• লোকসভা নিৰ্বাচন— ২০১৯ : মোদী বনাম ৰাহুল

    • ইচ্যুহীন নিৰ্বাচন : অসমত উন্নয়ন নহয়, কুৎসা ৰটনাই এতিয়া প্রার্থীৰ প্ৰচাৰৰ অস্ত্র
    • নতুন ভোটাৰে কাক পচন্দ কৰিব : দেশত নির্ণয় কৰিব দেশৰ ২৮২টা সমষ্টিৰ প্ৰাৰ্থীৰ ভাগ্য

    @ ছৈয়দ বুলবুল জামানুৰ হক

    ০১৯ চনৰ লোকসভা নির্বাচন৷ অইনবাৰৰ তুলনাত এইবাৰৰ নির্বাচন এক বিশেষ তাৎপর্য বহন কৰিছে এই কাৰণেই যে নির্বাচনী যুঁজখনত অৱতীৰ্ণ হোৱা দুটা শক্তিশালী প্রতিপক্ষ দলে এটাই আনটোক পৰাস্ত কৰিবলৈ প্রত্যেকেই বিশেষ ৰণনীতি তৈয়াৰ কৰিছে। অসমত এফালে মিত্রজোটত অগপ-বিপিএফ-বিজেপি এটা গোট আৰু আনফালে ভাৰতীয় জাতীয় কংগ্ৰেছ এক শক্তিশালী প্রতিপক্ষ। আনহাতে ক্ষুদ্র যেনে এআইইউডিএফ, বাম দলসমূহক আদি কৰি কিছুমান অখ্যাত দলেও নির্বাচনী যুঁজখনত অংশ লোৱা পৰিলক্ষিত হৈছে। আনহাতে বাঁও দলববাৰে সীমিত শক্তিৰে কিছু কিছু অঞ্চলত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব বুলি ধাৰণা কৰা হৈছে। কিন্তু এইবাৰৰ নিৰ্বাচনত অসমত মুখ্য ভূমিকা পালন কৰিব দুই শক্তি এটা হ’ল ভাৰতৰ জাতীয় কংগ্ৰেছ আৰু আনটো হ’ল অগপ, বিপিএফ, বিজেপি, মিত্রজোট। অসমবাসী ৰাইজে এই দুটা শক্তিৰ যিকোনো এটা শক্তিক বাছনি কৰি হয়তো নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব।পিছে ভোট দিব কাক আৰু কি দিব? সম্প্ৰতি এয়াই হৈ পৰিছে এক লাখটকীয়া প্ৰশ্ম৷ ৰাজনৈতিক দলসমূহে যিমানেই ৰণনীতি প্ৰস্তুতি নকৰক কিয় (?), সত্য এয়াই যে সপ্তদশ লোকসভা নির্বাচনৰ সম্পূৰ্ণ ইচ্যুহীন৷ উন্নয়ন নহয়, কুৎসা ৰটনাই এতিয়া প্রার্থীৰ প্ৰচাৰৰ অস্ত্র হৈ পৰিছে৷ ২০১৪ চনত মোদী ঢৌৰ সমান্তৰালভাৱে পৰিৱৰ্তনৰ দোহাই দি বিজেপিয়ে কেন্দ্ৰত শাসনৰ বাঘজৰী হস্তগত কৰিবলৈ সক্ষম হৈছিল। কংগ্ৰেছৰ একেৰাহে পোন্ধৰ বছৰীয়া অপশাসনৰ অন্ত বিচাৰি অসমৰ ৰাইজেও বিজেপিকেই ৰাজ্যৰ শাসনৰ গাদীত বহুৱাইছিল। বিগত বিধানসভা নির্বাচনৰ সময়ত বিজেপিয়ে অসমবাসীক নিবনুৱা সমস্যাকে ধৰি আন বহু সমস্যা সমাধান কৰিব বুলি প্রতিশ্রুতি দিছিল। কিন্তু সেই প্রতিশ্রুতি আজিও পূৰণ নকৰিলে বিজেপিয়ে। ইয়াৰ বিপৰীতে চৰকাৰী বিভিন্ন বিভাগত বিজেপিৰ নেতা-পালিনেতাই নিজৰ অঙহী-বঙহীক নিযুক্তিহে দিলে। লোকসভা নির্বাচনৰ সময়ত এইবাৰ বিজেপিৰ নেতাসকলৰ সুৰ সলনি হৈছে। তেওঁলোকে অসমৰ কোনো উন্নয়নৰ ইছু লৈ ভোটাৰৰ কাষ চপা নাই। অসমৰ বান সমস্যা, নিবনুৱা সমস্যা, বিদেশীৰ সমস্যাকে ধৰি এশ এবুৰি সমস্যাৰ ভিতৰৰে এটা সমস্যাক লৈয়ো কোনো এজন বিজেপি প্রার্থী অথবা নেতাই নির্বাচনী প্রচাৰ সভাত এটা শব্দও কোৱা নাই। ইয়াৰ বিপৰীতে কেৱল কুৎসা ৰটনাতেই ব্যস্ত হৈ আছে বিজেপিৰ প্রার্থী তথা নেতাসকল। প্রতিপক্ষ বুঢ়া গৰুৰ পৰা আৰম্ভ কৰি যিমান পাৰি সিমান বেয়াকৈ বিশ্লষণ লগাই গালি পৰাতেই ব্যস্ত আছে বিজেপিৰ নেতা তথা প্রার্থীসকল। সমস্যা সমাধানৰ প্রতিশ্রুতি দিয়াৰ সলনি বিজেপিৰ বহু নেতাই ৰাজপথত প্রচাৰ অভিযানৰ নামত উর্ধবাহু নৃত্য কৰাহে পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত নির্বাচন অন্ত পৰাৰ পিছত বিজেপিয়ে যদি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় তেন্তে জনতাই তেওঁলোকক জবাবদিহি কৰিবলৈ কোনো পথেই নাথাকিব। কিয়নো নির্বাচনী প্রচাৰৰ সময়ত বিজেপিৰ কোনো নেতা অথবা প্রার্থীয়ে ভোটাৰক কোনো এটা সমস্যা সমাধান কৰিব বুলিয়েই প্রতিশ্রুতি দিয়া নাই। কেৱল গালি-গালাজ আৰু তুচ্ছ-তাচ্চিল্যৰ জৰিয়তেই বিজেপিৰ নেতা-প্রার্থীয়ে নির্বাচনী প্রচাৰ চলাইছে। দেশৰ সংসদীয় নির্বাচনৰ ইতিহাসত এনেধৰণৰ নির্বাচনী প্রচাৰ হয়তো এইবাৰেই প্রথম। অসমৰ ভোটাৰ ৰাইজক ভেড়া সজাই বিজেপিৰ নেতা তথা প্রার্থীয়ে এই আত্মবিশ্বাস ৰাখিয়েই আকৌ এবাৰ মোদীৰ চৰকাৰ হ’ব বুলি আওৰাই আছে৷ আজি যিসকল লোকে আকৌ এবাৰ মোদীৰ চৰকাৰ শীৰ্ষক গীতত নৃত্য কৰিছে তেওঁলোকে এবাৰ নিজকে সুধি চাইছেনে— বিগত পাঁচটা বছৰত প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে যিবোৰ প্রতিশ্রুতি দিছিল সেই প্রতিশ্রুতিসমূহ আখৰে আখৰে পালন কৰা হৈছেনে? তাৎপর্যপূর্ণ কথাটো হ’ল বিজেপিয়ে যিবোৰ প্রতিশ্রুতি দিল্লীৰ পৰা দি আহিছে সেই প্রতিশ্রুতিসমূহৰ ভিতৰত অসম তথা উত্তৰ-পূর্বাঞ্চলক উপকৃত কৰিব পৰা এটা প্রতিশ্রুতিও নাই।

    স্মৰ্তব্য যে উগ্র হিন্দুত্ববাদী বিজেপি দল শাসনত আহিলে অসমীয়া ভাষা-সংস্কৃতিৰ ওপৰত এক ভাবুকিৰ সৃষ্টি হ’ব বুলি যোৱাটো লোকসভা নিৰ্বাচনত বিশেষজ্ঞসকলে ধাৰণা কৰিছিল৷ দলটোৱে শেহতীয়াকৈ অসমত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰি অসমত গতাই দিব বিচৰা কাৰ্যটোৱেই বিশেষজ্ঞসকলৰ ধাৰণাক সত্যতাক প্ৰমাণিত কৰিলে। বর্তমানলৈ ৰাজ্যখনৰ প্রতিটো সম্প্রদায় মিলাপ্ৰীতিৰে/শান্তিৰে বসবাস কৰি আছে যদিও বিজেপিৰ আগ্রাসী বিভাজনমূখী নীতিয়ে ৰাজ্যখনৰ শান্তি-সম্প্রীতিৰ অৱক্ষয় হ'ব পাৰে বুলি বহুতৰে ধাৰণা। দলটোৱে শাসনত অধিষ্ঠিত হোৱাৰ কিছুদিন পিছতেই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আমেৰিকাৰ মোডিছন স্কোৱেৰৰ ভাৰতীয় মূলৰ ব্যৱসায়ীসকলক সম্বোধন কৰোতে উল্লেখ কৰিছিল যে সাতশ বছৰৰ পিছত ভাৰতবৰ্ষত পুনৰ তেওঁলোক শাসনলৈ আহিছে।অর্থাৎ এই বক্তব্যৰ অন্তর্নিহিত অর্থ হ’ল যে দেশত পুনৰ হিন্দুত্ববাদৰ সূচনা মোদী চৰকাৰে কৰিছে। ভাৰতবৰ্ষখন হিন্দু ৰাষ্ট্ৰ কৰা তেওঁলোকৰ মূল লক্ষ্য। আনহাতে কেন্দ্ৰৰ অধিষ্ঠিত মোদী চৰকাৰে যোৱা পাঁচবছৰ কালৰ শাসন ব্যৱস্থা অধ্যয়ন কৰিলে এটা কথা স্পষ্ট হয় যে এওঁলাক হ’ল ধনিক-বণিক শ্ৰেণীৰ চৰকাৰ। ধনী-বণিক শ্ৰেণীৰ সুবিধাৰ কাৰণে তেওঁলোক যিকোনো জনস্বার্থ বিৰোধী সিদ্ধান্ত ল'বলৈ কুণ্ঠাবোধ নকৰে। কৃষক-শ্রমিক-দুখীয়া-শ্রমজীৱি বৃহৎ সংখ্যক ভাৰতীয়ৰ কল্যাণৰ বাবে ভাবিবলৈ তেওঁলোকৰ সময়ৰ অভাৱ হয়। কেন্দ্ৰত শাসন কৰা মোদী চৰকাৰে বিমুদ্ৰাকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে দেশৰ অৰ্থনীতিত চৰম আঘাত কৰিছে আৰু যাৰ প্ৰভাৱ ক্ষুদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকৰ ওপৰত পৰিছে৷ আনহাতে যোৱা সময়ছোৱাত বিদেশী বিতাড়ণ, নিৱনুৱাক কৰ্ম সংস্থাপন, দুখীয়া লোকৰ একাউণ্টত ধন জমা, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ, দুৰ্নীতি নিয়ন্ত্ৰণ, কলা ধন ওভতাই অনা আদি কৰি দিয়া প্ৰতিশ্ৰুতিসমূহৰ এটাও পালন কৰিব পৰা নাই মোদী চৰকাৰে৷ তাৰোপৰি, ধর্মীয় সংখ্যালঘুক শোষন কৰা মনোভাৱ অতিকৈ আপত্তিজনক আৰু দুর্ভাগ্যজনক। সর্বোপৰি, বর্তমান দেশভক্ত আৰু দেশদ্রোহীৰ নামত যি অদৰকাৰী এক বিতর্ক সৃষ্টি কৰা হৈছে কৌশলগতভাৱে, সেয়া কোনো সুস্থ বিবেকবান, নিৰপেক্ষ লোকে সমর্থন কৰিব নোৱাৰে। এই বিতর্কৰ যোগেদি হিন্দুত্ববাদী আদৰ্শৰ বিৰোধীসকলক দেশদ্রোহী সজাবলৈ অহৰহ চেষ্টা চলোৱা হৈছে৷

    ইপিনে অসম আন্দোলনৰ নেতৃবৃন্দৰ দ্বাৰা গাঠিত জাতীয়তাবাদী আদৰ্শৰ অগপ দলে দুটা কার্যকাল অর্থাৎ দহটা বছৰৰ অসমত শাসন কালত অসমবাসীয়ে অগপ চৰকাৰৰ পৰা কি পালে কি হেৰুৱালে সেয়া কাৰো অবিদীত নহয়। অসমত অগপৰ শাসন আৰু দিল্লীত এনডিএ চৰকাৰ থকা কালত অসমত হোৱা গুপ্তহত্যা আজিও অসমবাসীৰ মনত সজীৱ হৈয়ে আছে। কৰ্মচাৰীৰ নিয়মীয়া দৰমহা দিব নোৱাৰা অৱস্থাত নতুন নিযুক্তি বন্ধ কৰা আৰু নতুন পদ সৃষ্টি নকৰাৰ পৰামর্শ দিল্লীত থকা এনডিএ চৰকাৰৰ পৰা আছিল। ৰাস্তা-ঘাটকে আদি কৰি সকলোধৰণৰ উন্নয়ন স্তব্ধ হৈ পৰা অগপৰ শাসনৰ সেই দিনবোৰৰ কথা মনত পৰিলে আজিও এক ভয়াৱহ প্রতিচ্ছবি চকুৰ আগত ভাহি আছে। সোণৰ অসম গঢ়াৰ প্রতিশ্রুতিৰে দহটা বছৰ শাসন কৰা অগপ দলৰ নেতৃবৃন্দই নিজৰ নিজৰ সোণৰ সংসাৰহে গঢ়িলে। আনহাতে তৃণমূল পৰ্যায়ৰ কৰ্মীক গুৰুত্বহীন কৰি মুষ্টিমেয় অগপ নেতাই ধন আৰু গাদীকে ধৰি নিজৰ স্বাৰ্থ আদায়ৰ বাবে অসমীয়াৰ আৱেগ-অনুভূতিক জলাঞ্জলী দি অসমত বলপূৰ্বকভাৱে নাগৰিকত্ব সংশোধনী বিল জাপি দিব বিচৰা বিজেপি দলটোৰ সৈতে পুনৰ মিত্ৰতা কৰাটো অসমবাসীয়ে কোনোপধ্যে মানি ল’ব পৰা নাই৷

    একেদৰে প্রাক্তন সন্ত্রাসবাদী সংগঠন বিএলটিৰ দ্বাৰা গঠিত হাগ্রামা মহিলাৰীৰ নেতৃত্বত ৰাজনৈতিক দল বিপিএফ যোৱা দুটা কার্যকালকে ধৰি প্রায় বাৰ বছৰ কাল বিটিএডি শাসন কৰি আহিছে। অসমৰ পৰা নতুন বড়োলেণ্ড নামেৰে এক পৃথক ৰাজ্য গঠন কৰাই তেওঁলোকৰ মূল লক্ষ্য আৰু উদ্দেশ্য। বিচ্ছিন্নতাবাদী সংগঠনৰ প্রাক্তন মূৰব্বী হাগ্লামা মহিলাৰীৰ কার্যকলাপ-শাসন ব্যৱস্থা কিমান দূৰ গণতান্ত্রিক হ'ব পাৰে তাক সহজেই অনুমেয় পাৰি৷ যোৱা বাৰটা বছৰত বিটিএডি এলেকাত অনাবড়ো প্রায় প্রতিটো সম্প্রদায়ৰ ওপৰতে কম বেছি পৰিমাণে অত্যাচাৰ হৈ আহিছে৷ ধর্মনিৰপেক্ষ, গণতান্ত্রিক দেশৰ অংগৰাজ্য অসমৰ বিটিএডি এলেকাত ভাৰতীয় সংবিধানত উল্লেখিত নীতি-নিয়ম উলংঘন হৈ থকাৰ লগতে বর্তমানেও বড়োলেণ্ডত অনাবড়োৰ সংবিধান প্রদত্ত বিভিন্ন ধৰণৰ অধিকাৰবোৰ অসুৰক্ষিত৷ যি দলৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ’ল পৃথক ৰাজ্য গঠন কৰা আৰু নিজকে অসমীয়া নহয় সঘনে দাবী কৰি আহিছে৷ তাৰ পিছতো অসমবাসীয়ে বিজেপি-অগপ-বিপিএফ মিত্ৰজোঁটক গ্ৰহণ কৰিব নে?

    ইয়াৰ বিপৰীতে দীর্ঘদিন দেশ শাসন কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অহংকাৰ, পৰিয়ালকেন্দ্রিক স্বজনপ্রীতিৰ ৰাজনীতিয়ে সকলোকে আমুৱাইছে। এই দলে সমাজৰ প্ৰতিটো জনগোষ্ঠী/সম্প্রদায়ক প্রতিনিধিত্ব কৰিলেও দুর্নীতি ভ্রষ্টাচাৰ আৰু কিছু হঠকাৰী সিদ্ধান্তৰ বাবে আজি দলটো ৰাইজৰ বাবে অপ্রিয়ভাজন হ'ব লগা হৈছে। সেয়ে সাধাৰণ ৰাইজ আজিও সিদ্ধান্ত ল'ব নোৱাৰা এক উপায়বিহীন অৱস্থাত উপনীত হৈছে।

    ইপিনে এআইইউডিএফ দলেও যোৱা বাৰটা বছৰৰ কাম-কাজৰ খতিয়ান আৰু শীর্ষ নেতৃত্বই কৰা বেপেৰুৱা অভিপ্রায় অতিকৈ লজ্জাজনক। যি লক্ষ্য আৰু উদ্দেশ্য লৈ এই দলৰ জন্ম হৈছিল বর্তমান দলটো সেই নির্ধাৰিত দিশৰ পৰা আঁতৰি অহা যেন অনুমান হয়। ২০১৪ চনৰ লোকসভা নির্বাচনতো লখিমপুৰ, যোৰহাট, শিলচৰ, মঙলদৈ, গুৱাহাটী আদি সমষ্টিত এই দলে বিজেপি বিৰোধী ভোট বিভাজন কৰি বিজেপি দলৰ প্ৰাৰ্থীৰ জয় সুনিশ্চিত কৰিছিল। একেদৰে ৰাজ্যখনত অনুষ্ঠিত হৈ যোৱা ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত প্রার্থীকেন্দ্রিক দুর্নীতি আৰু প্ৰায় (প্রাকে প্রকাৰে) প্রত্যক্ষ বা পৰোক্ষভাৱে হিন্দুত্ববাদী দল বিজেপিক সহায় কৰি থকা বুলি উঠা অভিযোগ একেবাৰে মিছা নহয়৷ কাৰণ এআইইউডিএফ দলৰ ভেঁটি মজবুত নথকা নগণ্য সংখ্যক সংখ্যালঘু ভোটাৰ থকা ভালেকেইখন সমষ্টিত প্রার্থী প্রক্ষেপ কৰি বিজেপি বিৰোধী ভোট বিভাজন কৰি প্ৰকাৰন্তৰে বিজেপিক সহায় কৰিছিল৷ অর্থাৎ আইএমডিটি বাতিল হোৱাত সংখ্যালঘু ৰাইজক সুৰক্ষা দিয়াৰ শ্লোগানেৰে জন্ম লোৱা এআইইউডিএফ দলে আইএমডিটি আইন বাতিল কৰি জাতীয় নায়ক আখ্যা পোৱা সৰ্বানন্দ সোণোৱালক অতি সহজেই ৰাজ্যখনৰ মুখ্যমন্ত্রী হোৱাৰ পথ প্ৰশস্ত কৰিছিল৷ আনহাতে মৌলানা (!) বদৰউদ্দিন আজমলে সমগ্ৰ নাৰীজাতিকে অপমানসূচক মন্তব্য কৰি তেওঁৰ দলৰে এগৰাকী দলত্যাগী মহিলা নেত্রীৰ বিৰুদ্ধে যি নিকৃষ্ট মন্তব্য কৰিছিল সেই বিষয়েও ৰাইজ অজানা নহয়। অংহকাৰী আজমলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুজন প্ৰৱক্তাক ‘দালাল’ আখ্যাৰে অপমানিত কৰি আৰু কেইজনমান প্রবীণ ৰাজনীতিবিদক তেওঁৰ টকাৰে লোহ যোৱা বুলি সদৰী কৰিছিল। কিছুদিন পূৰ্বেও ধুবুৰীত এগৰাকী সাংবাদিককো আক্ৰমণৰ লক্ষ্য হিচাপে অশ্ৰব্য গালি-গালাজেৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভকো অপমান কৰিবলৈ কুণ্ঠাবোধ কৰা নাই৷ তাৰোপৰি, কোনো বিষয়তে সঠিক নীতি, আদর্শ আৰু কাৰ্যসূচী নথকা এটা আৱেগিক দল ৰাইজৰ আশা-আকাঙ্খা পূৰণত কেতিয়াও সফল হ’ব নোৱাৰে। তেনেস্থলত অসমবাসীয়ে এআইইউডিএফ দলটোক কেনেদৰে গ্ৰহণ কৰিব সেয়াও সময়েহে ক’ব৷

    একেদৰে বাঁও দলবোৰৰ প্ৰভাৱো অতি সীমিত। কিছুসংখ্যক প্রার্থী বাঁও দলবোৰে প্ৰক্ষেপ কৰিলেও বর্তমান অতি উচ্চাকাংক্ষী দুর্নীতিগ্রস্ত সমাজ জীৱনত সৎ, নিকা, নিষ্ঠাৱান লোকৰ গ্রহণযোগ্যতা কিমান সেয়া বিগত নিৰ্বাচনসমূহত প্রমাণ হৈ আহিছে৷ বাঁও দলবোৰৰ নীতি-আদৰ্শৰ লগত বহুতে এশ শতাংশ সহমত নাথাকিলেও দলটোৰ ধৰ্মনিৰপেক্ষ গণতান্ত্রিক ভূমিকা অতি উচ্চ প্রশংসাৰ যোগ্য বুলি প্রতিপক্ষয়েও স্বীকাৰ কৰিবলৈ বাধ্য। সেয়ে বৰ্তমানৰ ধর্মীয় মেৰুকৰণৰ ৰাজনীতিৰ বাতাবৰণত বাঁও গণতান্ত্রিক ধর্মনিৰপেক্ষ দলক শক্তিশালী কৰিব পাৰিলে সমাজ উপকৃত হ’লহেঁতেন। পূর্বে কিছুক্ষেত্ৰত দলটোৰ আঁকোৰগোজ সিদ্ধান্তৰ বাবে দলটো সীমাবদ্ধ/সীমিত লোকৰ মাজতে আৱদ্ধ থাকিব লগাত পৰিল। বর্তমান পৰিস্থিতিৰ সলনি হৈছে। বাঁওপন্থীসকলেও আক্টোৰগোজ স্বভাৱ পৰিহাৰ কৰি সকলোৰে গ্রহণযোগ্য স্থিতি গ্রহণ কৰিলে বোধকৰো সৰ্বসাধাৰণৰ মাজত নিজৰ স্থিতি কিছু হলেও সবল কৰিবলৈ সক্ষম হ'ব।

    নতুন ভোটাৰে কাক পচন্দ কৰিব : নির্ণয় কৰিব দেশৰ ২৮২টা সমষ্টিৰ প্ৰাৰ্থীৰ ভাগ্য 

    লোক সভাৰ নিৰ্বাচনত এইবাৰ দেশৰ মুঠ ২৮২টা সমষ্টিত নতুন অর্থাৎ যুৱ ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে। নির্বাচন আয়োগৰ তথ্য বিশ্লেষণ কৰি এই কথা কোৱা হৈছে। এই সমষ্টিবোৰত ২০১৪ চনত বিজয়ী প্রার্থী আৰু তেওঁৰ নিকটতম প্রার্থীৰ মাজৰ ভোট ব্যৱধানতকৈ এইবাৰৰ লোক সভাৰ নিৰ্বাচনত প্ৰথমবাৰ ভোট দিবলগীয়া নতুন ভোটাৰৰ সংখ্যা বহুত বেছি। ১৯৯৭–২০০১ সময়ছোৱাত জন্ম গ্রহণ কৰা এই ভোটাৰসকলে যোৱাবাৰৰ সাধাৰণ নিৰ্বাচনত ভোটাধিকাৰ পোৱা নাছিল। উক্ত বিশ্লেষণৰ পৰা কৰা অনুমান প্রতিটো লোক সভা সমষ্টিত গড় হিচাপত নতুন ভোটাৰৰ সংখ্যা প্রায় ১.৪৯ লাখ হ’ব। ইয়াৰে একাংশই ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পাছত হোৱা বিধানসভাৰ নিৰ্বাচনত ভোট দিব পাৰে, কিন্তু লোক সভাৰ নিৰ্বাচনত এইবাৰ প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব। তথ্য অনুসৰি লোক সভাৰ প্রায় ২৮২টা সমষ্টিত যুৱ ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে। এই বিশ্লেষণ কৰা হৈছিল ২০১৪ চনৰ পাছত ১৮ বছৰ সম্পূৰ্ণ কৰা আৰু ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰা নতুন ভোটাৰসকলক লৈ। এই ২৮২টা সমষ্টিৰ ভিতৰত ২১৭টা ১২খন ৰাজ্যৰ। এই ৰাজ্যকেইখন আৰু লোক সভা সমষ্টিৰ সংখ্যা হ’ল— পশ্চিম বংগ (৩২টা সমষ্টি), বিহাৰ (২৯টা সমষ্টি), উত্তৰ প্রদেশ (২৪টা সমষ্টি), কর্ণাটক (২০টা সমষ্টি), তামিলনাড়ু (২০টা সমষ্টি), ৰাজস্থান (১৭টা সমষ্টি), কেৰালা (১৭টা সমষ্টি), ঝাৰখণ্ড (১৩টা সমষ্টি), অন্ধ্র প্রদেশ (১২টা সমষ্টি), মহাৰাষ্ট্র (১২টা সমষ্টি), মধ্য প্রদেশ (১১টা সমষ্টি) আৰু অসম (১০টা সমষ্টি)। এই ৰাজ্যকেইখনত নতুন ভোটাৰৰ সংখ্যা যোৱাবাৰৰ নিৰ্বাচনত বিজয়ী প্রার্থীৰ ব্যৱধানতকৈ বহুত বেছি। উত্তৰ প্ৰদেশত নতুন ভোটাৰৰ গড় সংখ্যা সর্বাধিক ১.১৫ লাখ। ই এই সমষ্টিবোৰত জয়ৰ ব্যৱধান ১.৮৬ লাখতকৈ অধিক। উল্লেখযোগ্য যে এইবাৰৰ সাধাৰণ নিৰ্বাচনত নতুন ভোটাৰৰ সংখ্যা প্রায় ৮.১ কোটি। এইবাৰৰ লোকসভাৰ নিৰ্বাচনত এই ৮.১ কোটি নতুন ভোটাৰে ৰাহুল গান্ধীৰ নেতৃত্বৰ কংগ্ৰেছক ভোট দিব নে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ বিজেপিক ভোট দিব সেইটো লাখটকীয়া প্রশ্ন হৈ পৰিছে।

    সেয়ে, প্রতিজন অসমবাসীৰ এটা নৈতিক দায়িত্ব আহি পৰিছে যাতে এক সুস্থিৰ, স্থায়ী, শান্তিপ্রিয় সকলো সম্প্রদায়ৰ মাজত সমন্বয় ৰক্ষা কৰিব পৰা এটা দায়িত্বশীল চৰকাৰ দিল্লীত শাসনৰ গাদীত বহিব পাৰে তাৰ বাবে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব।

    ফোন ঃ 9435983235
    ই-মেইল : jamanur786@gmail.com
    ব্লগ : bulbuljamanur.blogspot.in
  • 0 comments:

    Post a Comment

    GET A FREE QUOTE NOW

    Lorem ipsum dolor sit amet, consectetuer adipiscing elit, sed diam nonummy nibh euismod tincidunt ut laoreet dolore magna aliquam erat volutpat.

    ADDRESS

    #B-II, House No. 6, Nilkamal Path, Hatigaon, Guwahati- 781038

    EMAIL

    jamanur786@mail.com
    bulbuljamanur@yahoo.com

    CELLPHONE

    +91 94 35 98 32 35

    TELEPHONE

    **********,