• ৰহস্যৰ আৱৰ্ত্তত চৰ-চাপৰিত কৃষক মুক্তিৰ পদযাত্ৰা আৰু সংখ্যালঘু নেতা ৰাতুল হুছেইনৰ ভূমিকা

    ঃ ছৈয়দ বুলবুল জামানুৰ হ’ক

    কৃষক মুক্তি সংগ্রাম সমিতি, অসমৰ সাম্প্রতিক প্রেক্ষাপটত ধর্মনিৰপেক্ষ সংগঠনৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা এটা সংগঠন। কৃষক মুক্তি সংগ্রাম সমিতিক ধর্মনিৰপেক্ষ সংগঠন বুলি উল্লেখ কৰাৰ বাবে পাঠক সমাজৰ বহুতে হয়তো বহুধৰণে ভাবিব যদিও আজিৰ প্রেক্ষাপটত প্রতিটো জাতি-জনগোষ্ঠীয়ে নিজ নিজ জাতি-জনগোষ্ঠীৰ সর্বাংগীন উন্নয়ন তথা সমস্যা সমূহ সমাধানৰ বাবে পৃথকে পৃথকে ছাত্র সংগঠনকে ধৰি বিভিন্ন সংগঠনৰ জন্ম দিছে আৰু আন্দোলনৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে। ফলত সংগঠনসমূহৰ যি ধর্মনিৰেপক্ষতা তাৰ স্থান প্রায় নিঃশেষ হৈ পৰিছে। হয়তো ইয়াৰ উদাহৰণ দিয়াৰ প্রয়োজন নহলেও উল্লেখ কৰিব পাৰো যে-আমাৰ দেশ ভাৰতবৰ্ষ ধর্মনিৰপেক্ষ আৰু অসমখন এই ভাৰতৰে এটি অংগ। অসমত যেতিয়া ছাত্র সংগঠন আছুৰ পৰা ফালৰি কাটি আহি আহি বিভিন্ন ছাত্র সংগঠন বা আন আন সংগঠনৰ জন্ম হবলৈ ধৰে তেতিয়াৰ পৰাই ৰাজ্যখনত হয়তো সৃষ্টি হবলৈ ধৰিছিল এক সাম্প্রদায়িক উকমুকনিৰ ফলত সাম্প্রতিক সময়ত যেন আছু হৈ গ’ল অসমীয়া জাতিটোৰ ছাত্র সংগঠন, সংখ্যালঘুৰ স্বার্থত আমছ, বাঙালীৰ স্বাৰ্থত বাঙালী যুৱ ছাত্র ফেডাৰচেন, কোচ-ৰাজবংশীসকলৰ স্বাৰ্থত আক্ৰাছ ইত্যাদি...। একেদৰে সৃষ্টি হ’ল এটি সংগঠনৰ বিৰুদ্ধে আন এটি সংগঠনৰ মাজত যেন শীতল যুদ্ধ। এটা সংগঠনে তেওঁলোকৰ জাতি জনগোষ্ঠীৰ বাবে যি দাবী উত্থাপন কৰে আন এটা সংগঠনে তাৰ বিৰোধীতা কৰে। তেন্তে অসমৰ উন্নতি কেনেদৰে সম্ভৱ ? কাৰণ অসমৰ উন্নতি হ’বলৈ হ’লে অসমত বাস কৰা প্রতিটো জাতি-জনগোষ্ঠীৰ সর্বাংগীন উন্নয়ন হ’লেহে অসমৰ উন্নতি। তেনে ক্ষেত্ৰত ৰাজ্য এখন উন্নতিৰ পথলৈ আগবঢ়াই নিয়াৰ অন্যতম গুৰিধৰোতা যুৱক সমাজ তথা সংগঠনসমূহৰ এনে বিভাজনকামীসকলে প্রকৃততে অসমৰ উন্নয়ন বিচাৰিছিল নে? যদি সেয়াই হয় অসমৰ জাতীয়তাবাদী সংগঠন আছুৰ পৰা কিয় ফালৰি কাটি আহিল বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক? কিয় আহিবলগীয়া হ’ল? কিয় অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক একতাৰ বান্ধোনত একত্রিত কৰি ৰাখিব নোৱাৰিলে জাতীয়তাবাদী সংগঠনে? সেয়া হয়তো নজনা কোনো নহয়। জাতীয়তাবাদী সংগঠনে কোনটাে অসমৰ উন্নতি বিচাৰিছিল। কেৱল অসমত বাস কৰা আসমীয়াৰ। তেন্তে তেওঁলোকৰ দৃষ্টিত অসমত বাস কৰা আন আন জাতি-জনগোষ্ঠীৰ লোক অসমীয়া নহয়নে ? এনেধৰণৰ বিভিন্ন প্রশ্নৰ উত্তৰ বিচাৰিলে অসমত কোনো জুই বিয়পাইছে, কোনে সাম্প্রদায়িকতাৰ সৃষ্টি কৰিছে, কোনে অসমৰ উন্নতিত বাধা প্রদান কৰিছে সেয়া হয়তো স্পষ্ট ফুটি আহে। এনেদৰে দৰে বিভাজিত হৈ হৈ আহি অৱশেষত প্রথমে কৃষকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত জন্ম ললে কৃষক মুক্তি নামৰ এটি সংগঠন। যত স্থান পালে প্ৰতিগৰাকী অসমীয়া, মুছলমান, বঙালী, বড়ো ইত্যাদি জাতি-জনগোষ্ঠীৰ লোক। যাক সচা অৰ্থত অসমীয়া বুলি কোৱা হয়। আৰম্ভণিৰপৰাই সংগঠনটোৰ নেতা অখিল গগৈয়ে সম্পাদক পদত থাকি যেনেদৰে বিভিন্ন সমস্যাৰ বিৰুদ্ধে মাত মাতি আহিছিল, পিছলৈ এইগৰাকী নেতাই সংগঠনটোৰ সভাপতি পদত অধিষ্ঠিত হৈয়ো সেই একে ভংগীমাৰে ৰাজ্য আৰু ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ বিৰুদ্ধে মাত মাতি আহিছে। অৱশ্যে কৃষক মুক্তি সংগ্রাম সমিতিৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি সেয়াও কিন্তু আজিৰ দিনতো সন্দেহজনক। কিয়নো সংগঠনটােৰ কোনো এটা নিৰ্দ্দিষ্ট উদ্দেশ্য আৰু লক্ষ্য এতিয়ালৈকে স্পষ্ট ফুটি উঠা নাই। তাৰে মাজতে এবাৰ যদি নদী বান্ধ বিৰোধী, আন এবাৰ ভূমি পট্টা আন্দোলন, আকৌ ভুৱা বিত্তীয় প্রতিষ্ঠান আদি কৰি বিভিন্ন ব্যতিক্রমী আন্দোলনেৰে অসমবাসীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। অখিল গগৈৰ নেতৃত্বাধীন কৃষক মুক্তি সংগ্রাম সমিতিৰ এনে বহুতো ব্যতিক্রমী আন্দোলনৰ বাবে হয়তো ৰাজ্যখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। 
    ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ এনে বিভিন্ন সমস্যাৰ বিৰুদ্ধে মাত মাতি অহাৰ পিছত শেহতীয়াকৈ কৃষক মুক্তি সংগ্রাম সমিতিয়ে নামনি অসমৰ ইতিহাস, ভূগোল, আর্থসামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক সমস্যা সন্দৰ্ভত যোৱা ২০ ছেপ্টেম্বৰৰ পৰা চৰ-চাপৰিত যি পদযাত্রা কার্যসূচী হাতত লৈছে সেয়া নিশ্চয়কৈ শলাগিবলগীয়া। কিয়নো চৰ-চাপৰিত বাস কৰা এশ শতাংশই লোক হৈছে ধর্মীয় সংখ্যালঘু লোক। জাতীয়তাবাদী সংগঠন আছুৱে এইসলক লোকৰ সপক্ষে তথা চৰ-চাপৰিৰ বিভিন্ন সমস্যা সন্দৰ্ভত কোনো দিনেও মাত এষাৰ নুলিওৱাৰ বাবে হয়তো এই চৰ-চাপৰিত বাস কৰা লোককে ধৰি সংখ্যালঘু লোকৰ স্বাৰ্থত জন্ম হৈছিল আমছু। আমজুৱে চৰ-চাপৰিত বাস কৰা লোককে ধৰি সংখ্যালঘু লোকৰ হৈ মাত আহিছে যদিও সেয়াওঁ আৱেগিক পূর্ণ। সকলো কাম আৱেগিক আন্দোলনৰ মাজেৰে সমাধান নহয়। ফলত আমছুৱেও তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্যত সফল হোৱাত এক বিৰাট প্রত্যাহ্বানজনক হৈ পৰিছে। আমডুৱে মাজে মাজে দুই এটি সৰু-সুৰা গণতান্ত্রিক আন্দোলন নাইবা বিবৃতিৰ জৰিয়তেই সংবাদ মাধ্যমৰ বাঘ হোৱাৰ বাহিৰে কাৰ্যত কোনো লক্ষ্যত সফল হোৱাটো পৰিলক্ষিত হোৱা নাই যদিও শেহতীয়াকৈ কৃষক মুক্তি সংগ্রাম সমিতিয়ে ২০ ছেপ্টেম্বৰৰ পৰা চৰ-চাপৰিত যিপদযাত্রা কাৰ্যসূচী হাতত লৈছে এই ক্ষেত্ৰত কৃষক মুক্তি সংগ্রাম সমিতিয়ে কিমান দূৰ সফল হব পাৰিব সেয়া লক্ষণীয় হ’ব। কিয়নো যদিহে অসমৰ চৰচাপৰিৰ সমস্যাৰ সম্পকত উল্লেখ কৰা যায় তেন্তে তাৰ ওৰ নপৰিব। অসমৰ চৰ-চাপৰিত বাস কৰা লোকসকলৰ জীৱনৰ প্রতিটো পল কেৱল দুখ আৰু বেদনাদায়ক। ৰাজ্যখনৰ মূল সমস্যা হিচাপে পৰিচিত বান আৰু গৰাহখহনীয়াৰ বাবে চৰচাপৰিতবাস কৰা লোকসকলৰ বাসগৃহসমূহ এবাৰ-দুবাৰ নহয়, তেৰবাৰৰো অধিক স্থানান্তৰ কৰাৰো নজিৰ আছে। বাংলাদেশীৰ ষ্টাম্প তথা ‘ডি’ ভোটাৰৰ নামত হাৰাশাস্তিতো আছেই। তাৰোপৰি নাই উপযুক্ত শিক্ষা, স্বাস্থ্য, যাতায়ত, অনাময়, বিদ্যুৎ যোগান, বিশুদ্ধ খোৱাপনী, বেংক সেৱা ইত্যাদি ব্যৱস্থা। পাৰিবনে কৃষক মুক্তি সংগ্রাম সমিতিয়ে এইসকল চৰ-চাপৰিৰ বেদনাক আঁতৰ কৰিব। যি কৃষক মুক্তিয়ে বৃহৎ নদী বান্ধৰ বিৰোধীতা কৰি তাৰ কাম স্থগিত কৰা, ভূমি-পট্টাৰ আন্দোলন কৰি ভূমিহীন লোকক পট্টা দিয়াৰ বাবে চৰকাৰে বাধ্য কৰোৱা ইত্যাদি কাম যদি কৃষক মুক্তিয়ে পাৰিছে তেন্তে এইবাৰ হয়তো চৰ-চাপৰিৰ বাবেও আশনৰূপ ফল দিব বুলি অখিল গগৈৰ ফালৰ পৰা লাভ কৰিব পাৰো। এতিয়া প্রশ্ন হয়- হঠাৎ অখিল গগৈ তথা কৃষক মুক্তি সংগ্রাম সমিতিৰ সংখ্যালঘু লোকৰ প্রতি দৰদ উপজিল কিয় ? এনে প্রশ্নৰ উত্তৰত কৃষক মুক্তি সংগ্রাম সমিতিৰ সংখ্যলঘু নেতা ৰাতুল হুছেইনৰ নাম উল্লেখযোগ্য। কিয়নো কৃষক মুক্তি সংগ্রাম সমিতিত আছে প্রতিটো জাতি-জনগোষ্ঠীৰ অসমীয়া লোক। ফলত কৃষক মুক্তি সংগ্রাম সমতিয়ে সকলো জাতি-জনগোষ্ঠীৰ হৈ মাত মতাৰ বাবে সহায়ক হৈ পৰে। যাৰ বাবেই সংগঠনটােৰ শেহতীয়া যি চৰ-চাপৰিৰ পদযাত্রা এই ক্ষেত্ৰত সংখ্যালঘু নেতাৰ ভূমিকা অধিক আৰু এই ক্ষেত্ৰত ৰাতুল হুছেইনৰ নাম অধিক চর্চালৈ আহিছে। কোন এই ৰাতুল হুছেইন? কৃষক মুক্তি সংগ্রাম সমিতিৰ কৃষক নেতা ৰাতুল হুছেইন ইয়াৰ পূর্বে কেবাবাৰো বাতৰিৰ শিৰোনাম দখল কৰিছিল। কৃষক মুক্তি সংগ্রাম সমিতিৰ সৈতে পোনপটীয়াকৈ জড়িত থাকি প্রতিটো জাতি-জনগোষ্ঠীৰ অসমীয়াৰ হকে মাত মাতি অহাৰ লগতে শেহতীয়াকৈ যোৱা ১ আৰু ২ মে’ত বিটিএডিৰ নৰসংহাৰ কাণ্ডৰ আপোচহীন প্রতিবাদ কৰিবলৈ গৈ আৰক্ষীৰ এক ভুৱা গোচৰত ডেৰ মাহ জেল খাটিবলগীয়া হৈছিল। এতিয়া হয়তো বহুতে ভবাৰ দৰে এই লিখনিত ৰাতুল হুছেইনৰ নাম উল্লেখ হল কিয়। ৰাতুল হুছেইন কৃষক মুক্তিৰ এগৰাকী সক্রিয় নেতা আৰু এই ৰাতুল হুছেইনৰ দৰে এগৰাকী সংখ্যালঘু নেতা কৃষক মুক্তি সংগ্রাম সমিতিত থকাৰ বাবেই সংগঠনটোৱে সংখ্যালঘুৰ হৈ মাত মাতিবলৈ আগভাগ লৈছে। বিভিন্ন সংবাদ মাধ্যমত শিৰোনাম দখল কৰা অনুসৰি সংখ্যালঘু লোকৰ মাজত কৃষক মুক্তি সংগ্রাম সমিতিৰ বীজ বিয়পোৱাৰ ক্ষেত্ৰত এইগৰাকী সংখ্যালঘু সম্প্রদায়ৰ নেতা ৰাতুল হুছেইনৰ ভূমিকা অধিক। যিহেতু সংখ্যালঘু লোকৰ মাজত কৃষক মুক্তি সংগ্রাম সমিতিৰ বীজ বিয়পোৱাৰ ক্ষেত্ৰত এইগৰাকী সংখ্যালঘু সম্প্রদায়ৰ নেতা ৰাতুল হুছেইনৰ ভূমিকা অধিক আৰু পূর্বেই উল্লেখ কৰা অনুসৰি সংগঠনটাে এটা ধর্ম নিৰপেক্ষ হিচাপে স্বীকৃতি লাভ কৰিছে, তেনে মূহুৰ্ত্তত কৃষক মুক্তি সংগ্রাম সমিতিয়ে চৰ-চাপৰি কিয় অসমৰ সংখ্যালঘু লোকৰ হৈ মাত মতাটো স্বাভাৱিক। কিন্তু উল্লেখ কৰিলে নহব যে- অসমৰ এই সংখ্যালঘু লোকসকলে কিমানদূৰ গ্ৰহণ কৰিব কৃষক নেতা ৰাতুল হুছেইনৰ সহযোগত অখিল গগৈৰ এই চৰ-চাপৰি পদযাত্রা কাৰ্যসূচী। ৰাতুল হুছেইনে সংগঠনটোত এগৰাকী সংখ্যালঘু নেতা হিচাপে তথা সংগঠনটোত থাকি সংখ্যালঘু লোকৰ হৈ মাত মাতি আহিছে যদিও অসমৰ সংখ্যালঘু লোকক জাতীয়তাবাদী সংগঠনে কৰি অহা বাংলাদেশীৰ ষ্টাম্প তথা অবৈধ বাংলাদেশী, ডি’ ভোটাৰৰ নামত হাৰাশাস্তিৰ লগতে বান আৰু গৰাহখহনীয়া সমস্যা সন্দৰ্ভত কেনে ভূমিকা পালন কৰিব? নে নিজকে কৃষক মুক্তি সংগ্রাম সমিতিৰ সংখ্যালঘু সংগ্রামী নেতা বুলি জাহিৰ কৰি সংখ্যালঘু লোকৰ আপোন হৈ সংখ্যালঘু লোকসকক অখিল গগৈ নেতৃত্বাধীন কৃষক মুক্তি সংগ্রাম সমিতিৰ হাতত বিক্ৰী কৰাৰ বাবে কোনোধৰণৰ অপচেষ্টা কৰা নাইতো? অসমৰ সংখ্যালঘু লোকসকলক ৰাতুল হুছেইনৰ জৰিয়তে কৃষক নেতা অখিল গগৈয়ে কোনো ধৰণৰ নতুন কৌশল ৰচনা কৰা নাইতো? এনে প্রশ্নৰ প্রতিও দৃষ্টি আকর্ষণ কৰাৰ প্রয়োজন আছে অসমৰ সংখ্যালঘু লোকসকলৰ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ এনে সংখ্যালঘু দৰদী কিমান দূৰ সফলতা কঢ়িয়াই আনিব পাৰিব সেয়া সময়তহে হে লক্ষণীয় হব।

  • 0 comments:

    Post a Comment

    GET A FREE QUOTE NOW

    Lorem ipsum dolor sit amet, consectetuer adipiscing elit, sed diam nonummy nibh euismod tincidunt ut laoreet dolore magna aliquam erat volutpat.

    ADDRESS

    #B-II, House No. 6, Nilkamal Path, Hatigaon, Guwahati- 781038

    EMAIL

    jamanur786@mail.com
    bulbuljamanur@yahoo.com

    CELLPHONE

    +91 94 35 98 32 35

    TELEPHONE

    **********,