Bulbul Jamanur

I am a Selfish

John Doe

Lorem ipsum dolor sit amet, consectetuer adipiscing elit, sed diam nonummy nibh euismod tincidunt ut laoreet dolore magna aliquam erat volutpat. Ut wisi enim ad minim veniam, quis nostrud exerci tation ullamcorper suscipit .
Erat volutpat. Ut wisi enim ad minim veniam, quis nostrud exerci tation ullamcorper.

  • 3066 Stone Lane, Wayne, Pennsylvania.
  • +610-401-6021, +610-401-6022
  • admin@mydomain.com
  • www.yourdomain.com
Me

My Professional Skills

Lorem ipsum dolor sit amet, consectetuer adipiscing elit, sed diam nonummy nibh euismod tincidunt ut laoreet dolore magna aliquam erat volutpat.

Web Design 90%
Web Development 70%
App Development 95%
Wordpress 60%

Awesome features

Aliquam commodo arcu vel ante volutpat tempus. Praesent pulvinar velit at posuere mollis. Quisque libero sapien.

Animated elements

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Sed tempus cursus lectus vel pellentesque. Etiam tincidunt.

Responsive Design

Pellentesque ultricies ligula a libero porta, ut venenatis orci molestie. Vivamus vitae aliquet tellus, sed mollis libero.

Modern design

Duis ut ultricies nisi. Nulla risus odio, dictum vitae purus malesuada, cursus convallis justo. Sed a mi massa dolor.

Retina ready

Vivamus quis tempor purus, a eleifend purus. Ut sodales vel tellus vel vulputate. Fusce rhoncus semper magna.

Fast support

Suspendisse convallis sem eu ligula porta gravida. Suspendisse potenti. Lorem ipsum dolor sit amet, duis omis unde elit.

0
completed project
0
design award
0
facebook like
0
current projects
Showing posts with label Assamese. Show all posts
Showing posts with label Assamese. Show all posts
  • ভাৰতত বিশ্বকাপ ফুটবল আৰু কিছু কথা…



    ✍ ছৈয়দ বুলবুল জামানুৰ হক

    অধিনায়ক অমৰজিতৰ নেতৃত্বত ভাৰতে শুকুৰবাৰে ইতিহাসত প্রথমবাৰৰ বাবে ফুটবলৰ বিশ্বকাপত অংশ ল’লে। ফিফা অনুৰ্ধ্ব ১৭ বিশ্বকাপত আমেৰিকাৰ বিৰুদ্ধে কালি ভাৰতীয় দলটোৱে পৰাজয়ৰ তিক্ততা সহ্য কৰিবলগীয়া হ’লেও এই দিনটাে ভাৰতীয় ফুটবলৰ বাবে ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ ৰ’ল। কিয়নো ভাৰতত প্রথমবাৰৰ বাবে বিশ্বকাপৰ ফুটবল খেল অনুষ্ঠিত হােৱাই নহয়, ভাৰতীয় ফুটবলাৰেও প্রথমবাৰৰ বাবে বিশ্বকাপত খেলাৰ গৌৰৱ অর্জন কৰিলে। এই সন্ধিক্ষণত বাৰে বাৰে ৬৭ বছৰ পূৰ্বৰ সেই স্মৃতি মনলৈ আহিছে। ভাৰতীয় দলে ১৯৫০ চনতেই বিশ্বকাপৰ মূল ৰাউণ্ড খেলাৰ সুযোগ পায়ো মাত্র ৫০ হাজাৰ টকাৰ অভাৱৰ বাবেই অংশ ল’ব নোৱাৰিলে। পি কে ভাৰতীয় দলটােৱে ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত ফ্রান্সৰ বিৰুদ্ধে যুঁজ দি ২-১ গ’লত সমাপ্ত হৈছিল। ১৯৫৬ চনৰ মেলৱৰ্ন অলিম্পিকত ছেমিফাইনেলত প্ৰৱেশ কৰিছিল। 

    ১৯৫০ চনৰ ব্ৰাজিল বিশ্বকাপত এছিয়াৰ প্রতিনিধি হিচাপে ভাৰতে আমন্ত্রণ লাভ কৰিছিল ধাৰাবাহিক উন্নত প্ৰদৰ্শনৰ বাবেই। ভাৰতক ৰখা হৈছিল ছুইডেন, ইটালী আৰু পাৰাগুৱেৰ সৈতে পুল-৩ত। সূচী মতে, ১৯৫০ চনৰ ২৫ জুনৰ দিনা ভাৰতে পাৰাগুৱেৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেলত মাৰাকানা ষ্টেডিয়ামত অংশ ল’লেহেঁতেন। কিন্তু পৰিতাপৰ বিষয় যে ফিফাই কলকাতাৰ পৰা ব্রাজিললৈ ভ্ৰমণৰ পর্যাপ্ত খৰচ দিবলৈ ৰাজী হােৱাৰ পাছতো বাকী খৰচৰ ধন সর্বভাৰতীয় ফুটবল সন্থাই যোগাৰ কৰিব নোৱাৰিলে। ফুটবলৰ মহাৰণত খেলাৰ সপোন চুল্লী-পি কে বেনাজীহঁতৰ বাবে, তেওঁলোকৰ উত্তৰসূৰীৰ বাবে সপোনেই হৈ ৰ’ল সুদীর্ঘ প্রায় ৭টা দশক ধৰি— যি সপোন বাস্তৱ হ’বলৈ প্রয়োজন হ’ল ৬৭ বছৰৰ।

    উদ্যোক্তা হিচাপেও ভাৰতে পাইছে বিশ্ব ফুটবলৰ দৃষ্টি আকৰ্ষণৰ সুৱৰ্ণ সুযোগ। সেয়ে দিল্লী, কলকাতা, কোচি, নবী মুম্বাই, গুৱাহাটীকে ধৰি আয়োজক চহৰৰ ষ্টেডিয়ামৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে চৰকাৰে ব্যয় কৰিছে ১.২ বিলিয়ন টকা। দেশত ফুটবলৰ প্ৰসাৰ আৰু উন্নয়নৰ উদ্দেশ্যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও নিজাববীয়াকৈ উদ্যোগ গ্রহণ কৰা দেখা গৈছে। সমগ্ৰ দেশৰ চেমনিয়াক ফুটবলৰ সৈতে সাঙুৰি লোৱাৰ বিলাসী পৰিকল্পনাৰে শেহতীয়াকৈ দেশৰ ক্ৰীড়া মন্ত্রালয়ে ‘মিছন ১১ মিলিয়ন’ নামৰ এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছিল। বিগত প্রায় তিনি বছৰত আই এছ এলে ভাৰতবৰ্ষত ফুটবলক জনপ্রিয় কৰাৰ সময়তে ফিফাৰ ১৭ বছৰ অনুৰ্ধ্ব বিশ্বকাপে স্বাভাৱিকতে দেশৰ ফুটবল ক্ষেত্ৰলৈ এক নতুন আশা-উদ্দীপনাৰ জোৱাৰ আনিব।

    বিশ্ব ফুটবলৰ মানচিত্ৰত নিজকে জিলিকাই তোলাৰ বাবে ফিফা বিশ্বকাপ হ’ল ভাৰতীয় ফুটবলৰ বাবে এক সুবর্ণ সুযোগ। ফুটবলৰ সুপ্ত দানৱ” ৰূপে চিহ্নিত ঘৰুৱা দলটােৰ সন্মুখত গ্রুপ পর্যায়তে কঠিন প্রত্যাহ্বানৰ ৰূপত থিয় দিছে আমেৰিকা, কলম্বিয়া আৰু দুবাৰৰ চেম্পিয়ন ঘানা। আন্তঃৰাষ্ট্রীয় ফুটবলত প্রতিষ্ঠিত এই দেশকেইখনৰ বিৰুদ্ধে ভাৰতে চমক দিবলৈ সক্ষম হ’বনে ? অনুৰাগীসকলে ইয়াৰ বাবে খুব বেছি আশা কৰা নাই, কিন্তু এনে এজনো কোবাল ধেনুভৰীয়া শ্বটত বিপক্ষৰ গ’লৰক্ষক ধৰাশায়ী হােৱাৰ কাল্পনিক ছবি। ইফালে দেশবাসীৰ গৰিমা বহন কৰা এই ভাৰতীয় দলটোলৈ উত্তৰপূর্বাঞ্চলৰ অৱদান অনস্বীকার্য। ২১জনীয়া দলটােত উত্তৰ-পূৰ্বাঞ্চলৰ আছে মুঠ ১০গৰাকীকৈ খেলুৱৈ। ইয়াৰে ৮ গৰাকী মণিপুৰৰ আৰু এগৰাকীকৈ ছিকিম তথা মিজোৰামৰ সন্তানে ফিফা ১৭ বছৰ অনুৰ্ধৰ্ব্ব বিশ্বকাপত দেশক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে।

    ফোন : +919435983235
    ই-মেইল : jamanur786@gmail.com
  • মে’ দিৱসৰ চিন্তা : শ্ৰমিকে দেশ গঢ়ে...

     ছৈয়দ বুলবুল জামানুৰ হক

    শ্ৰমিকে দেশ গঢ়ে
    আৰু নেতাই...?
    ন্তঃজাতিক শ্রমিক দিৱস বা মে’ দিৱসৰ নাম উচ্চাৰণ কৰিলে বিশ্বৰ প্ৰান্তে প্রান্তে সিচঁৰিত হৈ থকা অগণন নিপিড়ীত, শোষিত, বঞ্চিত মানুহৰ ছবিখন পোহৰলৈ আহে। মানৱ সভ্যতাৰ দৰে শ্ৰমিক দিৱসৰাে এক দীঘলীয়া ইতিহাস তথা অধ্যায় আছে। ইতিহাসে প্রমাণ কৰে যুগে-যুগে শ্রমজীৱী মানুহ শোষিত আৰু বঞ্চিত হৈ আহিছে। আমেৰিকাৰ দৰে বিশ্বৰ উদ্যোগ আৰু বাণিজ্যৰ ক্ষেত্ৰত আগবঢ়া দেশতেই প্রথম শ্রম বিদ্রোহ হৈছিল। একালৰ সূর্যোদয়ৰ পৰা সূৰ্য্যস্তৰলৈ আৰু কোনো কোনো উদ্যোগ কল-কাৰখানা ২৪ ঘণ্টাৰ ভিতৰত ১৯-২০ ঘণ্টা পর্যন্ত শ্রমিকে শ্ৰমদান কৰিবলগা হৈছিল। এই অবর্ণনীয় বাতাবৰণৰ বিৰুদ্ধে শ্রমিক সমাজ সংঘৱদ্ধ হােৱাৰ ফলত বহু ৰক্তক্ষয়ী আন্দোলনৰ সূচনা আৰু দীর্ঘদিনীয়া ঘাত-প্রতিঘাতৰ অন্তত ১৮৮৯ চনত আন্তঃজাতিক মহা সন্মিলনে শ্রমিক দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইমৰ্মে ১৮৯০ চনৰ পৰা আন্তঃজাতিক শ্রমিক দিৱস তথা মে’ দিৱস উদযাপন কৰিবলৈ লোৱা হয়। আমেৰিকা, ইংলেণ্ড আদিৰ বহু পাছত ভাৰতত এই দিৱস পালনৰ সিদ্ধান্ত লোৱা হয়। অসমতো ধুবুৰীৰ দেশলাই কাৰখানা আৰু ডিগবৈ শোধানাগাৰ আদিত প্রথম শ্রমিক দিৱস পালন কৰা বুলি জনা যায়। শ্রমিকৰ বৃহৎ আৰু সফল সংগ্ৰামৰ ফলতেই একালৰ ১৯-২০ ঘণ্টীয়া শ্ৰমৰ সময় হ্রাস পালে যদিও শ্রমিকৰ সমস্যাসমূহ। কিন্তু নিম্পত্তি নহ’ল। বৰং ন-ন কৌশলেৰে মালিক গোষ্ঠীয়ে শোষণ-বঞ্ছনা বহু পৰিমানে বৃদ্ধি পাবলৈ ধৰিলে। শ্রমিকৰ অৱস্থা ভাৰতবৰ্ষৰ আন ৰাজ্যৰ দৰেই অসমৰ ক্ষেত্ৰতো অত্যন্ত শোচনীয়। ৰাজ্যখনৰ প্ৰায় তিনি কোটি পোন্ধৰ লাখৰাে অধিক জনসাধাৰণৰ ভিতৰত অসংগঠিত খণ্ডত শ্রমিকসকলক সামৰিলে এই সংখ্যা কোটিৰ ঘৰ চুবগৈ। কেৱল অসংগঠিত খণ্ডৰ শ্ৰমিক সংখ্যালৈ চালেও ৮২ লক্ষাধিক যথেষ্ট ডাঙৰ সংখ্যা। কল্যাণকামী ৰাষ্ট্র নাগৰিক হ’লেও অসমৰ শ্ৰমিকসকলৰ আজিও মজুৰিৰ পৰা আৰম্ভ কৰি সামাজিক নিৰাপত্তা লৈকে সকলো ক্ষেত্ৰতে পদে-পদে বঞ্চিত ন্যায্য প্ৰাপ্তিৰ পৰা বহু যোজন নিলগত এইসকল শোষিত-বঞ্চিত শ্রমিক। ৰাজ্যখনৰ চাহ বাগানৰ বনুৱাই মজুৰিৰ বাবে শেহতীয়াকৈ কৰা আন্দোলনেও সেইসকল লোকৰ কৰুণ অৱস্থাটােকে প্রতিফলন কৰে। অসংগঠিত খণ্ডৰ শ্ৰমিকৰ বাবে জীৱন বীমাকে ধৰি পেঞ্চন তথা দুর্ঘটনাজনিত আন সাহায্যৰ কথাবোৰ এতিয়া বাৰুকৈয়ে উপেক্ষিত হৈ আছে। ৰাজ্যখনৰ শোষিত-বঞ্চিত শ্রমিকসকলৰ সংঘৱদ্ধ কৰা আৰু নিজৰ প্ৰাপ্য লাভৰ বাবে সচেতন তথা সজাগ কৰি তোলা অতি জৰুৰী হৈ পৰিছে। সেয়া কৰিব নোৱাৰিলে শ্রমিকসকল যুগ-যুগান্তৰ ধৰি বঞ্চিত হৈ ৰ’ব। সমাজৰ এক বৃহৎ অংশ চিৰকাল অৱহেলা কৰি চলা প্ৰৱণতা নিশ্চয় শুভ লক্ষণ হ’ব নোৱাৰে। তেনে প্রেক্ষাপটত মে’ দিৱসৰ এই পৱিত্ৰ ক্ষণত সকলোৱে একত্ৰিত হােৱাৰ সংকল্প ল’ব লাগিব, যাতে অনাগত দিনত নিজৰ অধিকাৰ শ্ৰমিকসকলে সাব্যস্ত কৰিব পাৰে আৰু এখন সমৃদ্ধিশালী ৰাজ্য গঢ়াত উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে।
    ☎ ৯৪৩৫৯৮৩২৩৫
  • ৰমৰম...... ! ৰাজ্যবাসীৰ হৃদয়ত স্থান বর্ণালীৰ

    ঃ ছৈয়দ বুলবুল জামানুৰ হ’ক 


    ৰম-ৰম জ্বলিছে গাত/এইবাৰ বিহুৰে বাট/কিনো জুই জ্বলালি/গাতে মোৰ চেনাইটি.....। এটি মন পৰসা তথা শ্রোতাৰ কৰ্ণকুহৰ বহু দিনলৈ গুঞ্জৰিত কৰি ৰখা এটি গীত। গীতটোৰ কথা আৰু সুৰ দেবেন কুমাৰ দাস আৰু কণ্ঠ বর্ণালী দাসৰ অফুৰন্ত কর্মস্পৃহা, নিৰলস চেষ্টা আৰু প্রবল ইচ্ছা শক্তিক সাৰথি কৰি বৰ্ণালী দাসে ৰাজ্যবাসীক ভোগালীৰ উপহাৰ হিচাপে দিয়া সূৰুযৰ সাতো ৰঙেৰে বৰ্ণালী’ নামৰ এলবামৰ এই গীতটোকে ধৰি মুঠ ছয়টা আধুনিক অসমীয়া গীতৰ সমাহাৰৰ এই এলবামটোৰ জৰিয়তে অৱশেষত বর্ণালী দাসে অসমীয়া সংগীত প্রেমীৰ মনত চেনেহৰ সোঁত বোৱাই ৰাজ্যবাসীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। নিজস্ব গায়কীৰ বিচক্ষণতাৰে সৰুৰে পৰাই গীতৰ গাই বর্ণালী দাসে বিভিন্ন স্থানত পুৰস্কৃত হোৱাৰ সমান্তৰালকৈ আকাশবাণী, দূৰদৰ্শন কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠানতো ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। স্বকীয় প্রতিভাৰ স্বীকৃতি স্বৰূপে এনেদৰে গীত গাই বিভিন্ন স্থানত শ্রেষ্ঠ গায়িকাৰ সন্মান লাভ কৰাৰ লগতে অৱশেষত বর্ণালী দাসে সূৰুযৰ সাতো ৰঙেৰে বৰ্ণালী’ নামৰ প্ৰথমটাে এলবামৰ জৰিয়তে তাইৰ কোকিল কণ্ঠীৰ প্ৰভাৱ ৰাজ্যবাসীৰ মাজতো সিচৰিত কৰিবলৈ সক্ষম হয়। যোৱা বছৰ বৰ্ণালী দাসে ৰাজ্যবাসীক ভোগালীৰ উপহাৰ হিচাপে দিয়া সূৰুযৰ সাতো ৰঙেৰে বৰ্ণালী’ নামৰ এলবামটোত আছে মুঠ ছয়টাকৈ গীত। ইয়াৰে ৰম ৰম জ্বলিছে গাত (কথা আৰু সুৰদেবেন কুমাৰ দাস), নিয়ৰ সৰা পুৱতি নিশা (কথা আৰু সুৰ-বর্ণালী দাস), ‘তুমি’ আৰু পখী হৈ উৰিছো (কথা আৰু সুৰ-গীতালী দাস) আদি অন্যতম। গীতসমূহত বর্ণালী দাসৰ লগতে কণ্ঠদান কৰিছে জনপ্রিয় কণ্ঠশিল্পী সীমান্ত শেখৰে। অক্ষাই কুমাৰ বৰুৱাই ‘গীত প্ৰডাকচনৰ বেনাৰত প্রযোজনা কৰা এলবামটোৰ সংগীত ব্যৱস্থাপনা ধীৰাজ ডেকা আৰু শেখৰজ্যোতি গোস্বামীৰ। 

    Click Here >>>> For Video 
    Like & Subscribe
    গুৱাহাটীৰ এম, কে, ডিজিটেল ষ্টুডিঅ’ত গীতসমূহ বাণীবদ্ধ আৰু মিশ্রণ কৰিছে দিগন্ত বৰা আৰু শেখৰজ্যোতি গোস্বামীয়ে। অফুৰন্ত কর্মস্পৃহা, নিৰলস চেষ্টা আৰু প্রবল ইচ্ছা শক্তিক সাৰথি কৰি বর্ণালী দাসে ৰাজ্যবাসীক ভোগালীৰ উপহাৰ হিচাপে দিয়া সূৰুযৰ সাতো ৰঙেৰে বৰ্ণালী’ নামৰ এলবামৰ প্ৰতিটাে শ্রুতিমধুৰ গীতে ৰাজ্যবাসীৰ হৃদয়ত স্থান লাভ কৰাত ৰাজ্যবাসীৰ পূৰ্ণ সহাৰিক আস্থা হিচাপে লৈ কোকিল কণ্ঠী গায়িকা বর্ণালী দাসে পুনৰ আন এক এলবামৰ জৰিয়তে ৰাজ্যবাসীক নতুন উপহাৰ দিয়াৰ বাবে যোজ্য চলোৱাৰ লগতে এইবেলিও বিহুকে ধৰি বিভিন্ন সাংস্কৃতিক মঞ্চতো গীত গাবলৈ সম্পূর্ণ সাজু হৈছে।
  • বাস্তৱায়িত হ’বনে ডঃ কালামৰ ভাৰতবৰ্ষ ২০২০

    # ছৈয়দ বুলবুল জামানুৰ হক 


    সপোন সেইটো নহয়, যিটো আমি টোপনিত দেখো। সপোন সেইটো, যিটোবে আমাক টোপনি আহিবলৈ নিদিয়ে। মিছাইল মেন খ্যাত ভাৰতৰ প্রাক্তন তথা আটাইতকৈ জনপ্রিয় ৰাষ্ট্রপতি ডঃ এ পি জে আব্দুল কালামে এনে বাণী প্রচাৰ কৰিয়েই জীৱনৰ শেষ মুহুর্তলৈকে দেখিছিল এক বিৰাট সপোন। যি সপোন সাধাৰণতে মই বা আপুনি খুউব কম দেখো। সপোনটো হ’ল— ভাৰতবৰ্ষ ২০২০। অর্থাৎ ২০২০ চনৰ ভিতৰত এখন উন্নয়নশীল ভাৰতবৰ্ষক উন্নত ভাৰতবৰ্ষলৈ ৰূপান্তৰ কৰা। বিশ্বৰ প্রথম পাঁচ অর্থনৈতিক শক্তিৰ মাজত ভাৰতক নিজৰ স্থিতি সবল কৰাৰ উদ্দেশ্যে দেশৰ শক্তি-সামর্থ্য, দুর্বলতাসমূহৰ গতিবিধি আদি পৰীক্ষা কৰি দেখা এক অসাধাৰণ সপোন। যি সপোন বাস্তৱত ৰূপায়িত কৰাৰ বাবেই নিজেই আপ্রাণ চেষ্টা চলোৱাৰ লগতে সমগ্ৰ ভাৰতবাসীকো এই সপোন দেখুৱাই ইয়াক ব্যস্তৱত ৰূপায়িত কৰাৰ বাবে বাধ্য কৰিবলৈ যত্ন কৰিছিল। কালামৰ এই সপোনৰ বিষয়ে লিখিবলৈ হ’লে হয়তো কেতিয়াও ওৰ নপৰিব। জীয়াই থকা দিন কেইটাত এই সপোনৰ পিছে পিছে দৌৰি থকাৰ সমান্তৰালকৈ তেওঁৰ মৃত্যুত যাতে বন্ধ বা ছুটি ঘোষণা কৰা নহয় তাৰ বাবে তেওঁ আহবান জনাইছিল। এই আহবানটো আছিল তেওঁৰ এই সপোনক বাস্তবায়িত কৰাৰ শেহতীয়া এক দৃষ্টান্তমূলক উদাহৰণ। সৰল অৰ্থত বুজিবলৈ হ’লে যদিহে তেওঁৰ মৃত্যুত অতি কমেও এদিন বন্ধ বা ছুটি ঘোষণা কৰা হয়, তেন্তে সেই ছুটি বা বন্ধৰ বিপৰীতে এই সপোনৰ ভাৰতবৰ্ষখনৰ যি ক্ষতি হ’ব, সেই ক্ষতি হয়তো কোনো দিনেই উঠি নাহিব। যিকোনো দিশতেই হোৱা এই ক্ষতিয়ে তেওঁৰ সপোনক ব্যস্তবায়িত কৰাৰ ক্ষেত্ৰত সেই এটা দিন সদায় পিছ পৰি থাকিব। কি আছে এই সপোনত? কিয় দেখিছিল এনে সপোন? এদিনাখন ডঃ কালামে এলানি বক্তৃতা দি উঠাৰ লগে লগে দহ বছৰীয়া কিশোৰী এজনীয়ে তেওঁৰ কাষ চাপি গৈ ‘অটোগ্রাফ বিচাৰিছিল। তেতিয়া কালামে তাইক সুধিছিল তোমাৰ জীৱনৰ আকাংক্ষা কি? কিশোৰীগৰাকীয়ে তিল পৰিমাণো সংকোচ নকৰাকৈয়ে তপৰাই উত্তৰটো দিছিল যে মই এখন উন্নত ভাৰতবৰ্ষত বাস কৰিব বিচাৰো আৰু যিটো আপোনাৰ জৰিয়তেই সম্ভৱ হ’ব বুলি ভাবো। কিশোৰীগৰাকীৰ এনে মন্তব্যই ডঃ কালামে দেখি থকা সপোনটোক আৰু অধিক গভীৰতালৈ ঠেলি নিলে। ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰ ৰূপত গঢ়ি তুলিবলৈ এক সুসংহত পৰিকল্পনাৰ প্রয়োজন বুলি এক সঠিক চিন্তা আগত ৰাখিয়েই আৰম্ভ কৰিছিল ইণ্ডিয়া ২০২০ ঃ এ ভিজন ফৰ দা নিউ মিলেনিয়াম’ নামৰ এক সপোন। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ প্ৰতিজন ব্যক্তিয়ে জড়িত হৈ পৰিছিল এই সপোনত। প্রত্যেকৰে বিশ্বাস আছিল মহাকাশ প্রযুক্তিবিদ্যাই দেশ আৰু ইয়াৰ মানুহক দিব পৰা আটাইখিনি আদায় কৰিবলৈকে যেন তেওঁলোকৰ জন্ম হৈছে। তাৰ পিছৰে পৰাই পশ্চাদগমন নকৰাকৈ আন আন দেশৰ বিকাশৰ পৰিকল্পনা, ২০২০ চনলৈকে প্রযুক্তি পৰিকল্পনাৰ ক্ৰমবিকাশ, খাদ্য কৃষি আৰু প্রস্তুত প্রণালী, পদার্থ আৰু ভৱিষ্যৎ ৰাসায়নিক উদ্যোগ আৰু জৈৱিক সম্পদ, মানৱ সমৃদ্ধিত সেৱা ক্ষেত্ৰৰ ভূমিকা, শক্তিসংবদ্ধক উদ্যোগ, সকলোৰে বাবে স্বাস্থ্য সূৰক্ষা, সুদৃঢ় বুনিয়াদ আদি সকলো সামৰি আৰম্ভ কৰা হৈছিল এই সপোনৰ মিছন। যাৰ মূলতঃ লক্ষ্য আছিল এক শক্তিশালী ভাৰতবৰ্ষৰ নিৰ্মাণ অর্থাৎ সমগ্র দেশত উপলব্ধ সুবিধাৰ ভেটিত নির্মিত এক বিকশিত, গৌৰৱমণ্ডিত ভাৰতবর্ষ।


    দেশৰ মহান ৰাষ্ট্রনায়ক আৰু দেশ নির্মাণৰ খনিকৰসকলৰ গৌৰৱমণ্ডিত পিৰিৰ অবিৰত পৰিক্রমাৰ বর্ণচ্ছটাত অৱগাহন কৰি আহি এটা সময়ত দেশৰ সর্বোচ্চ আসনখনত সমাসীন হোৱা মহামান্য ডঃ কালামে তেওঁৰ ভাৰতবৰ্ষখন নির্মাণ কৰি তাক ভৱিষ্যৎ প্রজন্মৰ হাতত অৰ্পণ কৰিব খুজিছিল। ‘I have a dream—to live in a nation, prosperous, beautiful and secured India. I realize, small aim is a crime. I will sweat and work for the nation transforming India into a developed India. Our ignited mind is the most powerful resource on the earth, above the earth, under the earth. We will make the nation developed.” Elsiorg for asso êsosi of W. বিজ্ঞানীগৰাকীয়ে নতুন সহস্রাব্দৰ শুভপ্রত্যুষৰ শুভ লগ্নত এখন স্বচ্ছ, নিকা, সংহত,শক্তিশালী, সমৃদ্ধিশালী, গৰিমামণ্ডিত, বিকশিত ভাৰতবৰ্ষ নির্মাণৰ মহান স্বপ্নৰ দ্যোতনা দচকুত লৈ মহাৰ্ণৱসম প্রজ্ঞা আৰু মনীষাৰে দেশ নির্মাণৰ সংৰচনা কি হ’ব, কেনেকৈ ৰাষ্ট্ৰৰ বুনিয়াদ মজবুত কৰিব লাগিব তাৰ বাস্তৱভিত্তিত সন্ধান পোৱা যায় এই মিছনত। ডঃ কালামে দেশ নির্মাণৰ এই মহান যজ্ঞত ভাগ ল’বলৈ দেশৰ বিভিন্ন ক্ষেত্ৰত অগ্রণী বিশেষজ্ঞ, দিগদশী বিজ্ঞানী, সমাজসেৱী, সংবাদদাতা, শিল্পী, সাহিত্যিক, কৃষক-হালুৱা-হজুৱা-বনুৱা সকলোলৈ আহবান জনাইছে। ৰাষ্ট্রপতি হোৱাৰ আগতে তেওঁ ভাৰতবৰ্ষৰ মহামান্য সাংসদসকললৈ লিখা পত্ৰখনতো তেওঁৰ সপোনৰ ভাৰতবৰ্ষৰ কথাকে এনেদৰে দোহাৰিছিল— If I get an opprotunity, we will work together, within the parliamentary system, to generate a road Developed Nation’. In my Book ‘INDIA 2020: A Vision for the New Millennium', I have said, ‘A Developed India by 2020, or even earlier, is not a dream. It need not even by a mere vision in the minds of many Indians. It is a mossion we can all take up—and succeed.” Gog fiers দেশখনক সবাতোকৈ শক্তিশালী আৰু সম্পদশালী হিচাপে গঢ়ি তোলা ভেটি দেশৰ কৃষি-উদ্যোগ, বিজ্ঞান, স্বাস্থ্য, গৱেষণা, সমাজ, সংস্কৃতি, ৰাজনীতি আদিকে ধৰি নবীনতম প্রযুক্তিসমূহৰ বিকাশৰ বাবে ভৱিষ্যৎ পৰিকল্পনা দাঙি ধৰি এক উন্নত ভাৰতবৰ্ষ নির্মাণৰ সুসংহত পৰিকল্পনাৰ ৰচিছে এই মিছনত। ভাৰতবৰ্ষখনক লৈ এনে আশা কৰা ডঃ কালামৰ পিছত হয়তো দ্বিতীয়জন ব্যক্তি বিচাৰি পোৱাটো অতি টান। সমগ্র ভাৰতবাসীৰ চকুলো নিঃশেষ কৰাৰ আশাৰে এনে সপোন লৈ অৱশেষত জীৱন যুদ্ধত পৰাজিত হোৱা কালামৰ এই সপোনক আমি বাস্তবায়িত কৰিব পাৰিমনে? যদিহে আমি প্রত্যেকেই তেওঁক প্রকৃততে ভালপাওঁ তেন্তে তেওঁ বিচৰা ধৰণে নিঃসন্দেহে এই সপোনক বাস্তবায়িত কৰাটো হয়তো কোনো কঠিন কাম নহ’ব। তেওঁ বিচৰা ধৰণে সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিগৰাকী নাৰী-পুৰুষ, যুৱ প্রজন্মই আগবাঢ়ি আহি ধৰ্মৰ ভেদাভেদেৰে সম্প্রতি চলি থকা লেতেৰা ৰাজনীতিক পাহৰি এগৰাকী ভাৰতীয় হিচাপে আৰু কালামৰ ওপৰত আশা কৰা সেই কিশোৰীগৰাকীয়ে আশা কৰা ধৰণে আমি প্রত্যেকেই এখন উন্নত ভাৰতবৰ্ষত বাস কৰি স্বপ্নদ্রষ্টা ডঃ কালামৰ এই সপোনক বাস্তৱায়িত কৰি তুলিব নোৱাৰিম নে? সময় এতিয়াও হাতত বাকী আছে।

  • ৰহস্যৰ আৱৰ্ত্তত চৰ-চাপৰিত কৃষক মুক্তিৰ পদযাত্ৰা আৰু সংখ্যালঘু নেতা ৰাতুল হুছেইনৰ ভূমিকা

    ঃ ছৈয়দ বুলবুল জামানুৰ হ’ক

    কৃষক মুক্তি সংগ্রাম সমিতি, অসমৰ সাম্প্রতিক প্রেক্ষাপটত ধর্মনিৰপেক্ষ সংগঠনৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা এটা সংগঠন। কৃষক মুক্তি সংগ্রাম সমিতিক ধর্মনিৰপেক্ষ সংগঠন বুলি উল্লেখ কৰাৰ বাবে পাঠক সমাজৰ বহুতে হয়তো বহুধৰণে ভাবিব যদিও আজিৰ প্রেক্ষাপটত প্রতিটো জাতি-জনগোষ্ঠীয়ে নিজ নিজ জাতি-জনগোষ্ঠীৰ সর্বাংগীন উন্নয়ন তথা সমস্যা সমূহ সমাধানৰ বাবে পৃথকে পৃথকে ছাত্র সংগঠনকে ধৰি বিভিন্ন সংগঠনৰ জন্ম দিছে আৰু আন্দোলনৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে। ফলত সংগঠনসমূহৰ যি ধর্মনিৰেপক্ষতা তাৰ স্থান প্রায় নিঃশেষ হৈ পৰিছে। হয়তো ইয়াৰ উদাহৰণ দিয়াৰ প্রয়োজন নহলেও উল্লেখ কৰিব পাৰো যে-আমাৰ দেশ ভাৰতবৰ্ষ ধর্মনিৰপেক্ষ আৰু অসমখন এই ভাৰতৰে এটি অংগ। অসমত যেতিয়া ছাত্র সংগঠন আছুৰ পৰা ফালৰি কাটি আহি আহি বিভিন্ন ছাত্র সংগঠন বা আন আন সংগঠনৰ জন্ম হবলৈ ধৰে তেতিয়াৰ পৰাই ৰাজ্যখনত হয়তো সৃষ্টি হবলৈ ধৰিছিল এক সাম্প্রদায়িক উকমুকনিৰ ফলত সাম্প্রতিক সময়ত যেন আছু হৈ গ’ল অসমীয়া জাতিটোৰ ছাত্র সংগঠন, সংখ্যালঘুৰ স্বার্থত আমছ, বাঙালীৰ স্বাৰ্থত বাঙালী যুৱ ছাত্র ফেডাৰচেন, কোচ-ৰাজবংশীসকলৰ স্বাৰ্থত আক্ৰাছ ইত্যাদি...। একেদৰে সৃষ্টি হ’ল এটি সংগঠনৰ বিৰুদ্ধে আন এটি সংগঠনৰ মাজত যেন শীতল যুদ্ধ। এটা সংগঠনে তেওঁলোকৰ জাতি জনগোষ্ঠীৰ বাবে যি দাবী উত্থাপন কৰে আন এটা সংগঠনে তাৰ বিৰোধীতা কৰে। তেন্তে অসমৰ উন্নতি কেনেদৰে সম্ভৱ ? কাৰণ অসমৰ উন্নতি হ’বলৈ হ’লে অসমত বাস কৰা প্রতিটো জাতি-জনগোষ্ঠীৰ সর্বাংগীন উন্নয়ন হ’লেহে অসমৰ উন্নতি। তেনে ক্ষেত্ৰত ৰাজ্য এখন উন্নতিৰ পথলৈ আগবঢ়াই নিয়াৰ অন্যতম গুৰিধৰোতা যুৱক সমাজ তথা সংগঠনসমূহৰ এনে বিভাজনকামীসকলে প্রকৃততে অসমৰ উন্নয়ন বিচাৰিছিল নে? যদি সেয়াই হয় অসমৰ জাতীয়তাবাদী সংগঠন আছুৰ পৰা কিয় ফালৰি কাটি আহিল বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক? কিয় আহিবলগীয়া হ’ল? কিয় অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক একতাৰ বান্ধোনত একত্রিত কৰি ৰাখিব নোৱাৰিলে জাতীয়তাবাদী সংগঠনে? সেয়া হয়তো নজনা কোনো নহয়। জাতীয়তাবাদী সংগঠনে কোনটাে অসমৰ উন্নতি বিচাৰিছিল। কেৱল অসমত বাস কৰা আসমীয়াৰ। তেন্তে তেওঁলোকৰ দৃষ্টিত অসমত বাস কৰা আন আন জাতি-জনগোষ্ঠীৰ লোক অসমীয়া নহয়নে ? এনেধৰণৰ বিভিন্ন প্রশ্নৰ উত্তৰ বিচাৰিলে অসমত কোনো জুই বিয়পাইছে, কোনে সাম্প্রদায়িকতাৰ সৃষ্টি কৰিছে, কোনে অসমৰ উন্নতিত বাধা প্রদান কৰিছে সেয়া হয়তো স্পষ্ট ফুটি আহে। এনেদৰে দৰে বিভাজিত হৈ হৈ আহি অৱশেষত প্রথমে কৃষকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত জন্ম ললে কৃষক মুক্তি নামৰ এটি সংগঠন। যত স্থান পালে প্ৰতিগৰাকী অসমীয়া, মুছলমান, বঙালী, বড়ো ইত্যাদি জাতি-জনগোষ্ঠীৰ লোক। যাক সচা অৰ্থত অসমীয়া বুলি কোৱা হয়। আৰম্ভণিৰপৰাই সংগঠনটোৰ নেতা অখিল গগৈয়ে সম্পাদক পদত থাকি যেনেদৰে বিভিন্ন সমস্যাৰ বিৰুদ্ধে মাত মাতি আহিছিল, পিছলৈ এইগৰাকী নেতাই সংগঠনটোৰ সভাপতি পদত অধিষ্ঠিত হৈয়ো সেই একে ভংগীমাৰে ৰাজ্য আৰু ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ বিৰুদ্ধে মাত মাতি আহিছে। অৱশ্যে কৃষক মুক্তি সংগ্রাম সমিতিৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি সেয়াও কিন্তু আজিৰ দিনতো সন্দেহজনক। কিয়নো সংগঠনটােৰ কোনো এটা নিৰ্দ্দিষ্ট উদ্দেশ্য আৰু লক্ষ্য এতিয়ালৈকে স্পষ্ট ফুটি উঠা নাই। তাৰে মাজতে এবাৰ যদি নদী বান্ধ বিৰোধী, আন এবাৰ ভূমি পট্টা আন্দোলন, আকৌ ভুৱা বিত্তীয় প্রতিষ্ঠান আদি কৰি বিভিন্ন ব্যতিক্রমী আন্দোলনেৰে অসমবাসীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। অখিল গগৈৰ নেতৃত্বাধীন কৃষক মুক্তি সংগ্রাম সমিতিৰ এনে বহুতো ব্যতিক্রমী আন্দোলনৰ বাবে হয়তো ৰাজ্যখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। 
    ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ এনে বিভিন্ন সমস্যাৰ বিৰুদ্ধে মাত মাতি অহাৰ পিছত শেহতীয়াকৈ কৃষক মুক্তি সংগ্রাম সমিতিয়ে নামনি অসমৰ ইতিহাস, ভূগোল, আর্থসামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক সমস্যা সন্দৰ্ভত যোৱা ২০ ছেপ্টেম্বৰৰ পৰা চৰ-চাপৰিত যি পদযাত্রা কার্যসূচী হাতত লৈছে সেয়া নিশ্চয়কৈ শলাগিবলগীয়া। কিয়নো চৰ-চাপৰিত বাস কৰা এশ শতাংশই লোক হৈছে ধর্মীয় সংখ্যালঘু লোক। জাতীয়তাবাদী সংগঠন আছুৱে এইসলক লোকৰ সপক্ষে তথা চৰ-চাপৰিৰ বিভিন্ন সমস্যা সন্দৰ্ভত কোনো দিনেও মাত এষাৰ নুলিওৱাৰ বাবে হয়তো এই চৰ-চাপৰিত বাস কৰা লোককে ধৰি সংখ্যালঘু লোকৰ স্বাৰ্থত জন্ম হৈছিল আমছু। আমজুৱে চৰ-চাপৰিত বাস কৰা লোককে ধৰি সংখ্যালঘু লোকৰ হৈ মাত আহিছে যদিও সেয়াওঁ আৱেগিক পূর্ণ। সকলো কাম আৱেগিক আন্দোলনৰ মাজেৰে সমাধান নহয়। ফলত আমছুৱেও তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্যত সফল হোৱাত এক বিৰাট প্রত্যাহ্বানজনক হৈ পৰিছে। আমডুৱে মাজে মাজে দুই এটি সৰু-সুৰা গণতান্ত্রিক আন্দোলন নাইবা বিবৃতিৰ জৰিয়তেই সংবাদ মাধ্যমৰ বাঘ হোৱাৰ বাহিৰে কাৰ্যত কোনো লক্ষ্যত সফল হোৱাটো পৰিলক্ষিত হোৱা নাই যদিও শেহতীয়াকৈ কৃষক মুক্তি সংগ্রাম সমিতিয়ে ২০ ছেপ্টেম্বৰৰ পৰা চৰ-চাপৰিত যিপদযাত্রা কাৰ্যসূচী হাতত লৈছে এই ক্ষেত্ৰত কৃষক মুক্তি সংগ্রাম সমিতিয়ে কিমান দূৰ সফল হব পাৰিব সেয়া লক্ষণীয় হ’ব। কিয়নো যদিহে অসমৰ চৰচাপৰিৰ সমস্যাৰ সম্পকত উল্লেখ কৰা যায় তেন্তে তাৰ ওৰ নপৰিব। অসমৰ চৰ-চাপৰিত বাস কৰা লোকসকলৰ জীৱনৰ প্রতিটো পল কেৱল দুখ আৰু বেদনাদায়ক। ৰাজ্যখনৰ মূল সমস্যা হিচাপে পৰিচিত বান আৰু গৰাহখহনীয়াৰ বাবে চৰচাপৰিতবাস কৰা লোকসকলৰ বাসগৃহসমূহ এবাৰ-দুবাৰ নহয়, তেৰবাৰৰো অধিক স্থানান্তৰ কৰাৰো নজিৰ আছে। বাংলাদেশীৰ ষ্টাম্প তথা ‘ডি’ ভোটাৰৰ নামত হাৰাশাস্তিতো আছেই। তাৰোপৰি নাই উপযুক্ত শিক্ষা, স্বাস্থ্য, যাতায়ত, অনাময়, বিদ্যুৎ যোগান, বিশুদ্ধ খোৱাপনী, বেংক সেৱা ইত্যাদি ব্যৱস্থা। পাৰিবনে কৃষক মুক্তি সংগ্রাম সমিতিয়ে এইসকল চৰ-চাপৰিৰ বেদনাক আঁতৰ কৰিব। যি কৃষক মুক্তিয়ে বৃহৎ নদী বান্ধৰ বিৰোধীতা কৰি তাৰ কাম স্থগিত কৰা, ভূমি-পট্টাৰ আন্দোলন কৰি ভূমিহীন লোকক পট্টা দিয়াৰ বাবে চৰকাৰে বাধ্য কৰোৱা ইত্যাদি কাম যদি কৃষক মুক্তিয়ে পাৰিছে তেন্তে এইবাৰ হয়তো চৰ-চাপৰিৰ বাবেও আশনৰূপ ফল দিব বুলি অখিল গগৈৰ ফালৰ পৰা লাভ কৰিব পাৰো। এতিয়া প্রশ্ন হয়- হঠাৎ অখিল গগৈ তথা কৃষক মুক্তি সংগ্রাম সমিতিৰ সংখ্যালঘু লোকৰ প্রতি দৰদ উপজিল কিয় ? এনে প্রশ্নৰ উত্তৰত কৃষক মুক্তি সংগ্রাম সমিতিৰ সংখ্যলঘু নেতা ৰাতুল হুছেইনৰ নাম উল্লেখযোগ্য। কিয়নো কৃষক মুক্তি সংগ্রাম সমিতিত আছে প্রতিটো জাতি-জনগোষ্ঠীৰ অসমীয়া লোক। ফলত কৃষক মুক্তি সংগ্রাম সমতিয়ে সকলো জাতি-জনগোষ্ঠীৰ হৈ মাত মতাৰ বাবে সহায়ক হৈ পৰে। যাৰ বাবেই সংগঠনটােৰ শেহতীয়া যি চৰ-চাপৰিৰ পদযাত্রা এই ক্ষেত্ৰত সংখ্যালঘু নেতাৰ ভূমিকা অধিক আৰু এই ক্ষেত্ৰত ৰাতুল হুছেইনৰ নাম অধিক চর্চালৈ আহিছে। কোন এই ৰাতুল হুছেইন? কৃষক মুক্তি সংগ্রাম সমিতিৰ কৃষক নেতা ৰাতুল হুছেইন ইয়াৰ পূর্বে কেবাবাৰো বাতৰিৰ শিৰোনাম দখল কৰিছিল। কৃষক মুক্তি সংগ্রাম সমিতিৰ সৈতে পোনপটীয়াকৈ জড়িত থাকি প্রতিটো জাতি-জনগোষ্ঠীৰ অসমীয়াৰ হকে মাত মাতি অহাৰ লগতে শেহতীয়াকৈ যোৱা ১ আৰু ২ মে’ত বিটিএডিৰ নৰসংহাৰ কাণ্ডৰ আপোচহীন প্রতিবাদ কৰিবলৈ গৈ আৰক্ষীৰ এক ভুৱা গোচৰত ডেৰ মাহ জেল খাটিবলগীয়া হৈছিল। এতিয়া হয়তো বহুতে ভবাৰ দৰে এই লিখনিত ৰাতুল হুছেইনৰ নাম উল্লেখ হল কিয়। ৰাতুল হুছেইন কৃষক মুক্তিৰ এগৰাকী সক্রিয় নেতা আৰু এই ৰাতুল হুছেইনৰ দৰে এগৰাকী সংখ্যালঘু নেতা কৃষক মুক্তি সংগ্রাম সমিতিত থকাৰ বাবেই সংগঠনটোৱে সংখ্যালঘুৰ হৈ মাত মাতিবলৈ আগভাগ লৈছে। বিভিন্ন সংবাদ মাধ্যমত শিৰোনাম দখল কৰা অনুসৰি সংখ্যালঘু লোকৰ মাজত কৃষক মুক্তি সংগ্রাম সমিতিৰ বীজ বিয়পোৱাৰ ক্ষেত্ৰত এইগৰাকী সংখ্যালঘু সম্প্রদায়ৰ নেতা ৰাতুল হুছেইনৰ ভূমিকা অধিক। যিহেতু সংখ্যালঘু লোকৰ মাজত কৃষক মুক্তি সংগ্রাম সমিতিৰ বীজ বিয়পোৱাৰ ক্ষেত্ৰত এইগৰাকী সংখ্যালঘু সম্প্রদায়ৰ নেতা ৰাতুল হুছেইনৰ ভূমিকা অধিক আৰু পূর্বেই উল্লেখ কৰা অনুসৰি সংগঠনটাে এটা ধর্ম নিৰপেক্ষ হিচাপে স্বীকৃতি লাভ কৰিছে, তেনে মূহুৰ্ত্তত কৃষক মুক্তি সংগ্রাম সমিতিয়ে চৰ-চাপৰি কিয় অসমৰ সংখ্যালঘু লোকৰ হৈ মাত মতাটো স্বাভাৱিক। কিন্তু উল্লেখ কৰিলে নহব যে- অসমৰ এই সংখ্যালঘু লোকসকলে কিমানদূৰ গ্ৰহণ কৰিব কৃষক নেতা ৰাতুল হুছেইনৰ সহযোগত অখিল গগৈৰ এই চৰ-চাপৰি পদযাত্রা কাৰ্যসূচী। ৰাতুল হুছেইনে সংগঠনটোত এগৰাকী সংখ্যালঘু নেতা হিচাপে তথা সংগঠনটোত থাকি সংখ্যালঘু লোকৰ হৈ মাত মাতি আহিছে যদিও অসমৰ সংখ্যালঘু লোকক জাতীয়তাবাদী সংগঠনে কৰি অহা বাংলাদেশীৰ ষ্টাম্প তথা অবৈধ বাংলাদেশী, ডি’ ভোটাৰৰ নামত হাৰাশাস্তিৰ লগতে বান আৰু গৰাহখহনীয়া সমস্যা সন্দৰ্ভত কেনে ভূমিকা পালন কৰিব? নে নিজকে কৃষক মুক্তি সংগ্রাম সমিতিৰ সংখ্যালঘু সংগ্রামী নেতা বুলি জাহিৰ কৰি সংখ্যালঘু লোকৰ আপোন হৈ সংখ্যালঘু লোকসকক অখিল গগৈ নেতৃত্বাধীন কৃষক মুক্তি সংগ্রাম সমিতিৰ হাতত বিক্ৰী কৰাৰ বাবে কোনোধৰণৰ অপচেষ্টা কৰা নাইতো? অসমৰ সংখ্যালঘু লোকসকলক ৰাতুল হুছেইনৰ জৰিয়তে কৃষক নেতা অখিল গগৈয়ে কোনো ধৰণৰ নতুন কৌশল ৰচনা কৰা নাইতো? এনে প্রশ্নৰ প্রতিও দৃষ্টি আকর্ষণ কৰাৰ প্রয়োজন আছে অসমৰ সংখ্যালঘু লোকসকলৰ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ এনে সংখ্যালঘু দৰদী কিমান দূৰ সফলতা কঢ়িয়াই আনিব পাৰিব সেয়া সময়তহে হে লক্ষণীয় হব।

  • GET A FREE QUOTE NOW

    Lorem ipsum dolor sit amet, consectetuer adipiscing elit, sed diam nonummy nibh euismod tincidunt ut laoreet dolore magna aliquam erat volutpat.

    ADDRESS

    #B-II, House No. 6, Nilkamal Path, Hatigaon, Guwahati- 781038

    EMAIL

    jamanur786@mail.com
    bulbuljamanur@yahoo.com

    CELLPHONE

    +91 94 35 98 32 35

    TELEPHONE

    **********,