, অশােক, মানকচু আৰু ধান— এই আঠটি শস্যৰ শাখা এক সপত্র কলগছৰ সৈতে অপৰাজিতা লতা আৰু হালধিৰ ৰসত ডুবাই সূতাৰে বান্ধি ৰঙা পাৰিৰ বগা নতুন কাপােৰত দুটা বেল (নাৰীৰ স্তনৰ প্রতিরূপ) বান্ধি উৰণি দি কলগছৰ বােৱাৰী’ বনাই গণেশৰ কাষত স্থাপন কৰা হয়। লৌকিক বিশ্বাসত ই হ’ল গণেশৰ পত্নী।
পঞ্চম শতাব্দীতেই ৰচিত মার্কণ্ডেয় পুৰাণৰ মতে দেৱীৰ আন এক নাম হৈছে ‘বিন্ধ্যাবাসিনী’।
বিভিন্ন পুৰাণত ৰজা সুৰথে প্রথমে দেৱীৰ পূজা কৰা বুলি কোৱা হৈছে। ৰজা সুৰথক বহুতেই উজ্জ্বল গৌৰবৰ্ণৰ আর্যবংশীয় মানুহ বুলি প্ৰচাৰ কৰিলেও, সুৰথ প্রকৃততে আছিল কোল জাতিৰ ৰজা। কোলসকল উপজাতীয়, চাওতাল বা ভিলসকলৰ দৰে। এই দেৱী তেওঁলােকৰেই উপাস্য। অষ্টম শতাব্দী আহি পায়হি মানে দেৱীৰ হাতৰ সংখ্যা বাঢ়িল। চাৰিখনৰ পৰা হ'লগৈ আঠখন। অষ্টভূজা এই দেৱীৰ হাতত আছেশংখ, খঙ্গ, খেটক, বাণ, ধনু, শূল আৰু আন এক হাতত তর্জনী মুদ্রা। দুর্গাস্তোত্রশতনাম’ গ্রন্থত বর্ণিত এই দেৱীৰ নাম ‘বনদুর্গা’। দেহৰ ৰং দুৱৰিৰ দৰে সেউজীয়া। এওঁ কোনাে ম'হ অথবা মহিষাসুৰক বধ কৰা নাই৷ তেওঁ গাঁওবাসীকসকলক ৰক্ষা কৰে। আকৌ, পুহ মাহৰ সংক্রান্তিকালত যিগৰাকী বনদুর্গা পূজা হয়, সেইগৰাকীৰ বৰ্ণনা দিবলৈ গৈ কোৱা হৈছে, ‘চতুর্ভূজা, ব্যাঘ্ৰাসীনা, ব্যাঘ্ৰাম্বৰ-পৰিহিতা, নীলজীমুত সংকাশা (নীলমেঘৰ দৰে)। এই বনদুর্গাগৰাকীক গ্রামদেৱীও বােলা হৈছে।
দুর্গাৰ হাতৰ সংখ্যা বাঢ়ি যােৱাৰ এক গ্রহণযােগ্য বাখ্যা আগবঢ়াইছে একাংশ আর্যসমাজৰ লােকে। তেওঁলােকে ভাৱে যে প্রকৃততে দুর্গাৰ হাত দুখনেই, বাকীবােৰ ৰূপকহে মাত্র।
সামাজিক প্রয়ােজন অনুসৰি এইসমূহ ৰূপকৰ সৃষ্টি হৈছে। সমাজ বর্ণবিভক্ত হােৱাৰ পাছতেই চাৰিবৰ্ণৰ চাৰি হাতৰ হিচাপত দেৱীৰ হাতৰ সংখ্যা চাৰিখন কৰা হৈছিল। ইয়াৰ পাছত একেটা যুক্তিতেই দেৱীৰ হাতৰ সংখ্যা হ'লগৈ আঠখন (গাইপতি দুখনকৈ) ইয়াৰ পাছত সমাজত নাৰীসকলৰ স্থানক লৈ প্রশ্ন উঠিল। অর্ধ আকাশ নাৰীসকল পুৰুষৰ সমান হােৱা সত্ত্বেও তেওঁলােকৰ হাত নাই, সেইটো কেনেকৈ হয়? সেয়ে নাৰীপন্থীৰ সবল যুক্তিত যােগ দিয়া হয় আৰু দুখন হাত, অর্থাৎ মূলতঃ নাৰীশক্তি দেৱীক চাৰিবৰ্ণৰ আঠখন পুৰুষৰ হাতে সমর্থন দিয়াৰ উপৰি নাৰী দেৱীৰ দুখন হাতে ইয়াৰে যােগ হয়।
বংগদেশৰ গ্রামাঞ্চলত বনদুর্গাৰ উপৰিও অন্যান্য বহু দুৰ্গাৰ ৰূপক পূজা কৰা হয় যদিও ইয়াৰে বেছিভাগেই চণ্ডী নামেৰেহে প্রখ্যাত। যেনে নৱদুর্গা, শুভদুর্গা, ৰালদুর্গা, শুভচণ্ডী,ৰণচণ্ডী,ৰখাইচণ্ডী, ওলাইচণ্ডী, উৰণচণ্ডী, অবাকচণ্ডী, বসনচণ্ডী, ঢেলাইচণ্ডী, বকাইচণ্ডী আৰু মংগলচণ্ডী আদি। তদুপৰি মংগলচণ্ডীৰাে আকৌ জয়মংগলচণ্ডীৰাে, বাৰমাহৰ চণ্ডী, কল্পইমংগলচণ্ডী, হচিষমংগলচণ্ডী, সংকটামংগলচণ্ডী,নাটাইমংগলচণ্ডী ইত্যাদি বিভিন্ন ৰূপ আছে। মূর্তিসমূহতাে দেৱীৰনানা ৰূপ পােৱা গৈছে যদিও সিংহবাহিনী ৰূপটি ভাৰতৰ বাহিৰততা পােৱা গৈছে। ননা, তান্নিট, চিবিলি আদি ৰূপত দেৱীক বিশ্বৰ দুই প্রাচীন সভ্যতা মিছৰ আৰু গ্ৰীচদেশতাে পােৱা গৈছে। ভাৰতত খ্রীষ্টাব্দ প্রথম শতাব্দীৰ কণিষ্ক আৰু হুবিস্কৰ সময়ৰ মুদ্ৰাত সিংহবাহিনীৰ ছবি আছে। প্রথম চন্দ্রগুপ্ত আৰু সমুদ্রগুপ্তৰ সিংহহন্তা ৰাজমূর্তি আঁকা সােণৰ মুদ্ৰাত সিংহবাহিনী লক্ষ্মীৰ মূর্তি আছে। মধ্যপ্রদেশৰ উদয়গিৰিত (একালৰ ভিলসকল অঞ্চল ভিলচাৰ কাষত) বাৰহাতবিশিষ্ট দুৰ্গাৰ মূর্তি পােৱা গৈছে। পঞ্চম শতিকাত নির্মিত এই মূর্তিত দেৱীয়ে গােধা (শূল)ৰ জৰিয়তে মহিষাকৃতি দানৱক বধ কৰিছে। নালন্দাৰ মিউজিয়ামতে আজি মধ্যযুগৰ গােধাবহনকাৰী চতুর্ভুজা ব্ৰঞ্জৰ মুদ্ৰাত আছে অষ্টভূজা দেৱীমূর্তি। তদুপৰি বংগদেশত দেৱীয়ে বাঘৰ সলনি কিয় সিংহত উঠি আহে তাৰাে এক মনস্তাত্বিক ব্যাখ্যা বিচাৰিলে পােৱা যায়। মানুহে সদায়েই পৰিচিত শত্রুতকৈ অপৰিচিত শত্ৰুক বেছিকৈ ভয় কৰে। বংগদেশত বিশেষকৈ সুন্দৰবন অথবা তৰাই অঞ্চলত বাঘৰ অভাৱ নাই। সেয়েহে সি বঙালীৰ পৰিচিত শত্রু। কিন্তু গিৰ অৰণ্য অথবা হিমালয়ৰ সিংহ এই অঞ্চলৰ অচিনাকি শত্রু। সেয়েহে ইয়াক দেৱীৰ বাহন বনাই দিলে তাক নিশ্চয় দেৱীয়ে চম্ভালিব। এইবাবেই দেৱী বংগত সিংহবাহিনী। একেদৰেই পঞ্জাৱ-হিমাচলত দেৱী ব্যাঘ্ৰাবাহিনী শেৰােৱালী মাতা।
অসমত দুর্গোৎসৱৰ আগমনৰ লগে লগে ব্যস্ত হৈ পৰিছে বিভিন্ন অঞ্চলৰ মৃৎশিল্পীসকল। মাটিৰে গঢ়া মূর্তিক জীৱন্তৰূপত সজাবলৈ ব্যস্ত হৈ পৰিছে বছৰৰ প্রায় ছটা মাহেই কর্মহীন হৈ থকা মৃৎশিল্পীসকল।।
বুৰঞ্জীত উল্লেখ থকা মতে অসমত আহােম ৰজাৰ দিনৰে পৰাই দুর্গা পূজা অনুষ্ঠিত হৈ আহিছে। আহােম ৰাজবংশৰ সপ্তমগৰাকী স্বৰ্গদেউ চুচেংফা (১৬০৩১৬৪১)ই দেশৰ বিভিন্ন স্থানত দেৱী দুর্গাৰ আৰাধনা কৰা হয় বুলি জানিব পাৰি অসমতাে দুর্গা পূজা অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছিল। বুঢ়াৰজা হিচাপে পৰিচিত স্বৰ্গদেউ চুচেংফাই সেই মর্মে শিৱসাগৰৰ নিকটৱর্তী ভাটিয়াপাৰাত ৰাজপৰিয়ালৰ উদ্যোগত দুর্গতিনাশিনী দেৱী পূজাৰ আয়ােজন কৰিছিল। আহােম ৰাজবংশই দুর্গা পূজাৰ প্ৰচলন হােৱাৰ পূর্বে কোচবিহাৰৰ ৰজা নৰনাৰায়ণেও দুর্গা পূজা অনুষ্ঠিত কৰিছিল বুলি বুৰঞ্জীত উল্লেখ আছে। হিন্দু সম্প্রদায়টো বাদেই জৈন সম্প্রদায়ৰ | লােকসকলেও দুর্গা পূজা অনুষ্ঠিত কৰিবলৈ ল'লে।
ৰাজ্যত এতিয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিক লৈ ব্যাপক অস্থিৰ পৰিৱেশে বিৰাজ কৰি আছে।
শৰতৰ সেউজীয়া স্পর্শ কৰি যােৱাৰ পিছততা চৰম আশংকাত বিশেষকৈ ধর্মীয় আৰু ভাষিক সংখ্যালঘু লােক। শতক ভালপােৱা, প্রকৃতিক ভালপােৱা, শেৱালিৰ প্ৰেমত পৰা ৰাজ্যবাসীৰ বাবে শৰতৰ বতৰত এয়া হৈ পৰিছে আটাইতকৈ অসহনীয় দুসংবাদ। সেয়ে এইহেন অভাৱনীয় পৰিস্থিতিৰ পৰা দেশ তথা ৰাজ্যবাসীৰ বাবে দুর্গতিনাশিনী দেৱী দুর্গাৰ শুভাশীষ তথা আশীর্বাদ অতি প্রয়ােজনীয় হৈ পৰিছে। সকলাে দুর্গতি তথা দুখ নিবাৰণৰ আশাৰেই ৰাজ্যবাসীয়ে দেৱী দুর্গাক আদৰিবলৈ এতিয়া সম্পূর্ণরূপে প্রস্তুত হৈছে।
(‘অসমীয়া সমাহাৰ’ত প্ৰকাশিত)
প্ৰকাশ কালঃ অক্টোবৰ, ২০১৮
ফোনঃ ৯৪৩৫৯ ৮৩২৩৫
# ছৈয়দ বুলবুল জামানুৰ হক
সৰুৰে পৰা এলেহুৱা স্বভাৱৰ৷ ঘৰুৱা অৱস্থাও সিমান উন্নত নহয়৷ পিতৃৰ উপাৰ্জনেৰে পৰিয়ালটো চলা জটিল৷ পুত্ৰৰ বয়সো হৈ আহিছে৷ গতিকে কাম কৰিবই পাৰে৷ তাকে নকৰি দিনটো ডলাৰ বগৰীৰ দৰে ঘূৰি ফুৰে৷ ফলত এদিন যেনে তেনে দুপইচা উপাৰ্জন কৰিবলৈ পিতৃয়ে হুকুম জাৰী কৰিলে৷ পিতৃৰ আদেশ, মানিবই লাগিব৷
অনিচ্ছা সত্বেও মনটো অতি দুখে-ভাগৰে কাম বিচাৰি কাষতে থকা বাছ আস্থানৰ জিৰণী চ’ৰাত বহি বহি কুল-পাৰ নথকা কথাবোৰ ভাবিবলৈ ল’লে৷ তেনেতে এগৰাকী বৃদ্ধ গাড়ীৰ নামিল৷ হাতত আছিল ‘দৈ’ৰ পাত্ৰ৷ পাত্ৰটো গধুৰ৷ বৃদ্ধগৰাকীয়ে ক’লে— বোপাই, মই সেই আমুকৰ ঘৰলৈ যাম৷ যদি তুমি মোৰ এই পাত্ৰটো কঢ়িয়াই দিয়া, তোমাক মই পাঁচ টকা এটা দিম৷
বৃদ্ধগৰাকীৰ কথা শুনি মুখত পানী আহিল৷ অৱশেষত যেনিবা কাম পালে৷ পাঁচ টকা এটা পাব৷ মনত অলপ স্বস্তিৰ হাঁহিৰে দৈৰ পাত্ৰটো মূৰত লৈ আগে-আগে আগবাঢ়িবলৈ ধৰিলে৷ ৰাস্তাত কাৰো সৈতে কথা-বতৰা হোৱা নাছিল৷ কাৰণ বয়সৰ ক্ষেত্ৰত বিপৰীত মেৰুত দুয়ো৷ বন্ধু বা সমনীয়া হলে বেলেগ কথা আছিল৷
গাঁৱলীয়া পৰিৱেশ৷ গাড়ী-ঘোঁৰাৰ শব্দও নাই৷ তেনে নিশ্চুপ পৰিৱেশৰ মাজতে দৈৰ পাত্ৰ মূৰত লৈ কঢ়িয়াই থকাৰ মাজতে দেখিবলৈ ল’লে পাঁচটকীয়া সপোন৷
আহকচোন চাও সপোনত কি চালে—
মানুহজনে মোক পাঁচ টকা দিব৷ এই পাঁচ টকাৰে কণী এটাকে কিনিম৷ কণীটো নি পেহীয়েকৰ কুকুৰাৰ সৈতে ওমলৈ দিম৷ এটা কুকুৰাৰ পোৱালী হ’ব, ডাঙৰ হ’ব৷ তাই আকৌ পোৱালী জন্ম দিব৷ বহুত কেইটা কুকুৰা হ’ব৷ কুকুৰা কেইটা বিক্ৰী কৰি ছাগলী কিনিম৷ ছাগলীজনীয়েও পোৱালী জন্ম দিব, বহুত ছাগলী হ’ব৷ ছাগলীবোৰ বিক্ৰী কৰি পুনৰ গৰু কিনিম৷ সেই এক গৰুৰ পৰা বহুত গৰু হ’ব৷ গৰুবোৰ বিক্ৰী কৰি মাটি কিনিম৷ মাটি কিনি খেতি কৰিম৷ এনেদৰে বহুত মাটি কিনিম৷ মাটিবোৰ আকৌ বিক্ৰী কৰি ডাঙৰ এটা পাঁচ মহলীয়া অট্টালিকা দিম৷ তাৰ পিছত বিয়া কৰিম আৰু সেই ওপৰৰ মহলাটোত মই ৰজাৰ দৰে চকীত কেৱল আদেশ কৰিম৷ তেতিয়া মোৰ স্ত্ৰীয়ে আহি মোক ভাত খাবলৈ মাতি, মই তেতিয়া আঙুলি জোকাৰি হিন্দীতে দমতে কৈ দিম- ম্যে ভাত ন্যেহী খাওঁগা…..
ম্যে
ভাত ন্যেহী খাওঁগা…. বাক্যশাৰী ইমান দমতেই কৈছিল যে, মূৰৰ পৰা লগে লগে দৈৰ পাত্ৰটো ধুনীয়াকৈ মাটিত পৰি ভাঙি চুচুৰ্ম হৈ গ’ল৷ এতিয়া উপায়…
(বন্ধু-বান্ধৱীসকল সপোন আমি সকলোৱে দেখো৷ সপোন দেখাৰ অধিকাৰো আছে৷ কিন্তু সপোনবোৰ যদি সীমা চেৰাই যায় বা নিজৰ যোগ্যতা (অ’কাদ)ৰ বাহিৰত হয়, তেন্তে তাত দুৰ্ঘটনা বা তেনে কোনো অনাকাঙ্খিত পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিশ্চিত৷ ৰাতি টোপনিৰ পিছত আমি বহুত সপোনেই দেখো৷ কেতিয়াবা সপোনত নিজকে কোন ৰূপতেই বা নেদেখো৷ কিন্তু ঘৰৰ ফুটা চালিটোৰে যেতিয়া বৰষুণৰ টোপাল মুখত পৰি সপোনটো ভাঙি যায় আৰু তেতিয়া চকুমেল খোৱাৰ পিছত ঘৰৰ ভিতৰতো থাকি সেই চালিৰ ফুটাটোৰে বিশাল আকাশক প্ৰত্যক্ষ কৰো তেতিয়া বাৰু কেনে অনুভৱ হয়৷ একেই ধৰণৰ সপোন আমি দিনতো অৰ্থাৎ টোপনিত নোযোৱাকৈয়ে দেখো, বিশেষকৈ যেতিয়া আমাৰ মন মগজু অস্থিৰ পৰিৱেশে বিৰাজ কৰে বা দুঃখ-বিষাদে মনটো ভৰি পৰে৷ আচলতে সেয়া আৱেগৰ বাহিৰে একো নহয়৷
সেইবুলি আব্ৰাহাম লিংকন, ভাৰতৰত্ন ডঃ কালাম, তেখেতসকলেওতো সপোন দেখিছিল৷ হয় সপোন চোৱাৰ আগত তেখেতসকলে নিজৰ যোগ্যতা অৰ্জন কৰি লৈছিল আৰু সেই যোগ্যতাৰ ভিত্তিতেই সপোন দেখিছিল কিন্তু টোপনিত নহয় কৰ্মব্যস্ততা, সততাআৰু মানৱতাৰ মাধ্যমেৰে৷)
যোগ্যতা নাথাকে, যোগ্যতা আগতে অৰ্জন কৰিব লাগে তাৰ পিছতহে সপোন…
Every successful person has a painful story
&
Every painful story has a successful ending,
So,
accept the pain
&
get ready for the success
অসমীয়া বানান পদ্ধতি যিহেতু সংস্কৃত মূলীয়, এতেকে সংস্কৃতৰ ণত্ব আৰু ষত্ববিধিৰ নিয়মসমূহ মানি চলিবলগীয়া হয়৷ কিন্তু প্ৰকৃত উচ্চাৰণ আৰু আখৰমালাৰ মাজত থকা বৃহৎ ব্যৱধানৰ হেতু বানান লিখনত কম বেছি পৰিমাণে সকলোৰে ভুল হয় ৷ কেতিয়াবা জনা বানানতো খেলিমেলি লাগে ৷ ণত্ব আৰু ষত্ববিধি মূলতঃ সংস্কৃত ব্যাকৰণৰ বিষয়৷ কিন্তু অসমীয়া আখৰ-জোঁটনি সংস্কৃতীয়া হোৱাৰ সুবাদত সংস্কৃত ব্যাকৰণৰ এই বিধি অসমীয়া লিখিবলৈকো আয়ত্ত কৰিব লাগে ৷ এনে কথালৈ লক্ষ্য কৰি অসমীয়া ভাষাৰ প্ৰতি শ্ৰদ্ধাশীল আটাইৰে সুবিধাৰ বাবে ণত্ব আৰু ষত্ববিধিৰ নিয়মবোৰ তলত উল্লেখ কৰা হ'ল ৷
ণত্ববিধি
(১) (ঋ/ৰ/ষ)+ন—ণ ৷
অৰ্থাৎ ঋ, ৰ, ষ বৰ্ণৰ পিছত একেটা পদত 'ন' থাকিলে সি 'ণ' হয়, যেনে- অৰুণ, আকৰ্ষণ, উষ্ণ, উত্তীৰ্ণ, ঋণ, কৰ্ষণ, কৰ্ণ, কৰ্ণিকা, কৰণি, ঘৃণা, ঘৰ্ষণ, তৃণ, ত্ৰাণ, পূৰ্ণ, বৰণ, বৰুণ, বৰষুণ, বিবৰ্ণ, বৰ্ষণ, বিস্তীৰ্ণ, ভৰুণ, দূৰণি ইত্যাদি৷
(২) (ট-বৰ্গ=ট/ঠ/ড/ঢ/ণ)+ণ ৷
অৰ্থাৎ, ট, ঠ, ড, ঢ, ণ-ৰ লগত সদায় 'ণ' যোগ হয়, যেনে- কণ্টক, কণ্ঠ, ঘণ্টা, চণ্ড, খণ্ড, দণ্ড, বণ্টন, ভাণ্ড, মুণ্ড, সণ্ঢালনি ইত্যাদি ৷
(৩) (ঋ/ৰ/ষ+স্বৰ)+ন- ণ
ঋ, ৰ, ষ-ৰ পিছত স্বৰধ্বনি থাকিলে তাৰ পিছত থকা 'ন' 'ণ' হয়, যেনে- অনুসৰণ, অপহৰণ, অগ্ৰণী, আহৰণ, কৰণ, পৰিণয়, পাহৰণি, প্ৰণয়, প্ৰণীত, প্ৰণাম, প্ৰণিপাত, বিৱৰণ, বিষণ্ণ, লক্ষণ, হৰণ, হৰিণ ইত্যাদি ৷
(৪) (ঋ/ৰ/ষ+ক বৰ্গ/য়, ৱ, হ, ং, ঃ)+ন-ণ, যেনে-ৰাগিণী, কৃপণ, অৰ্পণ, দৰ্পণ, দূৰ্বীণ, সাণ্মাসিক, প্ৰয়াণ, প্ৰৱীণ, শ্ৰৱণ, নিৰ্ৱাণ, প্ৰৱহমাণ, পৰিৱহণ, গ্ৰহণ ইত্যাদি ৷
(৫) প্ৰ, পৰা, পৰি আৰু নিৰ উপসৰ্গৰ পিছত নদ্, নম্, নী, নু, অন্, হন্ আদি ধাতু থাকিলে সেই ধাতুৰ 'ন' 'ণ', যেনে- প্ৰণাম, পৰিণাম, পৰিণতি, প্ৰণতি, প্ৰণৱ, প্ৰাণ, পৰিহণন, প্ৰণীত, প্ৰণয় ইত্যাদি ৷
(৬) প্ৰ, পূৰ্ব, পৰ আৰু অপৰ শব্দৰ পিছত থকা অহ্ন শব্দৰ 'ন' 'ণ' হয়, যেনে-প্ৰাহ্ণ, অপৰাহ্ণ, পূৰ্বাহ্ন ৷
(৭) সংজ্ঞা অৰ্থত 'শূৰ্প' শব্দৰ পিছত থকা 'নখ' শব্দৰ 'ন' 'ণ' হয়, যেনে- শূৰ্পণখা ৷
(৮) উত্তৰ, চান্দ্ৰ, পাৰ, নাৰ, নাৰা আৰু ৰাম শব্দৰ পিছত বহা 'অয়ন' শব্দৰ 'ন' 'ণ' হয়, যেনে- উত্তৰায়ণ, পৰায়ণ, পাৰায়ণ, চান্দ্ৰায়ণ, ৰামায়ণ ৷
(৯) অক্ষ শব্দত লগ লগা ওহিনী শব্দৰ 'ন' 'ণ' হয়, যেনে- অক্ষৌহিণী ৷
উল্লেখনীয় যে পান (পি খোৱা), পাণ (তামোলৰ লগত খোৱা বিধ) কাণ (শ্ৰৱণেন্দ্ৰিয়), কান (কান্ধ), কোণ (বস্তুৰ চুক), কোন (অনিশ্চিত ব্যক্তি), বাণ (শৰ), বান (পানীৰ ঢল) আদি শব্দত অৰ্থভেদ ঘটোৱা 'ন' আৰু 'ণ'-ৰ ব্যৱহাৰৰ পাৰ্থক্য সততে মনত ৰখা প্ৰয়োজন; যেনে-প্ৰাহ্ণ, অপৰাহ্ণ, পূৰ্বাহ্ন ৷
(১০) নিত্য 'ণ' হোৱা শব্দ
বাণিজ্য, বণিক, বেণু, বাণী, বীণা, বাণ,
কঙ্কণ, কণিকা, পাণি, নিপুণ, কল্যাণ,
লৱণ, মাণিক্য, মণি, অণু, কোণ, গুণ,
চিক্কণ, শোণিত, পুণ্য, বেণী, গণ, তূণ,
লাৱণী, লাৱণ্য, কণা, পাণ, গৌণ, পণ,
বিপণি, অকণ, ফণা, ঘুণ, ক্ষণ, শণ ৷৷
ণত্ব নিষেধ
(১) দুৰ (দুঃ) উপসৰ্গত ৰ থাকিলেও একেটা পদৰ যি কোনো স্থানত থকা 'ন'-ৰ পৰিৱৰ্তন নহয়, যেনে- দুৰ্নাম, দুৰ্নিবাৰ, দুৰ্নীতি, দুৰ্বিনীত ইত্যাদি ৷
(২) ত-বৰ্গৰ ব্যঞ্জনৰ আগত থকা 'ন' অপৰিৱৰ্তিত থাকে, যেনে- গ্ৰন্থ, বৃন্দ, ৰন্ধ্ৰ, শ্ৰান্ত ইত্যাদি ৷
(৩) কৃদন্ত পদৰ ক-বৰ্গৰ সৈতে যুক্ত 'ন'-ৰ পৰিৱৰ্তন নহয়, যেনে- মগ্ন, ভগ্ন, ৰুগ্ন, বিঘ্ন আদি ৷
(৪) গগন, ফাল্গুন (ফাগুন), ফেন শব্দত ন হয় ৷
(৫) ঋ আৰু ৰ-ৰ সৈতে চ-বৰ্গৰ ব্যঞ্জন যোগ হ'লে তাৰ পিছৰ ন-ৰ পৰিৱৰ্তন নহয়, যেনে- অৰ্চনা, অৰ্জন, অঞ্জন, ৰঞ্জন, বিসৰ্জন, ৰচনা, উপাৰ্জন ইত্যাদি ৷
(৬) ঋ আৰু ৰ-ৰ লগত ট-বৰ্গৰ ব্যঞ্জন যুক্ত হ'লে তাৰ পিছত থকা ন অপৰিৱৰ্তিত থাকে, যেনে- অনুৰণন, দুৰ্ঘটনা, বৰ্ণনা, ৰটনা ইত্যাদি ৷
(৭) ঋ, ৰ-ৰ পিছত ত-বৰ্গৰ ব্যঞ্জন যুক্ত হ'লে তাৰ পিছত থকা ন একেই থাকে, যেনে- কৰ্তন, বৰ্তন, পৰিৱৰ্তন, বিৱৰ্তন, প্ৰাৰ্থনা, সমৰ্থন, মৰ্দন আদি ৷
(৮) ঋ, ৰ-ৰ পিছত শ, স থাকিলে তাৰ পিছত বহা ন-ৰ পৰিৱৰ্তন নহয়, যেনে- প্ৰকাশন, প্ৰশাসন, দৰ্শন, সুদৰ্শন, প্ৰসন্ন, ভৰ্ৎসনা আদি ৷
(৯) সন্ধি আৰু সমাসজাত কেতবোৰ শব্দত ণত্ববিধিৰ নিয়ম প্ৰযোজ্য নহয়, যেনে- হীৰেন্দ্ৰ-হীৰেন, নৰেন্দ্ৰ-নৰেন, বীৰেন্দ্ৰ-বীৰেন, মৃগনাভি, ত্ৰিনয়ন, পুনৰ্নবা, ৰঘুনন্দন, হৰিনাম আদি ৷
(১০) পদান্তত ৰ থাকিলেও তেনে পদৰ সৈতে যোগ হোৱা প্ৰত্যয়ৰ ন অপৰিৱৰ্তিত থাকে, যেনে-নৰানি, তৰানি, জাৰনি, ভৰনি, বৰুৱানী, বৰানী ইত্যাদি ৷
(১১) মূল্যায়ন, মূল্যাংকন, অধ্যয়ন আদিত সদায় ন হয় ৷
(১২) অসমীয়াত ব্যৱহৃত আৰ্যভিন্ন উৎসৰ পৰা অহা দেশী-বিদেশী শব্দত ণত্ব বিধিৰ নিয়ম প্ৰযোজ্য নহয় ৷ এই ক্ষেত্ৰত ইতিপূৰ্বে গৃহীত ৰূপবোৰকে ব্যৱহাৰ কৰা বিধেয়, যেনে- ইৰান, তেহৰান, ফ্ৰান্স, এণ্টিবায়টিক, ইণ্টাৰনেট, কেণ্টিন, কম্পিউটাৰ ইত্যাদি ৷
ষত্ববিধি
ষত্ববিধিৰ অৰ্থ হ'ল ষ হোৱা নিয়ম ৷ বানান প্ৰকৰণত ক'ত আৰু কিয় ষ লিখিব লাগে তাৰ বিধি-ব্যৱস্থাৰ নামেই ষত্ববিধি ৷ ণত্ববিধিৰ দৰে ষত্ববিধিৰ নিয়মো মূলতঃ তৎসম, অৰ্ধতৎসম আৰু তদ্ভৱ শব্দৰ ক্ষেত্ৰত প্ৰযোজ্য ৷ তলত সেই বিষয়ক কেতবোৰ নিয়ম উল্লেখ কৰা হ'ল :
(১) অ/আ ভিন্ন অন্য স্বৰ, ক্/ৰ্—এই বৰ্ণবোৰৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্য স মূৰ্ধন্য ষ হয়; যেনে—শ্ৰীচৰণ+সু=শ্ৰীচৰণেষু, মুমূৰ্ষু আদি ৷
(২) ঋ, ৰ, ক-ৰ পিছত থকা দন্ত্য স মূৰ্ধন্য ষ হয়; যেনে—
(ক) ঋ+স : ঋষি, ঋষভ, বৃষ, বৃষ্টি, তৃষ্ণা, কৃষক, হৃষ্ট;
(খ) ৰ্+স : আকৰ্ষণ, ঘৰ্ষণ, ধৰ্ষণ, বৰ্ষ, বৰ্ষণ, বৰিষণ, মৰ্ষণ, মৰিষণ;
(গ) ক্+স : (ক্ষ=ক+ষ) ক্ষেত্ৰ, কক্ষ, বুভুক্ষা, দক্ষিণ, মুমুক্ষু ইত্যাদি ৷
(৩) জ্, শ্, ষ্-ৰ লগত ত যোগ হ'লে জ্, শ্, ষ্-ৰ ঠাইত ষ আৰু ত-ৰ ঠাইত ট হয়; যেনে—
(ক) জ্+ত : সৃষ্ট (সৃজ্+ত), ইষ্ট;
(খ) শ্+ত : স্পৃষ্ট (স্পৃশ্+ত), স্পষ্ট, নষ্ট, ভ্ৰষ্ট, ক্লিষ্ট, দৃষ্ট;
(গ) ষ্+ত : পিষ্ট (পিশ্+ত), শিষ্ট;
(৪) সংযুক্ত ৰূপত ট, ঠ, ণ-ৰ লগত সদায়ে ষ যোগ হয়; যেনে—কষ্ট, পৃষ্ঠ, কৃষ্ণ ৷
(৫) চতুষ্টয় শব্দত 'হ্ৰস্বাৎ তাদৌ তদ্ধিতে' সূত্ৰ অনুসাৰে স—ষ হয় ৷
(৬) ই-কাৰান্ত আৰু উ-কাৰান্ত উপসৰ্গৰ (নি, নিৰ, অধি, বি, অপি, অতি, দুৰ) পিছত থকা সু, সিধ্, নম্, আৰু স্থা ধাতুৰ স—ষ হয়; যেনে—আৱিষ্কাৰ [আৱিস্ (আৱিঃ)+কাৰ], বহিষ্কাৰ [বহিস্ (বহিঃ)+কাৰ], বিষণ্ন, বিষাদ, নিষ্কৃত, দুষ্কৃত, নিষ্পলক, নিষ্প্ৰয়োজন, নিষ্কলঙ্ক, পৰিষদ, পৰিষ্কাৰ, অধিষ্ঠান, অনুষ্ঠান, প্ৰতিষ্ঠান, নিষ্ণাত, নিষেধ, প্ৰতিষেধ, অভিষেক, নিষিদ্ধ (নিঃ+সিদ্ধ) ইত্যাদি ৷
(৭) পৰি উপসৰ্গ যুক্ত কৃ ধাতুত সুট্ আগম হ'লে সুট্-ৰ স—ষ হয়; যেনে—পৰিষ্কাৰ (পৰি+কৃ+সুট্) ৷
(৮) সু, বি, নিৰ আৰু দুৰ উপসৰ্গৰ পিছত যোগ হোৱা স্বপ্ ধাতুৰ পৰা উৎপন্ন হোৱা সুপ্-ৰ স—ষ হয়; যেনে—সুষুপ্ত, সুষুপ্তি ৷
(৯) সু, বি, নিৰ আৰু দুৰ উপসৰ্গৰ পিছত বহা সম আৰু সূতি শব্দৰ স—ষ হয়; যেনে—সুষম, বিষম ৷
(১০) শাস্ ধাতুৰ ঠাইত শিস্ আৰু বস্ ধাতুৰ সলনি উস্ হ'লে স—ষ হয়; যেনে—শিষ্ট, শিষ্য ৷
(১১) অনু উপসৰ্গৰ পিছত বহা সঙ্গ শব্দৰ স—ষ হয়; যেনে—অনুষঙ্গ ৷
(১২) ভূমি, গো, অঙ্গু, যুধি আদি কেতবোৰ শব্দৰ পিছত বহা স্থ-ৰ স—ষ হয়; যেনে—ভূমিষ্ঠ, গোষ্ঠ, অঙ্গুষ্ঠ, যুধিষ্ঠিৰ আদি ৷
(১৩) কেতবোৰ শব্দত সদায়ে 'ষ' হয়; যেনে—
আষাঢ়, কলুষ, তোষ, বিষয়, পোষণ,
পাষাণ, পুৰুষ, বিষ, বিশেষ, ভূষণ, তুষাৰ, ষোড়শ, ৰোষ, মুষিক, ভীষণ, প্ৰত্যুষ, প্ৰদোষ, কোষ, মহিষ, ঘৰ্ষণ, বৰ্ষা, ভাষা, পুষ্প, গণ্ডুষ, নিঃশেষ, হৰ্ষ, ঈৰ্ষা, ষাঁড়, ষড়ঙ্গ, গ্ৰীষ্ম, মেষ ৷৷
ষত্ব নিষেধ
কিছুমান শব্দত ষত্ববিধিৰ নিয়ম প্ৰযোজ্য নহয় ৷ তলত তেনে কেতবোৰ শব্দৰ গঠন-প্ৰণালী উল্লেখ কৰা হ'ল :
(১) স-ৰ লগত অঘোষ স্পৰ্শ ব্যঞ্জন যুক্ত হ'লে তেনে ক্ষেত্ৰত ষত্ববিধি প্ৰযোজ্য নহয়; যেনে— স্কন্ধ, স্খলন, স্তন, স্তম্ভ, অস্ত, ব্যস্ত, পদস্থ, স্তিমিত, স্থিৰ, স্তুতি, স্তূপ, স্ত্ৰী, স্থগিত, স্থায়ী, স্থিত, স্পন্দন, স্পষ্ট, স্পৰ্শ, স্পন্দন, বনস্পতি, স্বাস্থ্য আদি ৷
(২) স, শ-ৰ সৈতে ৰ যুক্ত হ'লে স, শ অপৰিৱৰ্তিত থাকে; যেনে—স্ৰাৱ, শ্ৰম, পৰিশ্ৰম, শ্ৰমণ, বিশ্ৰী, কুশ্ৰী, শ্ৰাৱশ, অশ্ৰু, বিশ্ৰাম আদি ৷
(৩) অ, আ, ই-ৰ পিছত স থাকিলে সেই স-ৰ পৰিৱৰ্তন নহয়; যেনে—পুৰস্কাৰ, নমস্কাৰ, তিৰস্কাৰ, আস্বাদ, বিস্বাদ, বিস্মৃতি আদি ৷
(৪) স্, অৰ্থাৎ ঃ-ৰ পিছত স থাকিলে সেই স অপৰিৱৰ্তিত থাকে; যেনে— ছন্দঃস্পন্দ [ছন্দস্ (ছন্দঃ)+স্পন্দ], নিস্তব্ধ [নিস্ (নিঃ)+স্তব্ধ] আদি ৷
(৫) অ, আ ভিন্ন অন্য স্বৰ আৰু ক, ৰ-ৰ পিছত থকা সাৎ প্ৰত্যয়ৰ স অবিকৃত থাকে; যেনে— ধূলিসাৎ, অগ্নিসাৎ, ভূমিসাৎ আদি ৷
(৬) ঋ-ৰ পিছত থাকিলেও কৃশ আৰু দৃশ্য শব্দৰ শ অপৰিৱৰ্তিত থাকে ৷
(৭) ই বা উ-কাৰৰ পিছত থাকিলেও কিছুমান শব্দৰ স-ৰ পৰিৱৰ্তন নহয়; যেনে—অনুসন্ধান, অনুস্বাৰ, বিসৰ্গ, বিস্বাদ, বিস্ময়, বিস্মৰণ, বিস্ফোৰণ, বিস্ফোটক, নিস্তব্ধ, নিস্পন্দ, সুস্থ ইত্যাদি ৷
(৮) বৃক্ষ আৰু আসন নুবুজালে বি-পূৰ্বক স্ত ধাতুৰ স-ৰ পৰিৱৰ্তন নহয়; যেনে— বিস্তৰ, বিস্তাৰ, বিস্তৃত ৷
(৯) পাৰ্গত অৰ্থ বুজালে নি আৰু নদী শব্দৰ পৰৱৰ্তী স্নান শব্দৰ স—ষ হয়, যেনে—নিষ্ণাত (expert) ৷ কিন্তু অকল স্নান বুজালে স অপৰিৱৰ্তিত থাকে; যেনে—নিস্নাত (well bathed) নদীস্নাত (bathed in the river) ইত্যাদি ৷
(১০) বিদেশী আৰু আৰ্যভিন্ন অন্য ভাষাৰ পৰা আহৰিত শব্দৰ ক্ষেত্ৰত ণত্ববিধিৰ দৰে ষত্ববিধিও প্ৰযোজ্য নহয় ৷ এই ক্ষেত্ৰত ইতিপূৰ্বে গৃহীত বানানকে অনুসৰণ কৰা বিধেয় ৷ তেনে কেতবোৰ শব্দ হ'ল—খ্ৰীষ্ট, খ্ৰীষ্টান, ৰেষ্টোৰাঁ, কষ্টিক চ'ডা, গেষ্ট্ৰাইটিছ ইত্যাদি ৷