• নীতি একেই, মাথো সলনি আঁচনিৰ নাম

    #ছৈয়দ বুলবুল জামানুৰ হক
    কংগ্রেছ চৰকাৰে তিনিটা কার্যকালত ঘোষণা কৰা অভিলাষী আঁচনিকে হাইজেক কৰি বিজেপি-নেতৃত্বাধীন চৰকাৰে লোক সভাৰ নির্বাচন জয়ৰ বাবে মেলি দিছে অশ্বমেধৰ ঘোঁৰা৷ আৰু মাত্র দুই-তিনি দিনৰ ভিতৰতে ঘোষণা হ’ব লোক সভাৰ নির্বাচনৰ দিন৷
    মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মা, পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীকে ধৰি সোণোৱাল মন্ত্রীসভাৰ সদস্যসকলে এটাৰ পাছত আন এটা আঁচনি এটা দিনো বিৰতি নোলোৱাকৈ উদ্বোধন কৰি গৈছে৷ কিন্তু এই আঁচনিসমূহৰ ভিতৰত অধিকাংশ আঁচনিয়ে পূর্বৰ কংগ্রেছ চৰকাৰ ক্ষমতাত থকা দিনৰে৷ আঁচনিৰ নাম সলনি হৈছে, কিন্তু বিজেপি-নেতৃত্বাধীন চৰকাৰৰ দিনত গ্রহণ কৰা অভিলাষী আঁচনিৰ মূল উদ্দেশ্য একেই আছে৷
    কংগ্রেছৰ দৰে সূতা-কম্বল বিতৰণ কৰি হিতাধিকাৰী সৃষ্টি কৰা ৰাজনীতি কৰাৰ পৰিৱর্তে বিকাশৰ ৰাজনীতি কৰাৰ কথা বিজেপি-নেতৃত্বাধীন চৰকাৰে ঘোষণা কৰিছিল ৷ কিন্তু লোক সভাৰ নির্বাচনৰ পূর্বে লাখ লাখ হিতাধিকাৰীক উপকৃত কৰিব পৰা এখনৰ পাছত আন এখন আঁচনি উদ্বোধন কৰিছে মুখ্যমন্ত্রী সোণোৱাল আৰু তেওঁৰ মন্ত্রীসভাৰ সদস্যসকলে৷ যোৱা এক মার্চৰ পৰা সোণোৱাল চৰকাৰে ৰাজ্যত ৰূপায়ণ কৰিছে এখন অভিলাষী আঁচনি৷

    ‘অন্ন’ নামৰ এই আঁচনিৰ অধীনত ৰাজ্যৰ ৫৭ লাখ পৰিয়ালে লাভ কৰিব এটকা দামত প্রতি কেজি চাউল৷ কংগ্রেছ চৰকাৰৰ দিনত খাদ্য সুৰক্ষা আইনৰ অধীনত অসমত উক্ত পৰিয়ালসমূহে লাভ কৰিছিল তিনি টকা দামত প্রতি কেজি চাউল৷ কৃষকৰ সা-সঁজুলি আঁচনিৰ অধীনত বর্তমানৰ চৰকাৰে কৃষকলৈ আগবঢ়াইছে ৫ হাজাৰ টকাকৈ এককালীন সাহায্য৷ বর্তমানৰ চৰকাৰে কৃষক হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিছে যদিও কৃষকলৈ আর্থিক সাহায্য প্রদানৰ আঁচনি পূর্বৰ কংগ্রেছ চৰকাৰে ২০১৫-১৬ চনৰ বাজেটৰে পৰা প্রযোজ্যক্তহৈ আছে৷ পূর্বৰ কংগ্রেছ চৰকাৰে গ্রহণ কৰিছিল হেলথ কার্ড ব্যৱস্থা৷

    বর্তমানৰ চৰকাৰে এই ব্যৱস্থাক নতুন ৰূপ দিছে অটল অমৃত অভিযানৰ নামত৷ বর্তমানৰ চৰকাৰে বিবাহ উপযোগী কন্যাক ৩৮ হাজাৰ টকা মূল্যৰ এতোলাকৈ সোণ উপহাৰ দিয়াৰ দৰে এখন অভিলাষী আঁচনি ঘোষণা কৰিছে৷ কিন্তু পূর্বৰ কংগ্রেছ চৰকাৰৰ দ্বিতীয়টো কার্যকালত সমাজ কল্যাণ বিভাগৰ অধীনত দাৰিদ্র্য সীমাৰেখাৰ তলৰ ছোৱালীৰ বিবাহৰ বাবে ২০১০-১১ চনৰ বাজেটতে ১০ হাজাৰকৈ আর্থিক সাহায্য দিয়াৰ আঁচনি প্রৱর্তন কৰা হৈছিল৷

    বর্তমানৰ চৰকাৰে মুখ্যমন্ত্রীৰ সমগ্র গ্রাম যোজনাৰ অধীনত কৃষকৰ মাজত ট্রেক্টৰ বিতৰণ কৰিছে৷ কংগ্রেছ চৰকাৰে ২০১৫-১৬ চনৰ বাজেটতে কৃষকৰ মাজত ট্রেক্টৰ বিতৰণৰ আঁচনি গ্রহণ কৰিছিল৷ কংগ্রেছ চৰকাৰৰ শাসনত শিক্ষার্থীৰ উচচ শিক্ষা গ্রহণৰ বাবে ৫০ শতাংশ ঋণ ৰেহাইৰ ব্যৱস্থা কৰা হৈছিল৷ বর্তমানৰ চৰকাৰে একেই উদ্দেশ্যৰে গ্রহণ কৰিছে ‘আৰোহণ’ নামৰ আঁচনিখন৷ বিনিয়োগকাৰীক আকর্ষিত কৰিবলৈ পূর্বৰ চৰকাৰে গ্রহণ কৰিছিল ‘মেক ইন আছাম’৷ বর্তমানৰ চৰকাৰে গ্রহণ কৰিছে ‘এডভাণ্টেজ আছাম’৷ পূর্বৰ চৰকাৰে ৫০ হাজাৰ নিবনুৱা অকলশৰীয়া মহিলাক ১০ হাজাৰকৈ টকাৰ আর্থিক সাহায্য প্রদানৰ আঁচনি লৈছিল৷

    ইয়াৰ বিপৰীতে বর্তমানৰ চৰকাৰে বিধৱা মহিলাক ২৫ হাজাৰকৈ টকাৰ সাহায্যৰ লগতে ২৫০ টকাৰ মাহিলি পেঞ্চন দিয়াৰ কথা ঘোষণা কৰিছে৷ অর্থাৎ কংগ্রেছ চৰকাৰৰ শাসনত যিবোৰ আঁচনি আছিল সেই একেইবোৰ আঁচনিৰ পৰিবর্ধন কৰি নতুন নামেৰে আঁচনিসমূহক ৰাইজৰ মাজলৈ লোক সভাৰ নির্বাচনৰ পূর্বে লৈ যোৱাৰ বাবে তৎপৰ হৈছে বিজেপি-নেতৃত্বাধীন ৰাজ্য চৰকাৰ৷ আঁচনি একেই আছে, মাত্র সলনি হৈছে নাম আৰু বৃদ্ধি হৈছে হিতাধিকাৰীৰ সংখ্যা আৰু আর্থিক সাহায্যৰ পৰিমাণ৷
  • 0 comments:

    Post a Comment

    GET A FREE QUOTE NOW

    Lorem ipsum dolor sit amet, consectetuer adipiscing elit, sed diam nonummy nibh euismod tincidunt ut laoreet dolore magna aliquam erat volutpat.

    ADDRESS

    #B-II, House No. 6, Nilkamal Path, Hatigaon, Guwahati- 781038

    EMAIL

    jamanur786@mail.com
    bulbuljamanur@yahoo.com

    CELLPHONE

    +91 94 35 98 32 35

    TELEPHONE

    **********,